ETV Bharat / state

দাবী পূৰণ নহ'লে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ ইউবিপিঅ'ৰ

বিটিএডিৰ বাহিৰৰ বড়োসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত জোনাইত উত্তাল প্ৰতিবাদ । দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ ।

Protest demanding solutions to various problems of outsiders in BTAD in Jonai
জোনাইত ইউবিপিঅ'ৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 18, 2025 at 6:01 PM IST

3 Min Read
Choose ETV Bharat

জোনাই: বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ (বিকেডব্লিউএচি)ৰ নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰা, বিটিএডিৰ বাহিৰৰ বড়োসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত মঙলবাৰে বিটিচিৰ বাহিৰৰ ২২ খন জিলাৰ সদৰত ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে জোনাই সমজিলা কাৰ্যালয়ৰ প্ৰাংগণত ইউবিপিঅ'ৰ উদ্যোগত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । কাৰ্যসূচী আৰম্ভণিতে প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্ম বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

উল্লেখ্য যে ২০২০ চনৰ ২৭ জানুৱাৰীত সম্পাদিত হোৱা তৃতীয় বড়ো শান্তি চুক্তিৰ ৫.১ দফা অধীনত বিটিএডিৰ বাহিৰৰ দহ লক্ষাধিক বড়ো জনগণৰ উন্নয়ন আৰু বিকাশৰ বাবে বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ গঠন কৰা হৈছিল । কিন্তু আজি পাঁচবছৰ উকলি যোৱাৰ পিছতো ইয়াৰ গাঁও চিনাক্তকৰণ, সমষ্টি নিৰ্ধাৰণ কৰি নিৰ্বাচন অনুষ্ঠিত কৰা নাই । বৰ্তমানলৈ চৰকাৰে প্ৰথম পৰ্যায়ত ৯৫৮ খন বড়ো গাঁও চিনাক্তকৰণৰ নিৰ্দেশনা জাৰি কৰিছে ।

দাবী পূৰণ নহ'লে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ ইউবিপিঅ'ৰ (ETV Bharat Assam)

দ্বিতীয় পৰ্যায়ত ১৬১ খন গাঁও চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলি আছে যদিও চূড়ান্ত হোৱা নাই । ইয়াৰ উপৰি বিটিএডিৰ বাহিৰৰ বড়োসকলৰ মাজত থকা বিভিন্ন সমস্যাৰ সমাধানৰ বাবে চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছে যদিও আজিও পূৰণ কৰা নাই । এই সমস্যাসমূহ পূৰণৰ দাবীত ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী ।

ইউবিপিঅ'ৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰি কয়,"বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰা, বিটিআৰত অন্তৰ্ভুক্ত নোহোৱা শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বড়ো গাঁওসমূহ বিকেডব্লিউএচিত অন্তৰ্ভুক্ত কৰা, বৰ্তমানেও বাদ পৰি থকা গোৱালপাৰা আৰু দক্ষিণ কামৰূপ জিলাৰ বড়ো গাঁওসমূহ বিকেডব্লিউএচিত অন্তৰ্ভুক্ত কৰা, তৃতীয় বড়ো শান্তি চুক্তিৰ ৬.১ দফা অধীনত কাৰ্বি আংলং আৰু ডিমাহাচাও জিলাৰ বড়োসকলক পাহাৰীয়া জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে ২০০৬ বন অধিকাৰ আইনৰ অধীনত জনজাতি লোকক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰক দাবী জনাইছোঁ । যদিহে এই সকলো দাবী চৰকাৰে সমাধান নকৰে তেন্তে এই আন্দোলন অব্যাহত থাকিব ।"

Protest demanding solutions to various problems of outsiders in BTAD in Jonai
দাবী পূৰণ নহ'লে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ ইউবিপিঅ'ৰ (ETV Bharat Assam)

জয় বড়ো হাৰিনি, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ বসবাস কৰা বড়োসকলক পাহাৰীয়া জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰক, বড়ো ৰেজিমেন্ট গঠন কৰক, অতি শীঘ্ৰে বিকেডব্লিউএছি নিৰ্বাচন অনুষ্ঠিত কৰক, ইউবিপিঅ' জিন্দাবাদ, এবছু জিন্দাবাদ আবৌফ জিন্দাবাদ , আমাৰ দাবী ন্যায্য দাবী আদি বিভিন্ন সমস্যাৰ সমাধানৰ দাবীৰ শ্ল'গানেৰে জোনাই সমজিলা কাৰ্যালয়ৰ প্ৰাংগণ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ।

অৱস্থান ধৰ্মঘটৰ অন্তত জোনাই সমজিলা আয়ুক্তৰ জৰিয়তে ভাৰত চৰকাৰৰ তথা অসম চৰকাৰলৈ বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে । প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ইউবিপিঅ'ৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী, প্ৰাণজিতা বড়ো, এনডিএফবিৰ ফৰাম সভাপতি প্ৰফুল্ল বড়ো, এবছুৰ উপ-সভাপতি উদাং বি বডোচাকে আদি কৰি দুই শতাধিক বড়ো জাতীয় সংগঠনৰ কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক: ৰামোজী উৎকৰ্ষ বঁটা ২০২৫: মানৱ অধিকাৰ কৰ্মী হ’বলৈ কিয় মন মেলিছিল পল্লৱীয়ে

আফ্ৰিকান ছোৱাইন ফিভাৰ ; জোনাইৰ বহু ঠাইৰ গাহৰিৰ তেজত ধৰা পৰিছে ভাইৰাছৰ উপস্থিতি