ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা : বি টি চি সচিবালয় ভাঙি চূৰমাৰ প্ৰতিবাদকাৰীৰ
বি টি চি চৰকাৰে প্ৰদান কৰা এন অ' চি প্ৰত্যাহাৰ কৰিবলৈ ২৪ ঘন্টা সময়সীমা ।

Published : November 29, 2025 at 8:50 PM IST
কোকৰাঝাৰ: ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে শনিবাৰে বড়োভূমিৰ সদৰ কোকৰাঝাৰত ভয়ংকৰ পৰিস্থিতি ৷ উল্লেখ্য যে শনিবাৰে কোকৰাঝাৰৰ দেৱৰগাঁৱৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা বডোফা নগৰস্থিত বি টি চি সচিবালয়লৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে প্ৰতিবাদী সমদল উলিয়ায় প্ৰতিবাদকাৰীসকলে । হাজাৰ হাজাৰ জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে উক্ত প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে ।
প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ সমদলটোৱে দেৱৰগাঁও-জে ডি ৰোড হৈ বি টি চি সচিবালয়ৰ দিশে ৰাওনা হয় । প্ৰতিবাদীসকলে 'হাগ্ৰামা মহিলাৰী হুছিয়াৰ','হাগ্ৰামা মহিলাৰী গ’ বেক', 'বিশ্বজিত দৈমাৰী মুৰ্দাবাদ', 'প্ৰমোদ বড়ো গ’ বেক','অসম চৰকাৰ হায় হায়' আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । তেনেদৰে প্ৰতিবাদীকাৰীসকলে বি টি চি সচিবালয়ৰ মূল প্ৰৱেশদ্বাৰত উপস্থিত হয় । মূল প্ৰৱেশদ্বাৰ পাৰ হৈ প্ৰতিবাদকাৰীসকলে বি টি চি সচিবালয়ৰ গেটত উপস্থিত হয় । গেটত উপস্থিত হোৱাৰ পিছতে উগ্ৰৰূপ ধাৰণ কৰা প্ৰতিবাদকাৰীসকলে বি টি চি সচিবালয়ৰ প্ৰৱেশদ্বাৰ ভাঙি তথা আৰক্ষীৰ বাধা নেওচি সচিবালয় চৌহদত প্ৰৱেশ কৰি লণ্ড-ভণ্ড কৰে ।
আনকি উগ্ৰ প্ৰতিবাদকাৰীসকলে বি টি চি বিধান পৰিষদীয় সদনৰ আচবাব ভাঙি লণ্ড-ভণ্ড কৰে ৷ প্ৰতিবাদী জনজাতি ছাত্ৰ-ছাত্ৰীৰ দাবী- যেতিয়ালৈকে ছয় জনগোষ্ঠীক জনজাতি দিয়াত আপত্তি নাই বুলি বি টি চি চৰকাৰে প্ৰদান কৰা এন অ' চি প্ৰত্যাহাৰ কৰি নলয় তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত থাকিব ৷ কোকৰাঝাৰৰ বডোফা নগৰস্থিত বি টি চি সচিবালয়ত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ জনজাতীয় ছাত্ৰ-ছাত্ৰী আৰু চি চি টি অ এৰ সহযোগত ৰূপায়িত প্ৰতিবাদী কাৰ্যসূচীৰ ফলত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ অৱশেষত শাম কাটে সন্ধিয়া ৷
প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে কোকৰাঝাৰ জিলাৰ আয়ুক্ত মাছান্দা এম পাৰ্টিনৰ জৰিয়তে অসম চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰস্তাৱ বাতিল কৰাৰ দাবীত মুখ্যমন্ত্ৰী,কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু বি টি চি চৰকাৰে প্ৰদান কৰা এন অ' চি প্ৰত্যাহাৰ কাৰৰ বাবে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীলৈ ২৪ ঘন্টা সময়সীমা বান্ধি স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ লগতে প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ ওপৰত কোনো ধৰণৰ এজাহাৰ চৰকাৰ-প্ৰশাসনে ৰুজু কৰিব নোৱাৰিব বুলি জিলা আয়ুক্তৰ পৰা আশ্বাস লয় ৷ জিলা আয়ুক্তই প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ দাবী সন্দৰ্ভত চৰকাৰক অৱগত কৰা হ'ব বুলি প্ৰতিবাদীসকলৰ সৈতে আলোচনাত মিলিত হৈ আশ্বাস প্ৰদান কৰাত প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰে ।

