ETV Bharat / state

ধৈৰ্যৰ বান্ধ ছিগিল খহনীয়াগ্ৰস্ত ৰাইজৰ: বিধায়ক গামৰ সমূখতে টনা-আজোৰা, গঁতিয়াগতি

বিধায়ক, জিলা আয়ুক্তৰ সন্মুখতে খহনীয়া প্ৰতিৰোধ কাম লাভ কৰা ঠিকাদাৰক জবাবদিহি কৰিলে ৰাইজে ।

Public held the contractor accountable for the ineffective erosion control work in Majuli
খহনীয়া ৰোধৰ প্ৰসংগত বিধায়ক ভূৱন গামৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 22, 2025 at 3:32 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী: ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে চৰকাৰে আজিৰ তাৰিখত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও ব্ৰহ্মপুত্ৰৰ খহনীয়া আজিৰ তাৰিখতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে । মাজুলীৰ ভকত চাপৰিৰ বিভিন্ন অংশতো অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়া । শনিবাৰে ভকত চাপৰিৰ গৰুখুঁটিৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰে মাজুলীৰ বিধায়ক ভূৱন গাম আৰু মাজুলী জিলা আয়ুক্ত লগতে ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ বিষয়াই ।

ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ খহনীয়া প্ৰতিৰোধৰ কাম লাভ কৰা ঠিকাদাৰ তৰুণ দত্তক জিলা আয়ুক্ত, বিধায়কৰ সন্মুখতে জবাবদিহি কৰিলে ভকত চাপৰিবাসীয়ে । ঠিকাদাৰগৰাকীয়ে কাম লাভ কৰা পাছতো কোনো কাম নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । ব্ৰহ্মপুত্ৰৰ খহনীয়াত ইতিমধ্যে জাহ গৈছে ভকত চাপৰিৰ বিভিন্ন অঞ্চলৰ কৃষিভূমিৰ লগতে বিভিন্নজন লোকৰ বাসগৃহ । বৰ্তমান খহনীয়াত জাহ যোৱাৰ উপক্ৰম ঐতিহাসিক শ্ৰীশ্ৰী ভোলা মন্দিৰ, যিটো মন্দিৰ প্ৰতিষ্ঠা হৈছিল ১৯৭০ চনত ।

খহনীয়া ৰোধৰ প্ৰসংগত বিধায়ক ভূৱন গামৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

ভকত চাপৰিৰ গৰুখুঁটিৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াস্থলী পৰিদৰ্শন কৰি মাজুলীৰ বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, "ভকত চাপৰি অঞ্চলত খহনীয়া অব্যাহত আছে । খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে ধনৰাশি মোকোলাই দিয়াৰ পাছতো খহনীয়া প্ৰতিৰোধ কৰিব পৰা নাই ব্ৰহ্মপুত্ৰ ব'ৰ্ডে । খহনীয়া প্ৰতিৰোধৰ বাবে যি ধৰণে কাম চলিব লাগিছিল, সেই ধৰণে কাম হোৱা নাই ।"

স্থানীয় ৰাইজে কয়, "যি গৰাকী ঠিকাদাৰে এই খহনীয়া প্ৰতিৰোধৰ বাবে কাম কৰি আছে তেওঁক অতি সোনকালে কামৰ পৰা অব্যাহতি দিব লাগে আৰু তেওঁৰ লাইচেঞ্চ বাতিল কৰিব লাগে । ব্ৰহ্মপুত্ৰ ব'র্ডে বছৰ বছৰ ধৰি এই খহনীয়া প্ৰতিৰোধৰ কাম কৰি আছে যদিও কিন্তু এচপৰা মাটিও খহনীয়াৰ পৰা ৰখাব পৰা নাই ।"

লগতে পঢ়ক: এ চি এ ষ্টেডিয়াম টেষ্ট ক্ৰিকেটৰ খেলপথাৰ হোৱাটো গৌৰৱৰ কথা: হিমন্ত বিশ্ব শৰ্মা

বন, বন্যপ্ৰাণী আৰু পৰিৱেশ সুৰক্ষাৰ বাবে সমৰ্পিত এগৰাকী শিক্ষক, নিজৰ মাটিত গঢ়িছে অৰণ্য