ETV Bharat / state

বড়ো শান্তিচুক্তিৰ দফাসমূহ শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত জোনাইত প্ৰতিবাদী সমদল

বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নকৰাকৈ আন ৬ জনগোষ্ঠীক জনজাতি প্ৰদানত আপত্তি নাই এবছুৰ ।

ABSU Jonai protest
জোনাই সমজিলা আয়ুক্তক স্মাৰক-পত্ৰ প্ৰদান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 29, 2025 at 10:01 PM IST

6 Min Read
Choose ETV Bharat

জোনাই : বুধবাৰে জোনাইত নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত তথা আন কেইবাটাও বড়ো জাতীয় সংগঠনৰ সহযোগত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ বিটিআৰ চুক্তিৰ কেইবাটাও দফা অনতিপলমে কাৰ্যকৰী কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷

মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱন প্ৰাঙ্গণৰ পৰা দহ সহস্ৰাধিক বড়ো জাতীয় সংগঠনৰ কৰ্মীয়ে জোনাই সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়ায় ।

বড়ো শান্তিচুক্তিৰ দফাসমূহ শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত জোনাইত প্ৰতিবাদী সমদল (ETV Bharat Assam)

প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ সম্পাদক বডোচা ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয়, "বড়ো শান্তিচুক্তিৰ দফাসমূহ ৰূপায়ণ কৰাত অসম চৰকাৰ আৰু ভাৰত চৰকাৰে লেহেমীয়া কৰি আজি পাঁচ বছৰ উকলি গ'ল । কিন্তু আজিপৰ্যন্ত ৰূপায়ণ কৰা পৰিলক্ষিত হোৱা নাই । বিশেষকৈ আজি ৭ টা মুখ্য দফা ৰূপায়ণৰ দাবী কৰা হৈছে ।"

দফাসমূহৰ প্ৰসংগত তেওঁ কয়, "১২৫ সংখ্যক সংবিধান (সংশোধনী) বিধেয়ক, ২০১৯ অনুসৰি ভাৰতৰ সংবিধানৰ ২৮০ নং অনুচ্ছেদ আৰু ষষ্ঠ অনুসূচীৰ সংশোধনীৰ সময়ত কাৰ্বি আংলং আৰু ডিমা হাছা জিলাত বাস কৰা বড়ো-কছাৰীসকলক অনুসূচিত জনজাতি (পাহাৰীয়া) মৰ্যাদা প্ৰদান কৰা, গাঁৱৰ অধিসূচনা, সীমা নিৰ্ধাৰণ আৰু নিৰ্বাচন অনুষ্ঠিতকে ধৰি বি কে ডব্লিউ এ চিক পূৰ্ণাংগ মৰ্যাদা প্ৰদান কৰা, বিটিআৰৰ ভিতৰৰ বিদ্যালয় আৰু মহাবিদ্যালয় আৰু বিটিআৰৰ বাহিৰৰ বড়ো মাধ্যমৰ বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ পৰা অতিৰিক্ত গাঁওসমূহৰ লগতে বিটিআৰৰ দক্ষিণ অংশৰ পৰাও অন্তৰ্ভুক্ত কৰা, বন অধিকাৰ আইন (এফ আৰ এ), ২০০৬ৰ বিধান অনুসৰি আদিবাসীসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰা ।"

তেওঁ লগতে কয়, "অঞ্চলটোৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১৫০০ কোটিৰ বিশেষ উন্নয়ন পেকেজ মুকলি কৰা আদি দাবীসমূহ শীঘ্ৰে চৰকাৰক মীমাংসা কৰক । লগতে যদিহে দাবীসমূহ শীঘ্ৰে পূৰণ নহয় তেন্তে ইয়াতকৈ অধিক তীব্ৰতৰ আন্দোলন হ'ব ।"

ABSU Jonai protest
বড়ো শান্তিচুক্তিৰ দফাসমূহ শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত জোনাইত প্ৰতিবাদী সমদল (ETV Bharat Assam)

ইফালে সাংবাদিকে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "বৰ্তমানৰ স্থায়ী জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ যদি আন ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়ে কোনো আপত্তি নাই । কিন্তু বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি হ'লে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিম ৷"

উল্লেখ্য যে ধেমাজি জিলাৰ সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি ৰাতিৰাম বসুমতাৰী, বড়ো পিপ'লছ কো-অৰ্ডিনেচন কমিটীৰ আহ্বায়ক শিৱৰাম বসুমতাৰী, নিখিল বড়ো ছাত্ৰ সন্থা, সংযুক্ত বড়ো গণ মঞ্চৰ লগতে দহ সহস্ৰাধিক বিভিন্ন বড়ো সংগঠনৰ কৰ্মীয়ে বড়ো মাধ্যমৰ বিদ্যালয়সমূহ চৰকাৰীকৰণ কৰক, আমাৰ দাবী ন্যায্য দাবী, বিটিআৰ চুক্তি জিন্দাবাদ, চুক্তি ৰূপায়ণ অবিহনে আমি ক্ষান্ত নহওঁ, এই জুই জ্বলিছে, আমাক ন্যায় লাগে, আমি চুক্তি ৰূপায়ণ কৰাটো বিচাৰোঁ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

আনহাতে, প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কাৰ্বি আংলঙত বসবাস কৰা বড়োসকলক পাহাৰীয়া জনজাতিৰ মৰ্যাদা প্ৰদান, বিটিআৰৰ বাহিৰৰ বড়োসকলৰ বাবে বিশেষ টে'ট, বড়ো মাধ্যমৰ ভেঞ্চাৰ বিদ্যালয়-মহাবিদ্যালয়বোৰক প্ৰদেশীকীকৰণ কৰা, শিক্ষক নিযুক্তি প্ৰদান কৰা আদি কেইবাটাও দাবী সমাধান কৰাৰ দাবীৰে ধেমাজি জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিৰণ্য স্বৰ্গীয়াৰী, সম্পাদক বডোচা ব্ৰহ্ম, উপদেষ্টা টেনজিং বড়ো, সুজিত নাৰ্জাৰী, সধাৰণ সম্পাদক আজয় খাকলাৰী, উপ-সভাপতি উদাং বি বডোচা স্বাক্ষৰিত স্মাৰক-পত্ৰ জোনাই সমজিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে ২০২০ চনত বড়ো শান্তিচুক্তি স্বাক্ষৰ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বড়োলেণ্ডৰ উন্নতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে সৰ্বাতোপ্ৰকাৰে সহযোগ আগবঢ়াব বুলি মন্তব্য কৰি বড়ো আন্দোলনত নিহত শ্বহীদ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছিল । বিটিআৰ চুক্তি মতে, বিটিএডিৰ নাম সলনি কৰা এতিয়াৰে পৰা হ'ব বিটিআৰ অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅন । বিটিআৰৰ লোকসকলক Hills Tribe বুলি ধৰা হ'ব । বিটিএডিৰ পূৰ্বৰ ৪০ খন আসন বৃদ্ধি কৰি ৬০ খন কৰা হৈছে ।

আনহাতে, আৰক্ষী অধীক্ষক আৰু উপায়ুক্তসকলক নিযুক্তিৰ ক্ষেত্ৰতো এতিয়াৰে পৰা বিটিআৰ প্ৰশাসনৰ অনুমোদন ল'ব লাগিব । ইফালে ৬টাকৈ অতিৰিক্ত বিভাগৰ দায়িত্ব বিটিআৰ প্ৰশাসনক দিয়া হ'ব ।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি, উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামত বৰমাত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব । বিটিআৰ এলেকাত স্থাপন হ'ব ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় । ওদালগুৰিত স্থাপন হ'ব স্প'ৰ্টছ অথৰিটী অব ইণ্ডিয়াৰ কেন্দ্ৰ । নৰ্থ-ইষ্ট ৰিজিঅ'নেল ইনষ্টিটিউট অব মেডিকেল ছায়েন্স স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল ।

ইয়াৰ উপৰি এইমছৰ দৰে এখন ইনষ্টিটিউট হ'ব, হোটেল মেনেজমেণ্ট ইনষ্টিটিউট স্থাপন কৰাৰ কথাও ঘোষণা কৰিছিল । লগতে বড়োলেণ্ড ম'ভমেণ্ট মেম'ৰিয়েল মিউজিয়াম স্থাপন, ওদালগুৰিত নেচনেল ইনষ্টিটিউট অব টেকন'লজী, অতিৰিক্ত নৱোদয় বিদ্যালয়ো স্থাপন কৰিব চৰকাৰে । তাৰ লগতে ৰৌতাত অৰ্গেনিক বিশ্ববিদ্যালয়, কুমাৰিকাটাত ভেটেৰিনাৰী কলেজ, ইনষ্টিটিউট অব পেৰামেডিকেল এণ্ড নাৰ্ছিং স্থাপন, তামুলপুৰত কেন্সাৰ হাস্পতাল আদি স্থাপন কৰিব চৰকাৰে ।

বিৰছা মুণ্ডা কালচাৰেল চেণ্টাৰ স্থাপনৰ কথাও ঘোষণা কৰিছিল । লগতে স্বামী বিবেকানন্দ য়ুথ চেণ্টাৰ, ভূপেন হাজৰিকা মেম'ৰিয়েল মাল্টিপাৰ্পাছ অডিটৰিয়াম স্থাপন, চিৰাঙত গোৰ্খা ভৱন স্থাপনৰ ঘোষণা কৰিছিল ।

ইফালে বড়ো ভাষাৰ ক্ষেত্ৰতো কেইবাটাও ঘোষণা কৰি কেইবাখনো শৈক্ষিক প্ৰতিষ্ঠান স্থাপন কৰাৰ লগতে বড়ো ভাষাক চৰকাৰী সহযোগী ভাষা হ'ব বুলি ঘোষণা কৰিছিল । আনহাতে, ৰাজ্য চৰকাৰে প্ৰতি বছৰে ২৫০ কোটি টকাকৈ তিনি বছৰৰ বাবে ৭৫০ কোটি দিব । ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে বিটিআৰৰ উন্নয়নৰ বাবে ৭৫০ কোটি দিব । এনেদৰে মুঠ ১৫০০ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিছিল ।

লগতে পঢ়ক :বুঢ়ালুইতৰ বুকুত উটুৱাই দিয়া হ'ল অমৃতকণ্ঠৰ চিতাভস্ম
লগতে পঢ়ক :এনেকুৱা মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে ! জনজাতিকৰণৰ দাবীত পোহৰ হৈ উঠিল মৰাণ