ETV Bharat / state

পাঁচদিন ধৰি বন্ধ হৈ আছে তেজপুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক ভৱন

২২ ছেপ্টেম্বৰৰ পৰা বিশ্ববিদ্যালয়ৰ ভিতৰত আৰম্ভ হোৱা প্ৰতিবাদ এইবাৰ ৰাজপথ পালেহি ।

Protest in Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ৰ জ্যোতি তোৰণ বন্ধ কৰিলে শিক্ষাৰ্থীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 1, 2025 at 7:41 PM IST

5 Min Read
Choose ETV Bharat

তেজপুৰ : তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অব্যাহত আছে প্ৰতিবাদ । বিগত ৫ দিন ধৰি স্থবিৰ হৈ পৰিছে শৈক্ষিক পৰিৱেশ । বিশ্ববিদ্যালয়খনত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতো ৰাজ্যপালে দিয়া তদন্তৰো কোনো ফলাফল ওলোৱা নাই । যোৱা ২২ ছেপ্টেম্বৰৰ পৰা বিশ্ববিদ্যালয়খনৰ ভিতৰত আৰম্ভ হোৱা প্ৰতিবাদ এতিয়া ৰাজপথলৈ আহিছে । শুকুৰবাৰে ছাত্র-ছাত্ৰী সকলে বিশ্ববিদ্যালয়ৰ মূল জ্যোতি তোৰণ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে ।

বিশ্ববিদ্যালয়ৰ প্ৰতিটো পথত বেনাৰ :

তেজপুৰ বিশ্ববিদ্যালয়ৰ একাডেমীক ভৱন আৰু বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱন যোৱা পাঁচদিন ধৰি বন্ধ কৰি ৰাখিছে প্ৰতিবাদী ছাত্র-ছাত্ৰীয়ে । যোৱা শুকুৰবাৰৰ পৰা ছাত্র-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ মূল জ্যোতি তোৰণ সম্পূৰ্ণৰূপে বন্ধ কৰি কোনো লোকক প্ৰৱেশ কৰিবলৈ দিয়া নাই আৰু সেয়া বৰ্তমানেও অব্যাহত । ছাত্র-ছাত্ৰী সকলে তোৰণৰ ভিতৰত বহি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । বিশ্ববিদ্যালয়ৰ প্ৰতিটো পথত বিভিন্ন বেনাৰ লগাই সাব্যস্ত কৰিছে প্ৰতিবাদ । বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকলেও একমাত্ৰ নিজৰ উপস্থিতিৰ চহী কৰি সকলোৱে মূল তোৰণৰ সন্মুখত প্ৰতিবাদত অংশগ্ৰহণ কৰি আহিছে ।

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত প্ৰতিবাদ অব্য়াহত (ETV Bharat Assam)

পাঁচদিন ধৰি বন্ধ শৈক্ষিক ভৱন :

বিগত পাঁচদিন ধৰি বন্ধ হৈ আছে শৈক্ষিক ভৱন । এই সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ অনাশৈক্ষিক বিভাগৰ সম্পাদক পার্থ চৌধুৰীয়ে কয়, "শৈক্ষিক ভৱন যোৱা পাঁচদিন ধৰি বন্ধ হৈ আছে । ছাত্ৰ-ছাত্ৰীৰ ক্ষোভ বান্ধি ৰাখিব নোৱাৰি ৷ চৰকাৰে বিষয়টো গুৰুত্ব নিদিয়াৰ বাবে তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁলোকৰ দাবীসমূহলৈ লক্ষ্য ৰাখি ভিতৰৰ পৰিস্থিতিসমূহ যিমান সোনকালে পাৰি আমি সমাধান কৰিবলৈ চেষ্টা কৰিম ।"

তেওঁ লগতে কয়, "এই অচলাৱস্থাৰ কাৰণ হৈছে চৰকাৰী হস্তক্ষেপ আৰু সেইটো একেবাৰে পোৱা নাই । লগতে বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতি যিটো অতি উচ্চ ক্ষমতা সম্পন্ন কাৰ্যকৰী কমিটী তাৰ মুখ্য হৈছে উপাচাৰ্য । তেওঁৰ অনুপস্থিতিৰ লগতে পঞ্জীয়কগৰাকীয়ে ভাৰপ্ৰাপ্ত দায়িত্ব লৈ আছে যদিও এই কমিটীখনৰ বৈঠক অনুষ্ঠিত হোৱাটো অতি জৰুৰী আছিল ।"

Protest in Tezpur University
পাঁচদিন ধৰি বন্ধ হৈ আছে তেজপুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক ভৱন (ETV Bharat Assam)

বিশ্ববিদ্যালয়খনৰ ছাত্র নিপু বৰুৱাই কয়, "ছাত্র সমাজে প্ৰতিবাদৰ লগতে বিচাৰিছে আজি ৭২ দিন প্ৰতিবাদৰ লগতে পৰীক্ষাৰ বিষয়টোত আলোচনা হওক । এই বিষয়ে শিক্ষাগুৰুসকলৰ লগত আলোচনা কৰিছো যদিও কোনো সমাধান ওলোৱা নাই । কেন্দ্ৰীয় শিক্ষা বিভাগৰ দ্বাৰা কোনো সিদ্ধান্ত লোৱা নাই আৰু ৰাজ্য চৰকাৰে বিষয়টো সন্দৰ্ভত আলোচনা কৰিব লাগে । আজি দেৱজিৎ বৰাৰ মুখৰে কিছু কথা প্ৰকাশ পাইছে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিষয়ে, কিন্ত এই বিষয়ে লিখিত কোনো তথ্য নাই ৷ গতিকে অতি সোনকালে আনুষ্ঠানিকভাৱে খবৰ এটা পালে আনন্দিত হম ।"

Protest in Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ৰ জ্যোতি তোৰণ বন্ধ কৰিলে শিক্ষাৰ্থীয়ে (ETV Bharat Assam)

আনহাতে বিশ্ববিদ্যালয়খনত ৩ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা সম্পৰ্কে তেওঁ কয়, "নিজক জুখি চোৱাৰ মাপকাঠি হৈছে পৰীক্ষা । এই বিষয়ে আলোচনা অব্যাহত আছে । আজি বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে জানিব পৰা যাব । এতিয়াও আমি আশাবাদী যে উপাচাৰ্যগৰাকীক ইয়াৰ পৰা আতৰাই এগৰাকী নতুন উপাচাৰ্য নিয়োগ কৰিব ।"

বিশ্ববিদ্যালয়ৰ বিদ্যুতৰ বিল ৫০ হাজাৰৰো অধিক পৰিশোধ কৰা হোৱা নাই । ৱাইফাইৰ বিল পৰিশোধ হোৱা নাই, চিকিৎসা বিভাগত ঔষধৰ নাটনি আহি পৰিছে । ডিজেলৰ অভাৱ হৈছে, অথচ বিত্ত বিভাগৰ বিষয়াজন পলাতক। বিশ্ববিদ্যালয়ৰ তিনিগৰাকী বিষয়া পলাতক হৈ আছে বৰ্তমানেও ।

বাস্তৱ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান সাহিত্য় সভাৰ :

ইয়াৰ মাজতে সোমবাৰে অসম সাহিত্য় সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই ছাত্র আৰু শিক্ষকসকলৰ যৌথ ঐক্য মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । প্ৰধান সম্পাদকগৰাকীয়ে এই সন্দৰ্ভত কয়- "তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত আজি যিটো পৰিৱেশ নিৰ্মাণ হৈছে, ইয়াকে লৈ আমি খুবেই দুঃখিত । এই পৰিৱেশটো বন্ধ কৰিবৰ কাৰণে বিশ্ববিদ্য়ায়খনৰ উৰ্ধতম কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছো । অৱস্থান ধৰ্মঘটকাৰীসকলৰ লগত কথা পাতিলো । তেওঁলোকৰ মানসিক অৱস্থিতি অনুভৱ কৰিছো । তেওঁলোকে যিকেইটা অভিযোগ উত্থাপন কৰিছে, সেই অভিযোগবিলাক নিস্পত্তি কৰাটো টান কাম নহয় । বাস্তৱ পদক্ষেপ গ্ৰহণ কৰিলে বিষয়টো নিষ্পত্তি হ'ব পাৰে । অসমীয়া জাতিৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত শৈক্ষিক প্ৰতিষ্ঠানৰ সুন্দৰ পৰিৱেশ নিৰ্মাণৰ বাবে উৰ্ধতম কৰ্তৃপক্ষই গ্ৰহণ কৰাটো অসম সাহিত্য় সভাই কামনা কৰিছো ।"

Protest in Tezpur University
তেজপুৰ বিশ্ববিদ্যালয়ত অসম সাহিত্য় সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা (ETV Bharat Assam)

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে লগতে কয় যে অসম মুলুকত অসমীয়া জাতিৰ সংজ্ঞা নিৰ্ধাৰণ নহ'লেও আমি সকলো অসমীয়া জাতিৰ অংগ হিচাবে নিৰ্ধাৰণ কৰো, এয়া আমাৰ হৃদয়ৰ আহ্বান । তেওঁ আৰু কয়, "আমি ভাবিছো যে অসম সাহিত্য সভাই উৰ্ধতম কৰ্তৃপক্ষলৈ লিখা-মেলা কৰিব । এইক্ষেত্ৰত সভাপতিৰ লগত আলোচনা কৰি আমি বাস্তৱ পদক্ষেপ গ্ৰহণ কৰিম ।"

লগতে পঢ়ক:তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰসংগত আলোচনা কৰিবলৈ নিদিয়াত কংগ্ৰেছৰ সদন ত্যাগ

প্লাষ্টিকৰ চকী ৫,৫০২ টকা, টেবুলৰ দাম ১২,৮১৮ টকা; আচৰিত তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী