ETV Bharat / state

গুৱাহাটীত প্ৰট'ন থেৰাপী কেন্দ্ৰ: কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত নতুন সংযোজন

গুৱাহাটীত হ'ব দেশৰ তৃতীয়টো প্ৰ'টন বীম থেৰাপী কেন্দ্ৰ । কি এই প্ৰ'টন থেৰাপী, কিদৰে হয় কৰ্কট ৰোগৰ চিকিৎসা ?

proton therapy in Assam
গুৱাহাটীত দেশৰ তৃতীয়টো প্ৰ'টন বীম থেৰাপী কেন্দ্ৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 2, 2026 at 7:52 PM IST

7 Min Read
Choose ETV Bharat

গুৱাহাটী : দেশৰ ভিতৰতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগীৰ হাৰ যথেষ্ট বেছি । শেহতীয়াকৈ অসমৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহলেও এই কথা স্বীকাৰ কৰিছে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে গড় হিচাপত ভাৰততকৈ অসমত কৰ্কট ৰোগীৰ হাৰ বেছি ।

ভাৰতত কৰ্কট ৰোগীৰ হাৰ হ'ল ১০৪ আৰু অসমত ১২৮ শতাংশ । যাৰ বাবে চৰকাৰে জিলাই জিলাই একোখন কৰ্কট হাস্পতাল স্থাপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । যাতে কৰ্কট ৰোগীসকলৰ বাবে চিকিৎসা সেৱা সহজলভ্য হয় ।

অসমত স্থাপন হ'ব দেশৰ তৃতীয়টো প্ৰ'টন বীম থেৰাপী কেন্দ্ৰ (ETV Bharat)

কৰ্কট ৰোগৰ চিকিৎসাৰ প্ৰতি লক্ষ্য ৰাখিয়েই অসম চৰকাৰে অত্যাধুনিক প্ৰযুক্তিগত চিকিৎসা ব্যৱস্থাৰ ক্ষেত্রতো বিশেষ গুৰুত্ব আৰোপ কৰিছে । তাৰেই আধাৰত অসম চৰকাৰে প্ৰ'টন বীম থেৰাপী কেন্দ্ৰ স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ।

proton therapy in Assam
অসমত স্থাপন হ'ব দেশৰ তৃতীয়টো প্ৰ'টন বীম থেৰাপী কেন্দ্ৰ (ETV Bharat)

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীনৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত স্থাপন হ'ব এই প্ৰ'টন বীম থেৰাপী । অসমৰ গুৱাহাটীত হ'ব দেশৰ তৃতীয়টো প্ৰ'টন থেৰাপী কেন্দ্ৰ ।

মুম্বাই আৰু চেন্নাইৰ পাছতে গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত হ'ব প্ৰ'টন থেৰাপী কেন্দ্ৰ । চেন্নাইৰ এপ'ল' আৰু মুম্বাইৰ টাটা মেম'ৰিয়েল চেণ্টাৰত প্ৰ'টন থেৰাপী কেন্দ্ৰ আছে । চৰকাৰী খণ্ডৰ চিকিৎসালয় হিচাপে প্ৰ'টন থেৰাপী কেন্দ্ৰ স্থাপন হোৱা অসম দেশৰ প্ৰথমখন ৰাজ্য হ'ব ।

proton therapy in Assam
অসমত স্থাপন হ'ব দেশৰ তৃতীয়টো প্ৰ'টন বীম থেৰাপী কেন্দ্ৰ (ETV Bharat)

প্ৰ'টন বীম থেৰাপীৰ বাবে শেহতীয়া ৰাজ্যিক কেবিনেটত ৬০০ কোটি টকা অনুমোদন জনোৱা হৈছিল । শীঘ্ৰেই গুৱাহাটীত কৰ্কট চিকিৎসাৰ অত্যাধুনিক প্ৰ'টন বীম থেৰাপী হ'ব । কিন্তু প্ৰ'টন বীম থেৰাপী কি ? কেনেকুৱা প্ৰ'টন বীম থেৰাপীৰ চিকিৎসা ? কেনে ৰোগীৰ বাবে প্ৰয়োজনীয় প্ৰ'টন থেৰাপী ? এই চিকিৎসা সেৱা অধিক ব্যয়বহুল নেকি ?

প্ৰ'টন থেৰাপীৰ এনে বিভিন্ন দিশ সামৰি ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ চিকিৎসা অধীক্ষক ডাঃ মণিগ্ৰীভা কৃষ্ণাত্রেয়ৰ সৈতে হোৱা ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।

প্ৰ'টন বীম থেৰাপীৰ প্ৰসংগত ডাঃ মণিগ্ৰীভা কৃষ্ণাত্রেয়ে কয়, "সাধাৰণতে ৰেডিয়েচন শৰীৰত প্ৰৱেশ কৰি কিছু পৰিমাণে ওলাই যায় । ওলাই যোৱাৰ সময়ত কাষৰ কলাবোৰত (Tissue) অলপ প্ৰভাৱ পৰে । কিন্তু প্ৰ'টনটো হৈছে পজিটিভলি চাৰ্জড (positively charged) এটা বীম আৰু হাই এনাৰ্জি হয় । হাই এনাৰ্জি হোৱাৰ ফলত নিৰ্দিষ্ট টিউমাৰটোত গৈ ধ্বংস কৰিব পাৰে ।"

proton therapy in Assam
দেশৰ ভিতৰত অসমত হ'ব প্ৰথম চৰকাৰী চিকিৎসালয়ত প্ৰ'টন বীম থেৰাপী কেন্দ্ৰ (ETV Bharat)

তেওঁ লগতে কয়, "প্ৰ'টনে কাষৰ কলাবোৰত কোনো প্ৰভাৱ নেপেলাই । প্ৰ'টনটো সাধাৰণতে ভাইটেল ষ্ট্ৰাকচাৰ থকা অৰ্গেন যেনে মগজু, স্পাইনেল কৰ্ড (spinal cord), চকুৰ টিউমাৰ আদি ক্ষেত্রত বহুত উপযোগী । চাৰ্জাৰী কৰিব নোৱাৰা টিউমাৰৰ ক্ষেত্রত প্ৰ'টন বীম দিব লাগে । প্ৰ'টন বীমটো শিশুৰ ক্ষেত্রত যথেষ্ট উপযোগী । কৰ্কট নোহোৱা কিছুমান জটিল টিউমাৰৰ ক্ষেত্রতো প্ৰ'টন বীম ব্যৱহাৰ কৰিব পাৰি । থেৰাপী হয় যদিও প্ৰ'টনটো পজিটিভলি চাৰ্জড হাই এনাৰ্জি । ৰেডিয়েচন থেৰাপীৰ অংশ যদিও এনাৰ্জিৰ উৎসটো বেলেগ বেলেগ হয় ।"

প্ৰ'টন থেৰাপীৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত ডাঃ মণিগ্ৰীভা কৃষ্ণাত্রেয়ে কয়, "প্ৰ'টন থেৰাপীৰ পাৰ্শ্বক্ৰিয়া বহুত কম । সাধাৰণ ৰেডিয়েচন থেৰাপীত টিউমাৰটোত হিট কৰাৰ লগতে কাষৰ কলাত প্ৰভাৱ পৰে। কিন্তু প্ৰ'টন থেৰাপীত নিৰ্দিষ্ট টিউমাৰটোত আঘাত কৰে । কাষত কোনো ক্ষতি নকৰে । সকলো কৰ্কট ৰোগ বা ৰোগীৰ ক্ষেত্রত প্ৰ'টন বীম থেৰাপীৰ প্ৰয়োজন নহয় । গুৰুত্বপূৰ্ণ অংগৰ জটিল কৰ্কট ৰোগৰ ক্ষেত্রত আৰু বিশেষকৈ শিশুৰ ক্ষেত্রত প্ৰ'টন থেৰাপী উপযোগী ।"

প্ৰ'টন থেৰাপী যথেষ্ট ব্যয়বহুল নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ডাঃ মণিগ্ৰীভা কৃষ্ণাত্রেয়ে কয়, "হয়, এইটো যথেষ্ট ব্যয়বহুল । তাৰ বাবে যিকোনো কৰ্কট ৰোগৰ ক্ষেত্রত প্ৰ'টন থেৰাপী ব্যৱহাৰ কৰাটো আমি উপযোগী বুলি নাভাবো । সকলো ৰোগীৰ বাবে প্ৰ'টন থেৰাপী নহয় । ব্যয়বহুল হ'লেও ইয়াৰ যথেষ্ট লাভালাভ আছে । অসমত প্ৰ'টন থেৰাপীৰ যথেষ্ট ব্যৱহাৰ হ'ব । কাৰণ ইয়াত ৰোগীৰ হাৰো যথেষ্ট বেছি । আকৌ কৈছো সকলো ৰোগীৰ বাবে প্ৰ'টন থেৰাপী নহয় । সাধাৰণতে ৰেডিয়েচনৰ বাবে ৰোগীৰ যথেষ্ট ভিৰ থাকে । যাৰ বাবে শাৰীত থাকিব লাগে । কিন্তু প্ৰ'টন থেৰাপীৰ ক্ষেত্রত তেনে নহ'ব । কাৰণ নিৰ্দিষ্ট ক্ষেত্রতহে প্ৰ'টন থেৰাপীৰ প্ৰয়োজন হয় ।"

আনহাতে প্ৰ'টন থেৰাপী সন্দৰ্ভত বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ তথা ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে কেতবোৰ দিশ সদৰি কৰে ।

টেলিফোনিক বাৰ্তালাপত ডাঃ কটকীয়ে কয়, "ৰেডিয়েচনৰ ক্ষেত্ৰত দুই ধৰণৰ ৰেডিঅ'থেৰাপী আছে । এটা হৈছে টেলি ৰেডিঅ'থেৰাপী আৰু এটা ব্ৰেকি ৰেডিঅ'থেৰাপী । টেলি ৰেডিঅ'থেৰাপীৰ ক্ষেত্ৰত উৎসটো দূৰত থাকে আৰু তাৰ পৰা নিৰ্গত হোৱা ৰেডিয়েচন টিউমাৰৰ মাজেদি পাৰ হৈ ওলাই যায় । আনটো হৈছে লিনিয়াৰ এক্সিলেৰেটৰ । য'ত এক্সৰে এনাৰ্জি বা ফ'টন এনাৰ্জি ব্যৱহৃত হয় । প্ৰ'টন থেৰাপীৰ ক্ষেত্ৰত প্ৰ'টন বীম ব্যৱহৃত হয় । বেছিক ইউনিট অব এলিমেণ্ট হৈছে এটা এটম । এটমত এটা নিউক্লিয়াছ থাকে ।

"নিউক্লিয়াছত প্ৰ'টন থাকে আৰু নিউট্ৰন থাকে । প্ৰ'টন হৈছে পজিটিভলি চাৰ্জড আৰু নিউট্ৰন হৈছে নিউট্ৰেল । পজিটিভলি চাৰ্জড প্ৰ'টন 'প্ৰটন থেৰাপী' মেচিনত ব্যৱহাৰ হয় । ইয়াৰ সুবিধা হৈছে যে প্ৰ'টন বীম বা ৰশ্মি সুস্থ কলাৰ মাজেদি যাওতে টাৰ্গেট বা টিউমাৰক আঘাত কৰাৰ আগতে কম এনাৰ্জি নিৰ্গত কৰে । কিন্তু টিউমাৰ বা টাৰ্গেটত আঘাত কৰাৰ লগে লগে পৰ্যাপ্ত তথা সৰ্বাধিক এনাৰ্জি নিৰ্গত কৰে । যিয়ে কৰ্কট ৰোগৰ ডিএনএটো নষ্ট বা ধ্বংস কৰি দিয়ে । আনহাতে এই ৰশ্মি সুস্থ কলাৰ মাজেৰে ওলাই যোৱাৰ সময়ত খুব কম এনাৰ্জি বিকৰণ হয় । যাৰ ফলত কাষৰ সুস্থ কলাসমূহৰ ক্ষতি খুব কম হয় ।" কটকীয়ে উল্লেখ কৰে ৷

ডাঃ কটকীয়ে লগতে কয়, "শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ যেনে মগজুৰ অপটিক নাৰ্ভৰ (optic nerve) কাষত বা ব্ৰেইন ষ্টেইনৰ কাষত হোৱা টিউমাৰ, হাওঁফাওঁ, স্তন, অগ্নাশয় বা প্ৰষ্ট্ৰেট কৰ্কট ৰোগৰ ক্ষেত্ৰত প্ৰ'টন থেৰাপী দিয়া হয় । যাতে লক্ষ্যৰ বাহিৰে অন্য কলা বা অংগত ক্ষতি নহয় । শৰীৰৰ গভীৰতাত থকা টিউমাৰৰ ক্ষেত্ৰত, ভাইটেল অংগৰ কাষত থকা টিউমাৰৰ ক্ষেত্ৰত প্ৰ'টন থেৰাপীয়ে যথেষ্ট ভাল কাম কৰে । কাৰণ ইয়াৰ ফলত কাষৰ সুস্থ কলাসমূহৰ ক্ষতি নকৰে বা গুৰুত্বপূৰ্ণ অংগৰ ক্ষতিসাধন নহয় । শিশুৰ কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰ'টন থেৰাপী যথেষ্ট ফলপ্ৰসূ ।"

চিকিৎসা ব্যয়ৰ প্ৰসংগত ডাঃ কটকীয়ে কয়, "প্ৰ'টন থেৰাপী ব্যয়বহুল বাবেই সহজলভ্য নহয় । অৱশ্যে চৰকাৰী চিকিৎসালয়ত ব্যক্তিগত হাস্পতালতকৈ খৰচ যথেষ্ট কম হ'ব । সকলো টিউমাৰৰ ক্ষেত্ৰতে প্ৰ'টন থেৰাপীৰ প্ৰয়োজন নাথাকে । ভাৰতৰ ভিতৰত গুৱাহাটীৰ এইটো তৃতীয় প্ৰ'টন থেৰাপী কেন্দ্ৰ হ'ব । ব্যয়বহুল মানে প্ৰ'টন থেৰাপীৰ মেছিনটোৰ দাম যথেষ্ট বেছি । এই প্ৰকল্পটো হওঁতে কিছু সময়ৰ প্ৰয়োজন হ'ব । চৰকাৰীভাৱে কিদৰে ব্যয় নিৰ্ধাৰণ কৰিব সেয়া সময়ত জানিব পৰা যাব ।"

উল্লেখ্য যে অসম চৰকাৰে গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত প্ৰ'টন থেৰাপী কেন্দ্ৰ স্থাপন কৰাৰ বাবে ২০২৫-২৬ বৰ্ষৰ বাজেটত ৫৫০ কোটি টকা ধাৰ্য কৰিছিল । ইয়াৰ পাছত শেহতীয়া কেবিনেট বৈঠকত প্ৰ'টন থেৰাপীৰ বাবে ৰাজ্য চৰকাৰে ৬০০ কোটি টকাৰ অনুমোদন জনায় ।

লগতে পঢ়ক :

কৃত্ৰিম বানমুক্ত গুৱাহাটী গঢ়াৰ পৰিকল্পনা চৰকাৰৰ, মন্ত্ৰী কৌশিক ৰায়ৰ নেতৃত্বত বিশেষ বৈঠক