ETV Bharat / state

এশ বছৰ গৰকিলে এখন গাঁৱে, নহ'ল এটাও পথ পকী

পকীপথ নেদেখা এশ বছৰ গৰকা এখন পুৰণি গাঁও ৷ কিন্তু গাঁওখনক আজিও ঢুকি নাপালে উন্নয়নৰ পোহৰে ৷

Public demand to constructed dilapidated road at Kemi Village in Jonai
জৰাজীৰ্ণ পথৰেই কৰি আহিছে যাতায়ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 10, 2025 at 1:08 PM IST

3 Min Read
Choose ETV Bharat

জোনাই: চৌদিশে উন্নয়নৰ ঢাক-ঢোল বজাই থকা চৰকাৰৰ দৃষ্টিত আজিও পৰা নাই বহুকেইখন পিছপৰা গাঁও । বাকীবোৰ পিছৰে কথা ১০০ বছৰ গৰকা এখন গাঁৱে আজিকোপতি নেদেখিলে উন্নয়নৰ মুখ । বৃটিছে স্থাপন কৰা গাঁওখনৰ লোকসকলে আজিকোপতি যাতায়ত কৰে এটা কেঁচা পথেৰে । পকীপথ যেন তেওঁলোকৰ বাবে অলীক সপোন ।

গাঁওখন হৈছে জোনাই সমজিলাৰ অন্তৰ্গত তথা অৰুণাচল সীমান্তত থকা কেমি গাঁও ৷ ১৯২৪-২৫ চনত অৰ্থাৎ বৃটিছ চৰকাৰৰ দিনতে স্থাপন কৰা কেমি গাঁওখনে আজি প্ৰায় ১০০ বছৰ গৰকিলে যদিও আজিও বৃহত্তৰ কেমি গাঁওখনৰ ৰাইজে দেখা নাপালে পকীপথৰ ছাঁটোকো ৷ সম্ভৱত জোনাই সমজিলাৰ ভিতৰত পকীপথ নথকা একমাত্ৰ গাঁওখনেই হৈছে এই কেমি গাঁও ।

এশ বছৰ গৰকিলে এখন গাঁৱে, নহ'ল এটাও পথ পকী (ETV Bharat Assam)

কাৰণ জোনাই সমজিলাৰ অন্তৰ্গত গাঁৱে-ভূঞে চৰকাৰে পথসমূহ প্ৰায় পকী কৰিলে যদিও কেমি গাঁৱৰ বিধ্বস্ত বাট-পথসমূহত আজিকোপতি আৰম্ভ নহ’ল পকীপথৰ কাম ৷ স্থানীয় ৰাইজৰ মতে-তিনিটাকৈ চুবুৰি থকা বৃহত্তৰ কেমি গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰি অহাৰ পিছতো আজিকোপতি লাভ কৰিবলৈ সক্ষম নহ’ল সূচল যাতায়তৰ বাবে এটাও পকীপথ ৷

মাজে সময়ে পঞ্চায়তৰ দ্বাৰা এমজিৰেগা আঁচনিৰ জৰিয়তে পথবোৰত মাটি, শিল-বালি পেলাই মেৰামতি কৰি আহিছে যদিও এবছৰ নহওতে পুনৰ বিধ্বস্ত হৈ পৰে বাটপথসমূহ ৷ ফলত বাৰিষাৰ কথাতো বাদেই খৰালিতো যাতায়াতৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি ভুগি আহিছে চৰম যাতনা ৷

Public demand to constructed dilapidated road at Kemi Village in Jonai
শিল-বালি পেলাই মেৰামতি কৰি আহিছে পথচোৱা (ETV Bharat Assam)

উল্লেখ্য যে ১০০ বছৰ গৰকা তথা দেশে স্বাধীনতা পোৱাৰ আজি প্ৰায় ৭৮ বছৰ পিছতো অসম চৰকাৰে সীমান্তৱৰ্তী কেমি গাঁৱৰ ৰাইজক সুচল যাতায়াতৰ বাবে গাঁওখনত পকীপথ নিৰ্মাণ কৰি দিয়াৰ সদিচ্ছা নথকাত ক্ষোভ প্ৰকাশ কৰে গাঁওখনৰ ৰাইজে ৷ ইফালে কেমি-ঐৰামঘাটবাসী ৰাইজৰ অন্য এক জলন্ত সমস্যা হৈছে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা চিলে নদীখন ৷

Public demand to constructed dilapidated road at Kemi Village in Jonai
কিন্তু গাঁওখনক আজিও ঢুকি নাপালে উন্নয়নৰ পোহৰে (ETV Bharat Assam)

চিলে নদীখনৰ বাবেই বৃহত্তৰ অঞ্চলতোৰ ৰাইজে বছৰ বছৰ ধৰি প্ৰত্যক্ষভাৱে জোনাই সদৰৰ সতে যাতায়াত কৰিব নোৱাৰাত অৰুণাচলৰ ভুমিয়েদি জোনাই সদৰলৈ বিভিন্ন কাম-কাজৰ বাবে আহিবলগীয়া হোৱাত অঞ্চলটোৰ ৰাইজে বহু সময়ত সন্মুখীন হ’ব লগীয়া হয় দুৰ্ভোগৰ ৷

অৱশ্যে কেমি-ঐৰামঘাটবাসী ৰাইজে বিভিন্ন সময়ত কৰি অহা আবেদন-নিবেদনৰ প্ৰতি সহাৰি জনাই সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে চিলে নদীৰ ওপৰত এখন লোহাৰ দলং স্থাপন কৰি বৃহত্তৰ অঞ্চলতোৰ ৰাইজক যাতায়তৰ ক্ষেত্ৰত সাময়িকভাৱে হ'লেও কিছু সকাহ দিছে ।

Public demand to constructed dilapidated road at Kemi Village in Jonai
পকীপথ নেদেখা এশ বছৰ গৰকা এখন পুৰণি গাঁও (ETV Bharat Assam)

কিন্তু চিলে নদীৰ ওপৰত স্থায়ীভাৱে এখন পকী দলং নিৰ্মাণ কৰি যাতায়াতৰ ক্ষেত্ৰত অঞ্চলটোৰ দীৰ্ঘদিনীয়া এক সমস্যা সমাধান কৰি দিবলৈ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৰ লগতে অসম চৰকাৰক আহ্বান জনাই অঞ্চলটোৰ ৰাইজে ৷

এই সন্দৰ্ভত এগৰাকী স্থানীয় লোকে কয়,"আমাৰ গাঁওখন আটাইতকৈ পুৰণা গাঁও হয়, এই জোনাই ম'হকুমাৰ ভিতৰত । ইমান বছৰ আমি ইয়াতেই আছোঁ । চৰকাৰে সম বিকাশ আৰু সম-অধিকাৰ বুলি ঘোষণা কৰিছে । কিন্তু আমাৰ ইয়াত একো হোৱা নাই । পথৰ পকীকৰণ আমি বিচাৰি আছোঁ, দলং বিচাৰি আছোঁ, কিন্তু নাই পোৱা ।"

লগতে পঢ়ক: গৌৰৱ গগৈৰ ফেচবুক একাউণ্ট মিঞাই চলায়: বিজেপিত যোগদান কৰিয়েই প্ৰফুল্ল কুমাৰ দাসৰ কংগ্ৰেছক আক্ৰমণ

পৰ্বতসম ঋণৰ ৬৫ শতাংশ হিতাধিকাৰী আঁচনিত খৰচ চৰকাৰৰ, ঋণ লৈ মাৰিছে ঋণৰ সূত: ৰিপুণ বৰা