ETV Bharat / state

অসাৰ হ’ল মন্ত্ৰীৰ প্ৰতিশ্ৰুতি, ৰাইজে খেতিৰ মাটি এৰি দিয়াৰ পিছতো স্থাপন নহ'ল আদৰ্শ বিদ্যালয়

মন্ত্ৰী বিমল বড়াই বিদ্যালয় স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিও কাৰ্যকৰী নহ’ল ৷

Public demand for establish of a model high school
ৰাইজে খেতিৰ মাটি এৰি দিয়াৰ পিছতো নহ'ল আদৰ্শ বিদ্যালয় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 20, 2026 at 2:54 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : চাহ বাগিচাৰ শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে চাহ বাগিচাই বাগিচাই নিৰ্মাণ কৰিছিল আদৰ্শ বিদ্যালয় । বহু চাহ বাগিচাত ইতিমধ্যে আৰম্ভ হৈছে আদৰ্শ বিদ্যালয়সমূহত পাঠদান । কিন্তু অসম চৰকাৰে বাগিচাই বাগিচাই আদৰ্শ বিদ্যালয় স্থাপনৰ বাবে দিয়া প্ৰতিশ্ৰুতি অসাৰ হ'ল টিংখাং সমষ্টিৰ অন্তৰ্গত মৰাণৰ হালমাৰী চাহ বাগিচাত ।

বাগিচাখনত ২০১৯-২০ বৰ্ষতে স্থাপন হ'বলগা আদৰ্শ হাইস্কুলখন আজিও স্থাপন নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে আঞ্চলটোৰ ৰাইজৰ লগতে চাহ জনজাতি ছাত্ৰ সন্থাই । ৰাইজে বিদ্যালয় হ'ব বুলি নিজ নিজ খেতিৰ মাটিও এৰি দিছিল । সেই স্থান এতিয়া আৱৰিছে হাবি-জংঘলেৰে । হাবি-জংঘলৰ মাজত এতিয়া মদ-ভাঙৰ আড্ডা চলে বুলি অভিযোগ তুলিছে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই ।

মৰাণৰ হালমাৰী চাহ বাগিচাত আদৰ্শ বিদ্যালয় স্থাপনৰ দাবী তুলিলে চাহ জনজাতি ছাত্ৰ সন্থাই (ETV Bharat Assam)

দুলীয়াবাম চাহ বাগিচা আৰু হালমাৰী চাহ বাগিচাৰ মধ্যস্থলত স্থাপনৰ কথা আছিল আদৰ্শ বিদ্যালয়খন । ৰাইজে নিজৰ কৃষিভূমি এৰি দিয়াৰ পাছতো বিদ্যালয় স্থাপনৰ আধাৰশিলাও নকৰিলে মন্ত্ৰী তথা টিংখাঙৰ বিধায়কগৰাকীয়ে ।

বিদ্যালয়খন স্থাপন কৰি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক ক্ষেত্ৰত আগবঢ়াই নিবলৈ অঞ্চলটোৰ ৰাইজে বহুবাৰ মন্ত্ৰী বিমল বড়া, জিলা আয়ুক্তৰ লগতে শিক্ষা বিভাগক আহ্বান জনোৱাৰ পাছতো বিষয়টো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে চাহ জনজাতি ছাত্ৰ সন্থাই । চাহ জনজাতি ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰে বিদ্যালয়খন স্থাপনৰ দাবী তুলিছে ।

Public demand for establish of a model high school
ৰাইজে খেতিৰ মাটি এৰি দিয়াৰ পিছতো নহ'ল আদৰ্শ বিদ্যালয় (ETV Bharat Assam)

বিদ্যালয় নোহোৱা বাবে ছাত্ৰ-ছাত্ৰীয়ে দূৰত গৈ অধ্যয়ন কৰিব লগা হৈছে :

আজিও বিদ্যালয় নিৰ্মাণ নোহোৱাক লৈ চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াই কয়, "চাহ বাগিচাৰ শ্ৰমিক ৰাইজে নিজৰ খেতিৰ মাটিত বিদ্যালয় নিৰ্মাণ কৰিবলৈ এৰি দিছিল যদিও বিদ্যালয়খন নিৰ্মাণ নহ'ল । বিদ্যালয় নোহোৱা বাবে ছাত্ৰ-ছাত্ৰীসকল বহুত দূৰত গৈ অধ্যয়ন কৰিব লগা হৈছে । আহি থকা নিৰ্বাচনৰ আগে আগে বিদ্যালয়ৰ কাম আৰম্ভ হ'ব লাগে । বিদ্যালয়খন ইয়াত নিৰ্মাণ হ'লে ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নত যথেষ্ট উপকৃত হ'ব ।"

Public demand for establish of a model high school
ৰাইজে খেতিৰ মাটি এৰি দিয়াৰ পিছতো নহ'ল আদৰ্শ বিদ্যালয় (ETV Bharat Assam)

বিধায়কে বিদ্যালয় স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিও কাৰ্যকৰী নহ'ল :

সমগ্ৰ বিষয়টোক লৈ চাহ জনজাতি ছাত্ৰ সন্থাৰ আন এজন বিষয়ববীয়াই কয়, "২০১৯-২০ বৰ্ষতে সমগ্ৰ অসমৰ চাহ বাগিচাত আদৰ্শ বিদ্যালয় স্থাপন কৰিবলৈ দিয়া হৈছিল কিন্তু ইয়াত আজিও বিদ্যালয় স্থাপন নহ'ল । বিদ্যালয়খন নিৰ্মাণ কৰিবলৈ বহুবাৰ বিধায়ক, জিলা আয়ুক্ত, জিলা শিক্ষা বিভাগৰ বিষয়াৰ সৈতে আলোচনা মিলিত হৈছিলো । বিধায়কে বিদ্যালয় স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজি কাৰ্যকৰী নহ'ল । কৃষি ভূমি বিদ্যালয় নিৰ্মাণ কৰিবলৈ দান দিয়াৰ পাছতো কিয় আজিও আধাৰশিলা নহ'ল । কিয় বিদ্যালয় নিৰ্মাণ হোৱা নাই সেই কথা আমি জানিব বিচাৰো । বিদ্যালয়খন নিৰ্মাণ হ'লে ছাত্ৰ-ছাত্ৰী বহুত উপকৃত হ'ব, সেয়ে বিদ্যালয় স্থাপন কৰিবলৈ আহ্বান জনাইছো ।’’

লগতে পঢ়ক : বিৰোধী ঐক্যবদ্ধ হ'লে অসমত ভূমিকম্প নহয়, ছুনামি আহিব ! এইবাৰ অজাপৰ ভৱিষ্যদ্বাণী