চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত কঁপিল দ্বিতীয় ৰাজধানী
চাহ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধিৰ দাবীত ডিব্ৰুগড় আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ।

Published : February 17, 2026 at 8:37 PM IST
ডিব্ৰুগড়: অসমৰ দুশ বছৰীয়া চাহ উদ্যোগ জীয়াই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে চাহ বাগিচাৰ শ্ৰমিক ৰাইজে । কম মজুৰিত কাম কৰি জীৱন চলাই ৰাজ্য তথা দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াই অহা চাহ জনজাতি আৰু আদিবাসী ৰাইজে প্ৰতিটো দিনতে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে । চৰকাৰে এইসকল লোকৰ বাবে এখনৰ পাছত আন এখন অভিলাষী আঁচনি ৰূপায়ণ কৰিছে যদিও সমস্যাৰ যেন অন্ত নপৰে ।
দৈনিক কম মজুৰি লৈ বছৰৰ পাছত বছৰ কাম কৰিব লগা হৈছে চাহ বাগিচাৰ শ্ৰমিক ৰাইজে । মজুৰি বৃদ্ধিৰ বাবে দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ নকৰাত আজি পুনৰ প্ৰতিবাদত নামিল অসম চাহ জনজাতি ছাত্ৰ সন্থা । চাহ জনগোষ্ঠীক জনজাতিকৰণ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰা আৰু চাহ বাগিচা তথা বস্তি অঞ্চলত বসবাস কৰা চাহ জনগোষ্ঠীৰ লোকসকলক মাটিৰ পট্টা প্ৰদান কৰাৰ দাবীত আজি ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মূখত তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।
প্ৰতিবাদীসকলে চৰকাৰক মিছলীয়া আখ্যা দি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে দ্বিতীয় ৰাজধানী চহৰ অৰ্থাৎ ডিব্ৰুগড় চহৰ কঁপাই তোলে । আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই দাবী পূৰণ নকৰিলে নিৰ্বাচনত বিজেপি চৰকাৰক উচিত প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ প্ৰদান কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব লোৱা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি লাজাৰ নন্দই কয়,"বিজেপি চৰকাৰলৈ আমি বৰ আস্থাৰে বাট চাইছিলোঁ । চাহ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰা আৰু চাহ বাগিচাৰ ৰাইজক মাটিৰ পট্টা দিবলৈ দাবী জনাই আহিছিলোঁ ।"
তেওঁ লগতে কয়,"চৰকাৰে বিভিন্ন প্ৰতিশ্ৰুতি দিছিল কিন্তু চাহ বাগিচাৰ ৰাইজৰ সমস্যা সমাধানত ব্যৰ্থ হ'ল চৰকাৰখন । আনহাতে আমাৰ ৰাজনৈতিক ক্ষমতা শেষ কৰিবলৈ চেষ্টা চলাইছে বিজেপি দলে । সেয়ে ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিক ৰাইজৰ সমস্যা সমাধান কৰিব লাগিব চৰকাৰখনে । আৰু ৰাজনৈতিক ভাৱে চাহ জনগোষ্ঠীৰ ৰাইজক নিঃশেষ কৰিবলৈ চেষ্টা কৰিলে নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব ।"

