ETV Bharat / state

এছ আৰৰ নামত হাৰাশাস্তিৰ অভিযোগ : প্ৰতিবাদ কেইবাটাও সংগঠনৰ

এছ আৰৰ নামত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ অভিযোগ ।

Protests against SR in Nagaon
এছ আৰৰ নামত হাৰাশাস্তিৰ অভিযোগ : প্ৰতিবাদ কেইবাটাও সংগঠনৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 9, 2026 at 8:59 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও : এছ আৰ প্ৰক্ৰিয়া সম্পন্ন কৰি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ বাবে চূড়ান্ত প্ৰস্তুতি চলি থকাৰ সময়ত এছ আৰৰ নামত একাংশ লোকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰিলে কেইবাটাও দল-সংগঠনে । সোমবাৰে নগাঁৱত গণতন্ত্ৰ সুৰক্ষা মঞ্চৰ আহ্বানত কেইবাটাও সংগঠনে নগাঁৱত এই প্ৰতিবাদ সাব্যস্ত কৰে ।

গণতন্ত্ৰ সুৰক্ষা মঞ্চৰ আহ্বানত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, নিখিল ভাৰত কৃষক সভা, সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ সহযোগত এছ আৰ নামত বিশেষকৈ সংখ্যালঘু লোকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি নগাঁৱত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী । সোমবাৰে নগাঁও চহৰৰ মাজমজিয়াৰ মতিৰাম বৰা ক্ষেত্ৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি এছ আৰ প্ৰক্ৰিয়াৰ একপ্ৰকাৰ বিৰোধিতা কৰে গণতন্ত্ৰ সুৰক্ষা মঞ্চ অসমে ।

এছ আৰৰ নামত হাৰাশাস্তিৰ অভিযোগ : প্ৰতিবাদ কেইবাটাও সংগঠনৰ (ETV Bharat Assam)

গণতন্ত্ৰ সুৰক্ষা মঞ্চ অসমৰ আহ্বানত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই । অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই কয়, “প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ মূল উদ্দেশ্য হৈছে এছ আৰৰ নামত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে তাৰ বিৰোধিতা । বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ লোকক এছ আৰৰ নামত হাৰাশাস্তি কৰা হৈছে । ভাৰতৰ সংবিধানৰ ৩২৬নং অনুচ্ছেদ অনুসৰি, ভোটাৰ অধিকাৰ হৈছে নাগৰিকৰ মৌলিক অধিকাৰ ।"

তেওঁ লগতে কয়, "যিসকল লোকে ভুৱা অভিযোগ আনি এই লোকসকলক হাৰাশাস্তি কৰিছে সেই লোকসকলক ১৯৫০ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ৩১ নং ধাৰা অনুসৰি শাস্তি প্ৰদান কৰিব লাগে । ইয়াৰ উপৰি ভুৱা অভিযোগৰ ভিত্তিত শুনানিৰ জাননী জাৰি কৰা লোকসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে নিৰ্বাচন আয়োগে ।”

এছ আৰৰ নামত হাৰাশাস্তি কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু প্ৰকৃত নাগৰিকৰ নাম কৰ্তনৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰে গণতন্ত্ৰ সুৰক্ষা মঞ্চৰ লগতে কেইবাটাও সংগঠনে ।

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাংসদ আছাদুদ্দিন ওৱেইছিৰ গোচৰ
লগতে পঢ়ক :নিৰ্বাচনৰ আগতেই মাটিৰ পট্টা পাব চাহ বাগিচাৰ শ্ৰমিক ৰাইজে : মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিলে