ঐতিহাসিক চামধৰা গড়লৈ ভাবুকি: বেদখলকাৰীক শীঘ্ৰে উচ্ছেদৰ দাবীত প্ৰতিবাদ
চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ । দীৰ্ঘদিনে চলি থকা বেদখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ।

Published : July 2, 2026 at 6:43 PM IST
চামগুৰি: ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত আছে । শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰে বেদখলকাৰীলৈ উচ্ছেদৰ জাননী জাৰি কৰিছে । কিন্তু তাৰ মাজতে চামগুৰিত বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ।
দীৰ্ঘদিন ধৰি অঞ্চলটোৰ বিভিন্ন স্থানত চলি অহা বেদখলৰ বিৰুদ্ধে অভিযান চলাবলৈ দল-সংগঠনে দাবী জনাই আহিছে । কিন্তু এতিয়ালৈ কোনো পদক্ষেপ গ্ৰহণ নকৰাত সৰব হৈ উঠিছে স্থানীয় দল-সংগঠনসমূহ । বৃহস্পতিবাৰে তাৰে বহিঃপ্ৰকাশ দেখা গ'ল ।
চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ দাবীত বিভিন্ন দল-সংগঠনে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীয়ে অভিযোগ কৰা অনুসৰি চামগুৰি ৰাজহ চক্ৰৰ বিভিন্ন প্ৰান্তত চৰকাৰী ভূমিত বেদখল বৃদ্ধি পাইছে । যাৰ ফলত খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব আৰু অধিকাৰ সংকটত পৰিছে । একাংশ বেদখলকাৰী বিভিন্ন অসামাজিক কাৰ্যকলাপৰ সৈতে জড়িত হৈ থকা বুলিও প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰিছে ।
প্ৰতিবাদকাৰীসকলে সাংসদ ৰকিবুল হুছেইন, বিধায়ক তাঞ্জিল হুছেইন আৰু ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । চৰকাৰী ভূমি বেদখলত গাঁওপ্ৰধানকে ধৰি প্ৰশাসনৰ বহু লোক জড়িত থকাৰো অভিযোগ কৰিছে প্ৰতিবাদকাৰীয়ে ।
এই সন্দৰ্ভত এজন প্ৰতিবাদকাৰীয়ে কয়, "২০২২ চনৰ পৰা ধাৰাবাহিকভাৱে আমি আবেদন জনাই আহিছোঁ । তথ্যসহ সকলো কথা জনাইছোঁ । কিন্তু আজিলৈ কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ আমি চিন্তিত হৈছোঁ । বেদখলকাৰীয়ে বিভিন্ন অসামাজিক কাম চলাই আহিছে । আটাইতকৈ পৰিতাপৰ বিষয় যে মোগলক ভেটিবলৈ আহোমে নিৰ্মাণ কৰা ঐতিহাসিক চামধৰা গড় আজি বিপদাপন্ন হৈছে । ঠায়ে ঠায়ে কাটি পেলোৱা হৈছে ।"
সেয়ে বিষয়টোত গুৰুত্ব দিয়াৰ লগতে তদন্ত কৰি দোষীক শাস্তি দিবলৈ আৰু বেদখলকাৰীক শীঘ্ৰে উচ্ছেদ কৰিবলৈ প্ৰতিবাদকাৰীয়ে দাবী জনায় । ইফালে প্ৰতিবাদৰ অন্তত চক্ৰ বিষয়া ৰাজেশ সিঙে কয় যে সমগ্ৰ বিষয়টো সন্দৰ্ভত তদন্ত কৰা হ'ব । চামধৰা গড়ৰ ওচৰে পাজৰে জৰীপ চলোৱা হৈছে আৰু শীৰ্ষ পৰ্যায়লৈ তাৰ প্ৰতিবেদন দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক :
এইবাৰ বৰক্ষেত্ৰীৰ প্ৰায় ৩০০ বিঘা বেদখলীকৃত ভূমিত চলিব উচ্ছেদ অভিযান

