ETV Bharat / state

ধোঁৱাচাঙত পৰিণত পাকাবেতবাৰী সমষ্টিৰ মনাকচা পানী যোগান আঁচনি

দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে জল জীৱন মিছনৰ পানী যোগান কেন্দ্ৰ ।

public drinking water crisis In Pakabetbari Barpeta
ধোঁৱাচাঙত পৰিণত মনাকচা পানী যোগান আঁচনি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 5, 2026 at 3:12 PM IST

3 Min Read
Choose ETV Bharat

জনীয়া : দেশৰ প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা অভিলাষী আঁচনি জল জীৱন মিছন এতিয়া বহু ঠাইত ধোঁৱাচাঙত উঠিছে । কিছুমান ঠাইত নল আছে যদিও জল নাপায় । ফলত দূষিত পানী খাবলগীয়া হৈছে সাধাৰণ ৰাইজে ।

জনস্বাস্থ্য কাৰিকৰী বিভাগ, বৰপেটা সংমণ্ডলৰ অন্তৰ্গত তথা পাকাবেতবাৰী সমষ্টিৰ মনাকচা পানী যোগান আঁচনিও দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাত হাবি জংঘলেৰে ভৰি ভূত বাংলাত পৰিণত হৈছে । ফলত এটুপি বিশুদ্ধ খোৱাপানী বিচাৰি ৰাইজে হাহাকাৰ কৰিব লগা হৈছে ।

ধোঁৱাচাঙত পৰিণত মনাকচা পানী যোগান আঁচনি (ETV Bharat Assam)

২০২১-২২ বৰ্ষত জেজেএম আঁচনিৰ ১ কোটি ৫১ লাখ ৬৭ হাজাৰ টকা খৰচ কৰি নিৰ্মাণ কৰি উলিওৱা পানী যোগান আঁচনিখন বৰ্তমান অকামিলা হৈ আছে । ফলত পানীৰ অভাৱত আয়ৰণযুক্ত দূষিত পানী সেৱন কৰিছে ।

এই সন্দৰ্ভত এজন স্থানীয় ব্য়ক্তিয়ে কয়, "এই আঁচনিখন ৰূপায়ণ কৰাৰ পিচত পৰীক্ষামূলকভাৱে তিনি-চাৰিদিন মান পানী দিছিল । তাৰ পাছত আৰু পানী দিয়া নাই । কৰ্মচাৰীক দৰমহা নিদিলে কিয় পানীৰ যোগান ধৰিব । আজিকালি কোনেও বিনা পইচাত কাম নকৰে । চৰকাৰে লাখ লাখ টকা ব্য়য় কৰি আমাৰ পথটোহে নষ্ট কৰিছে । ভাঙি-চিঙি যোৱা পানীৰ পাইপ আৰু টেপসমূহৰ মেৰামতি কৰি নিয়মীয়াকৈ পানী যোগান ধৰিব লাগে । "

ইফালে, পানীৰ পাইপ আৰু টেপসমূহ ভাঙি-চিঙি যোৱাৰ ফলত বিশুদ্ধ খোৱাপানীৰ পৰা অঞ্চলটোৰ ৰাইজ বঞ্চিত হৈছে । আঁচনিৰ নামত কোটি টকা ব্যয় কৰাৰ পাছতো ৰাইজে এতিয়া এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । চৰকাৰী বিভাগ আৰু ঠিকা প্ৰতিষ্ঠানৰ চৰম উদাসীনতাৰ বাবেই এই বৃহৎ অঞ্চলটোৰ জনসাধাৰণে এতিয়াও প্ৰদূষিত পানী ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে ।

public drinking water crisis In Pakabetbari Barpeta
ধোঁৱাচাঙত পৰিণত মনাকচা পানী যোগান আঁচনি (ETV Bharat Assam)

জল জীৱন আঁচনিৰ অধীনত ঘৰে ঘৰে পানী যোগান ধৰাৰ লক্ষ্য আছিল যদিও সেয়া ধোঁৱাচাঙত পৰিণত হৈছে । যিটো স্থানৰ পৰা ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ কথা আছিল, সেই স্থান এতিয়া বিষাক্ত সৰীসৃপৰ বাসস্থানলৈ পৰ্যবসিত হৈছে । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰৰ মইমতালিৰ বাবেই আঁচনিখন ৰাইজৰ কোনো কামত অহা নাই বুলি মন্তব্য কৰে ।

উল্লেখ্য যে এই আঁচনিখন চোৱাচিতা কৰাৰ বাবে এজন যুৱক নিয়োগ কৰিছিল যদিও বৰ্তমানলৈকে কোনো কাৰ্যকৰী হোৱা নাই । লগতে মাননীৰ পৰা বঞ্চিত আছে বুলি স্থানীয় ৰাইজে মন্তব্য় কৰিছে । প্ৰায় এবছৰ পূৰ্বে কাম সম্পূৰ্ণ হৈছে যদিও পৰীক্ষামূলকভাৱে দুই এদিন পানী যোগান ধৰিছিল যদিও তাৰ পাছৰে পৰাই আঁচনিখন সম্পূৰ্ণৰূপে বন্ধ হৈ আছে বুলি অভিযোগ উত্থাপন হৈছে । সেয়ে শীঘ্ৰে পাইপসমূহ মেৰামতি কৰি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক:চাৰি বছৰেই বিকল হৈ আছে চলচলীয়া পানী যোগান আঁচনি

ৰোগী-চিকিৎসক নহয়, বৰপেটাত সাপ-বেঙৰহে বাসস্থানলৈ পৰিণত হৈছে উপ-স্বাস্থ্য কেন্দ্ৰ

কলগাছিয়াত পথৰ মাজতে পুখুৰী সদৃশ গাঁত, সঘনাই দুৰ্ঘটনা

জলজীৱন মিছনৰ ভেঁকোভাওনা : আইৰণযুক্ত আৰু নদীৰ লেতেৰা পানীয়ে ভৰসা ৰাইজৰ