ETV Bharat / state

বহিঃনিৰীক্ষকক নিৰ্বিচাৰ প্ৰহাৰ কৰা ঘটনাৰ প্ৰতিবাদ, শিক্ষকৰ বিক্ষোভ

অকাজান জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বহিঃনিৰীক্ষকক আক্ৰমণ কৰাত জড়িতক আজিও কৰা নাই গ্ৰেপ্তাৰ ।

Protest against the attacks on the invigilator
বহিঃনিৰীক্ষকক নিৰ্বিচাৰ প্ৰহাৰ, সৰুপথাৰ মহাবিদ্যালয়ত প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 23, 2026 at 2:54 PM IST

3 Min Read
Choose ETV Bharat

সৰুপথাৰ : ধেমাজি জিলাৰ কাণ্ডক লৈ সৰুপথাৰতো প্ৰতিক্ৰিয়া অব্যাহত । এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ মহাবিদ্যালয়ত বিক্ষোভ প্ৰদৰ্শন কৰে । প্ৰতিবাদকাৰীসকলে এই ঘটনাত জড়িতসকলৰ বিৰুদ্ধে ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

ধেমাজি জিলাৰ অকাজান জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এগৰাকী বহিঃনিৰীক্ষকক নিৰ্বিচাৰ প্ৰহাৰ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে ৷ এদল যুৱকৰ অতপালিৰ বিৰুদ্ধে সৰুপথাৰ মহাবিদ্যালয় শিক্ষক গোট, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । বহিঃ নিৰীক্ষক হিচাপে নিজৰ দায়িত্ব সম্পাদন কৰা ধেমাজিৰ চিটী কলেজৰ সহকাৰী অধ্যাপক মনমোহন গগৈৰ আক্ৰমণকাৰীসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ দাবীত সৰুপথাৰ মহাবিদ্যালয় শিক্ষক-ছাত্ৰৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ।

বহিঃনিৰীক্ষকক নিৰ্বিচাৰ প্ৰহাৰ ,সৰুপথাৰ মহাবিদ্যালয়ত প্ৰতিবাদ (ETV Bharat Assam)

শিক্ষকসকলে হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্লোগান দিয়ে । গুৰুতৰভাৱে আহত মনমোহন গগৈ বৰ্তমানে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ৷ সৰুপথাৰ মহাবিদ্যালয়ৰ শিক্ষকসকলে চৰকাৰক দাবী জনাইছে যে দোষীক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে । প্ৰতিবাদী কাৰ্যসূচীত বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্তই কয়, "ধেমাজিৰ ঘটনাটো অতিকৈ দুখজনক কথা । এজন শিক্ষক হিচাপে আমি ওলাই আহিবলগীয়া হৈছে । শিক্ষক আৰু ছাত্ৰৰ যি সম্পৰ্ক সেই সম্পৰ্কক ভৰিৰে মোহাৰি ধেমাজিৰ অকাজানত যি ঘটনা সংঘটিত হ'ল এই ঘটনা হৈ যোৱাৰ আজি কেইবাদিনো হোৱাৰ পিছতো চৰকাৰী পদক্ষেপ গ্ৰহণ কৰা দেখা নাই । এনেকুৱা এক পদক্ষেপ হ'ব লাগে যাতে এই নিৰীহ শিক্ষকসকলক কৰ্তব্য পালন কৰাত উৎসাহ যোগাব ।"

Protest against the attacks on the invigilator
সৰুপথাৰ মহাবিদ্যালয়ত প্ৰতিবাদ (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "আমি শিক্ষকসকলে অতি দুখেৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছো । গোটেইকেইজন দোষীক শাস্তি প্ৰদান কৰক । ভুক্তভোগী শিক্ষক মনমোহন গগৈৰ সম্পূৰ্ণ চিকিৎসাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰক । তেওঁক সু-চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা কৰক । নিৰীক্ষক শিক্ষকসকলে যাতে ভৱিষ্যতে কৰ্তব্য সম্পাদন কৰোতে কোনোধৰণৰ শংকিত হ'বলগীয়া নহয় তেনেকুৱা ব্যৱস্থ গ্ৰহণ কৰক । সকলোলৈকে এটাই অনুৰোধ যে এনেধৰণৰ পৰিস্থিতি অসমত আৰু কেতিয়াও নহওক । শিক্ষক-ছাত্ৰ-অভিভাৱকৰ সম্পৰ্ক সদায় মহিমামণ্ডিত হৈ থাকক ।"

Protest against the attacks on the invigilator
বহিঃনিৰীক্ষকক নিৰ্বিচাৰ প্ৰহাৰ, সৰুপথাৰ মহাবিদ্যালয়ত প্ৰতিবাদ (ETV Bharat Assam)
Protest against the attacks on the invigilator
সৰুপথাৰ মহাবিদ্যালয়ত প্ৰতিবাদ (ETV Bharat Assam)

সৰুপথাৰ মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি পৰাগ ভূঞাই কয়, "ধেমাজি জিলাৰ অকাজান জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বহিঃ নিৰীক্ষকৰ দায়িত্বত থকা মনমোহন গগৈয়ে নিজ কৰ্তব্য পালন কৰিবলৈ যাওঁতেই ছাত্ৰ-ছাত্ৰীসকলে যি ঘটনা সংঘটিত কৰিলে এই বিষয়ত চৰকাৰে দোষীক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিছিল, শিক্ষকজনক আৰ্থিক ক্ষতিপূৰণ দিব লাগিছিল । বৰ্তমানলৈকে শিক্ষকজন চিকিৎসাধীন হৈ আছে । এই ঘটনাক লৈ আমিও শংকিত হৈছো । আমাৰো কৰ্তব্য সম্পাদন কৰিবলৈ গ'লে এনেধৰণৰ কাণ্ড আমাৰ লগতো হ'ব পাৰে । চৰকাৰে উচিত তদন্ত কৰক, দোষীক কৰায়ত্ত কৰক, শাস্তি প্ৰদান কৰক ।"

লগতে পঢ়ক:এজন শিক্ষকে শিক্ষাদান কৰিছে ৭৪ গৰাকী শিক্ষাৰ্থীক

আমাক শিক্ষাৰ পৰা বঞ্চিত নকৰিব, পৰীক্ষা দিবলৈ দিয়ক : সহপাঠীক ন্যায়ৰ দাবীৰে শিক্ষাৰ্থীৰ আহ্বান