ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ত অচলাৱস্থা : তিনিটাকৈ তদন্তকাৰী কমিটীৰ প্ৰতিবেদন নহ'ল দাখিল

বিশ্ববিদ্যালয়খনৰ ভিতৰত আৰম্ভ হোৱা আন্দোলন পালেহি ৰাজপথ ।

Protest against VC of Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 11, 2025 at 11:36 AM IST

4 Min Read
Choose ETV Bharat

তেজপুৰ : তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে আৰম্ভ হোৱা ছাত্ৰ-ছাত্ৰী শিক্ষক সন্থাৰ আন্দোলনে ৫০ দিন অতিক্ৰম কৰিলে । ঐতিহাসিক অসম আন্দোলনৰ প্ৰেক্ষাপটত গঢ় লোৱা বিশ্ববিদ্যালয়খনৰ ভিতৰত আৰম্ভ হোৱা আন্দোলন এতিয়া আহি পালে ৰাজপথ । এই সন্দৰ্ভত তেজপুৰ নাগৰিক সমাজে মাত মাতিবলগীয়া পৰ্যায় হোৱাৰ পিচতো তিনিটাকৈ তদন্তকাৰী কমিটীৰ প্ৰতিবেদন আজিও নহ'ল দাখিল ।

বিশ্ববিদ্যালয়ত দুৰ্নীতিৰ চক্ৰ !

সোমবাৰে তেজপুৰ নাগৰিক সমাজে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ বিষয়টোৰ হস্তক্ষেপ কৰিবলৈ আবেদন কৰিবলগীয়া হৈছে । নাগৰিক সমাজৰ নেতৃত্বত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে বিশ্ববিদ্যালয়খনৰ ভিতৰত এক দুৰ্নীতিৰ চক্ৰ গঢ় লোৱাৰ বিষয়ে মুকলিকৈ অভিযোগ কৰিলে ।

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

উপাচাৰ্যক বিচাৰি পাবলৈ নাই বিশ্ববিদ্যালয়ত :

উপাচাৰ্য শম্ভূনাথ সিং বিগত ৫০ দিন ধৰি বিশ্ববিদ্যালয়ত অনুপস্থিত থকাত বিশ্ববিদ্যালয়ৰ গৱেষণাৰ পাঠ্যক্ৰমৰ ছাত্র-ছাত্ৰীৰ পৰা আৰম্ভ কৰি শৈক্ষিক পৰিৱেশ সম্পূৰ্ণৰূপে বিনষ্ট হোৱা বুলি অভিযোগ উত্থাপন কৰে ছাত্র সমাজে । নাগৰিক সমাজৰ এই প্ৰতিবাদী কাৰ্যসূচীত তেজপুৰৰ অ ভা উ সাৰ সম্পাদক শান্তনু বৰুৱাই কয়, "অসমে দিল্লীৰ পৰা আন্দোলন নকৰাকৈ পূৰ্বৰে পৰা কোনো প্ৰাপ্য লাভ কৰা নাই । ৮৫৫ গৰাকী শ্বহীদৰ আন্দোলনৰ ফলস্বৰূপে তেজপুৰে এই বিশ্ববিদ্যালয় লাভ কৰিছিল । 'সূৰ্যৰ পিনে চাই সংগ্ৰাম কৰিবলৈ অসমৰো আছে অধিকাৰ' এই গীত নুবুজিলে 'শত গীত লিখি যাম জগাই লুইতৰে পাৰ' । এই বিচাৰ কৰি ৮৫৫ গৰাকী শ্বহীদ কৰাৰ বিনিময়ত আমি তেজপুৰ বিশ্ববিদ্যালয় পাইছো ।"

Protest against VC of Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

তেওঁ কয়, "ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আজি ভ্ৰষ্টাচাৰ দুৰ্নীতি নিমজ্জিত । যিখন দেশে নালন্দা,তক্ষশিলাৰ দৰে বিশ্ববিদ্যালয় স্থাপন কৰি নজিৰবিহীন ইতিহাস সৃষ্টি কৰিছিল আৰু সেইখন দেশৰ আজি শাসকবৃন্দই এখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দুৰ্নীতিৰ বিৰুদ্ধে ৫০ দিন আন্দোলন কৰিবলগীয়া হৈছে । তেওঁলোক মৌন হৈ আছে ইয়াতকৈ আৰু ধিক্কাৰ দিবলগীয়া কথা একো নাই ।"

তদন্তৰ প্ৰতিবেদন আজিলৈকে ৰাজহুৱা কৰা নহ'ল :

আনহাতে ছাত্র সমাজৰ নেতৃত্ব দিয়া বিশ্ববিদ্যালয়ৰ ছাত্র নিপু বৰুৱাই কয়, "বিশ্ববিদ্যালয়ৰ প্ৰতিবাদৰ মাজতে বৰ্তমানলৈকে তিনিটা তদন্ত হ'ল । প্ৰথম শোণিতপুৰৰ জিলা প্ৰশাসনে এটা তদন্ত কৰিলে, তাৰ পিছত অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্যই এটা তদন্ত কৰালে আৰু পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা আন এটা তদন্ত কৰা হ'ল; কিন্তু এই তদন্তৰ প্ৰতিবেদন আজিলৈকে ৰাজহুৱা কৰা নহ'ল । তাদান্তকাৰী দলে অহাৰ এসপ্তাহ বা দহ দিনৰ ভিতৰতে এই প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল যদিও দিয়া হোৱা নাই আৰু উপাচাৰ্য গৰাকীকো আঁতৰোৱা নহ'ল । ফলস্বৰূপে বিশ্ববিদ্যালয়ৰ শৈক্ষিক অৰাজকতাৰ সৃষ্টি হৈছে, বিশেষকৈ বিশ্ববিদ্যালয়ৰ গৱেষণা কৰি থকা ছাত্র-ছাত্ৰী সকলৰ ফেল'শ্বিপত সমস্য়া হৈছে । তেওঁলোকৰ প্ৰতিবেদনৰ পুনৰীক্ষণৰ বাবে উপাচাৰ্যৰ হস্তক্ষেপ নহ'লে সেই সমূহ গৃহীত নহয় আৰু লগতে বিভিন্ন উন্নয়নৰ স্থৱিৰ হৈ পৰিছে ।"

Protest against VC of Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

"আমি এটা কথা অনুভৱ কৰিছো যে ৰাজনৈতিক হস্তক্ষেপ হৈছে, কাৰণ ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদসমূহ লক্ষ্য কৰিলে দেখা পোৱা গৈছে যে সেই সমূহ ৰাজনৈতিকভাৱে আশিস ধন্য ব্যক্তি হয় । গতিকে সেই একে প্ৰভাৱ তেজপুৰ বিশ্ববিদ্যালয়ত পৰিছে তাৰ বাবে তদন্তত হেমাহি হৈছে ।" তেওঁ এইদৰে উল্লেখ কৰি অসমৰ শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰীৰ লগতে দেশৰ ৰাষ্ট্ৰপতিক অনতিপলমে তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰি উপাচাৰ্য গৰাকীক অপসাৰণ কৰিবলৈ দাবী জনায় ।

গৱেষক ছাত্ৰীৰ ক্ষোভ :

আনহাতে গৱেষণা বিভাগৰ এগৰাকী ছাত্ৰী প্ৰিয়দৰ্শী মেধিয়ে কয়, "উপাচাৰ্যগৰাকী নোহোৱাৰ বাবে আমাৰ ফেল'শ্বিপ আৰু বিভিন্ন প্ৰজেক্টৰ বাবে যি সন্মতি লাগে সেয়া সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে । ছাত্র-ছাত্ৰীৰ আৰ্থিক দিশত কোনো কাম হোৱা নাই । আনহাতে যিগৰাকী উপাচাৰ্য হিচাবে দায়িত্ব দি গৈছিল তেওঁ নাই আৰু তেওঁৰ মনে মিলা একাংশ দুৰ্নীগ্ৰস্ত লোকহে এই পদ সমূহত নিযুক্তি দি গৈছে । তেওঁ যিহেতু পলাতক বা ইয়াৰ পৰা গুচি গৈছে যদি কোনো এজন ব্যক্তিক দায়িত্ব অৰ্পণ কৰাৰ প্ৰয়োজন ।"

লগতে পঢ়ক:তেজপুৰ বিশ্ববিদ্যালয়ত নিশা পুনৰ জ্বলিল উপাচাৰ্যৰ পুত্তলিকা, ৩৮৮ দিন উধাও উপাচাৰ্য

হওক কলৰৱ, হওক পৰিৱৰ্তন: তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ব্যাপক প্ৰতিবাদ