মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী-মুখ্য সচিবৰ কনভয় আগচি প্ৰতিবাদকাৰীৰ 'হায় হায়' ধ্বনি
যোৰাবাটত তৃতীয় দিনাও প্ৰতিবাদ অব্যাহত ।

Published : August 22, 2026 at 4:09 PM IST
সোণাপুৰ: যোৰাবাটত তৃতীয় দিনাও উত্তপ্ত পৰিস্থিতি অব্যাহত আছে । অসমৰ চালক, পৰিবহণ কৰ্মী, স্থানীয় ৰাইজ আৰু কেইবাটাও সংগঠনৰ বিষয়ববীয়াৰ উপস্থিতিত মেঘালয়ৰ বিৰুদ্ধে যোৰাবাটত চলি থকা প্ৰতিবাদ তীব্ৰতৰ হৈছে ।
অসম-মেঘালয় সীমান্তৰ যোৰাবাটত তৃতীয় দিনাও শাম কটা নাই তীব্র ক্ষোভ আৰু উত্তেজনাৰ । মেঘালয়ত অসমৰ বাহনৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে প্রতিবাদী দল-সংগঠনে সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত একেৰাহে তৃতীয় দিনৰ বাবেও উত্তপ্ত হৈ পৰে সমগ্ৰ অঞ্চলটো ।
অসমৰ চালক-যাত্ৰীসকলৰ সুৰক্ষা আৰু এই সমগ্ৰ বিষয়টোৰ স্থায়ী সমাধান নোহোৱালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দি প্ৰতিবাদকাৰীসকলে প্ৰশাসনক স্পষ্ট কৰি দিয়ে । আজি অসমলৈ মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবৰ কনভয় আগচি প্ৰতিবাদকাৰীসকলে 'গ' বেক', 'হায় হায়' ধ্বনি দিয়ে । এই উত্তপ্ত পৰিস্থিতিৰ মাজতে মেঘালয় চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী আৰু ৰাজ্যখনৰ মুখ্য সচিবৰ কনভয় অহাৰ সময়ত প্ৰতিবাদকাৰীসকলে ৰাজপথত বাহনসমূহ আগচি ধৰে । ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে 'মেঘালয় চৰকাৰ হায় হায়','মেঘালয় চৰকাৰ গ'বেক' আদি তীব্ৰ চৰকাৰ বিৰোধী ধ্বনিৰে সমগ্ৰ যোৰাবাট অঞ্চল কঁপাই তোলে ।

পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে বিশেষ বেষ্টনী গঢ়ি কনভয়টো সুৰক্ষিতভাৱে পাৰ কৰি পঠিয়াবলগীয়া হয় । ঘটনাৰ জটিলতা অনুধাৱন কৰি ঘটনাস্থলীত আৰক্ষী, অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ আপ্রাণ চেষ্টা অব্যাহত ৰাখিছে । অৱশ্যে প্ৰতিবাদকাৰী দল-সংগঠনসমূহে সকীয়াই দিছে যে কেৱল আশ্বাসতেই তেওঁলোক পতিয়ন নাযায়; মেঘালয়ত অসমৰ বাহনৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু ঘটনাত জৰিত দোষীক শাস্তি নিদিয়া পৰ্যন্ত এই সংগ্ৰাম অব্যাহত থাকিব ।
বৰ্তমানো সীমান্তৱৰ্তী অঞ্চলটোত তীব্ৰ চেপা উত্তেজনাই বিৰাজ কৰিছে । এই সন্দৰ্ভত এগৰাকী প্ৰতিবাদকাৰীয়ে অসম আৰক্ষীৰ বিৰুদ্ধে সৰৱ হৈ কয়,"অসম আৰক্ষীয়ে মেঘালয়ৰ মানুহ, মন্ত্ৰী সকলোকে সুৰক্ষা প্ৰদান কৰে । আমি আমাৰ কথাখিনি জনাবৰ বাবে তিনিদিন ধৰি প্ৰতিবাদ জনাই আছো । আৰক্ষীয়ে আমাক পুচবেক কৰিলে । " অসমৰ বাহন আৰু চালকক সুৰক্ষা প্ৰদানৰ লগতে অসমৰ বাহনৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাৰ সৈতে জড়িতক গ্ৰেপ্তাৰ কৰাৰ দাবীত এই প্ৰতিবাদ অব্য়াহত আছে ।
লগতে পঢ়ক:যোৰাবাটত দ্বিতীয় দিনাও প্ৰতিবাদ অব্যাহত, বিকল্প পথেৰে যাত্ৰীক যাত্ৰাৰ নিদেৰ্শ মেঘালয় প্ৰশাসনৰ

