অসম-নাগালেণ্ডৰ সীমা সমস্যা নাই বুলি কৈ বিপদত মৃণাল শইকীয়া
সীমান্ত অঞ্চলত বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে আৰম্ভ প্ৰতিবাদ । দল-সংগঠনে ভৱিষ্যতে এনে মন্তব্য নকৰিবলৈ তেওঁক সকীয়াই দিছে ।

Published : July 9, 2026 at 1:42 PM IST
সৰুপথাৰ: অসম-নাগালেণ্ড সীমা সমস্যাক লৈ বিৰোধীয়ে বিধানসভাত উত্থাপন কৰা বিষয়ক লৈ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই কৰা এক মন্তব্যই এতিয়া সীমান্ত অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে । অসম-নাগালেণ্ডৰ সীমা সমস্যা নাই বুলি কোৱাৰ পিছতেই বিধায়কজনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠন জাঙুৰ খাই উঠিছে ।
বুধবাৰে নিশা উৰিয়ামঘাটত চুতীয়া ছাত্ৰ সন্থাই বিধায়ক মৃণাল শইকীয়াৰ পুত্তলিকা দাহ কৰে । প্ৰতিবাদস্থলীত উপস্থিত থাকে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি উৎপল বৰা, মুখ্য সাংগঠনিক সম্পাদক দিগন্ত বৰা, গোলাঘাট জিলাৰ সাংগঠনিক সম্পাদক ত্ৰিদিপ শইকীয়া, ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উপ-সভাপতি হেমন্ত বৰাকে ধৰি ছাত্ৰ সংগঠনটোৰ নেতা-কৰ্মীসকল ।
ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উপ সভাপতি হেমন্ত বৰাই কয়, "সংবাদ মাধ্যমত আমি দেখিবলৈ পালোঁ যে খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই আমাৰ উৰিয়ামঘাট বা মেৰাপানী সীমান্ত অঞ্চলবাসীৰ ওপৰত এটা মন্তব্য কৰিছে । যিহেতু আমি সীমান্ত অঞ্চলত থকা লোক, আমি সীমান্ত অঞ্চলৰ দুখ-দুৰ্দশাৰ কথা আমি জানো, তেওঁ নিজৰ সমষ্টিত থাকি সেই মৰ্মবেদনা উপলব্ধি কৰা নাই । তেওঁ যিটো মন্তব্য কৰিছে আমি সেই মন্তব্যক ধিক্কাৰ জনাইছোঁ আৰু লগতে আমি উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই তেওঁৰ পুত্তলিকা উৰিয়ামঘাট বজাৰৰ মাজত দাহ কৰিছো । ইয়াৰ দ্বাৰা আমি তেওঁক সকীয়াই দিব বিচাৰিছোঁ যে যেতিয়ালৈকে নিজে আহি পৰিদৰ্শন কৰি আমাৰ সীমান্ত অঞ্চলবাসী বা বনাঞ্চলবাসীৰ মৰ্মবেদনা উপলব্ধি নকৰে তেতিয়ালৈকে তেওঁ এনে ধৰণৰ উদ্ভট মন্তব্য যাতে নকৰে ।"
ইফালে সৰুপথাৰৰ বিভিন্ন দল-সংগঠনেও মৃণাল শইকীয়াক তীব্ৰ সমালোচনা কৰিছে । সীমান্তৰ বিষয়ে সম্যক জ্ঞান নথকা ব্যক্তিয়ে সীমান্তৰ বিষয়ে বক্তব্য দিয়াৰ পৰা বিৰত থাকিব লাগে বুলি দাবী কৰিছে সদৌ অসম ছাত্ৰ সন্থাই । সীমান্তত চলি থকা নগাৰ আগ্ৰাসন ৰোধ কৰিবলৈ ব্যৰ্থ হোৱা চৰকাৰৰ বিফলতা ঢাকিবলৈ মৃণাল শইকীয়াই এনে মন্তব্য কৰিছে বুলিও ছাত্ৰ সন্থাই অভিযোগ কৰে ।
আছুৰ ধনশিৰি মহকুমা সমিতিৰ সভাপতি বিকাশ বৰাই এই সন্দৰ্ভত কয়, "গোলাঘাট জিলাৰ অন্তৰ্গত খুমটাই সমষ্টিৰ বিধায়কগৰাকীয়ে সীমান্তত নগাৰ আগ্ৰাসনৰ বিষয়ে আচলতে সাংবাদিকসকলে বা টিভিতহে বেছি প্ৰচাৰ হৈছে বুলি যি অদ্ভুত মন্তব্য কৰিছে সেই মন্তব্যক আমি পোন প্ৰথমে গৰিহণা জনাইছোঁ । তেওঁ ন্যূনতম জ্ঞান নথকাকৈ আচলতে সীমান্তৰ ওপৰত কি ধৰণৰ বক্তব্য ৰাখিব লাগে নাজানে । অনাগত দিনত এনে মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছোঁ ।"
তেওঁ লগতে কয়, "সীমান্তত যদি কোনো ঘটনা হোৱাই নাছিল অসমৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা বা সাংসদে ইয়াত কঁঠাল খাবলৈ আহিছিল নেকি ? সীমান্তত যিধৰণে আচলতে নগাই লোকপিয়ল কৰিছে, গছপুলি ৰোপণত বাধা দিয়ে, আমাৰ মানুহৰ ঘৰে প্ৰতি কৰ সংগ্ৰহ কৰিছে এই কথাবোৰ আচলতে কোনো সাংবাদিকে সৃষ্টি কৰা বিষয় নহয় । ভৱিষ্যতৰ দিনত এনে মন্তব্য নিদিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ ।"
গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈয়েও বিধায়ক মৃণাল শইকীয়াক সমালোচনা কৰি কয়, "সীমান্তৰ বিষয়ে সম্যক জ্ঞান নথকা ব্যক্তিয়ে সীমান্তৰ বিষয়ে বক্তব্য ৰখাৰ পৰা বিৰত থাকিব লাগে । খুমটাই সমষ্টিৰ বিধায়কগৰাকীয়ে যি মন্তব্য কৰিলে সেই মন্তব্যক প্ৰথমে ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ । মূল কথাটো হ'ল যে অসম-নাগালেণ্ড সীমান্তত অসমৰ ভূমিত থকা খিলঞ্জীয়া ৰাইজক নাগালেণ্ডৰ দুষ্কৃতিকাৰীয়ে টেক্স বিচাৰিব, অসমৰ গাঁৱত অগ্নিসংযোগ কৰি দিয়া পৰিলক্ষিত হৈছিল । তাৰ পিছতো লক্ষ্মণৰেখা অতিক্ৰম কৰি অসমৰ ভূমিত তেওঁলোকে লোকপিয়ল কৰিবলৈ আগবাঢ়ি আহিছে । আৰু কিমান পৰ্যায়ত নগা দুষ্কৃতিকাৰীয়ে এনে কাৰ্য সংঘটিত কৰিলে মৃণাল শইকীয়াৰ দৰে ব্যক্তিয়ে সীমান্তত নগাৰ আগ্ৰাসন চলিছে বুলি ক'ব, সেই কথাটো কিন্তু তেওঁলোকে স্পষ্ট কৰিব লাগে । নগাৰ আগ্ৰাসন বন্ধ কৰাত অসম চৰকাৰখন সম্পূৰ্ণৰূপে বিফল হৈছে ।"
উল্লেখ্য যে শেহতীয়াকৈ অসম-নাগালেণ্ড সীমান্তত অসমৰ ভূমিত নাগালেণ্ডে লোকপিয়ল চলোৱাৰ ঘটনা সংঘটিত হৈছে । সৰুপথাৰৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনেই এই কথা ৰাজহুৱা কৰাৰ লগতে নগাৰ আগ্ৰাসন চলিবলৈ দিয়া নহ'ব বুলি সকীয়নিও প্ৰদান কৰিছিল । কিন্তু তাৰ পিছতো শাসকীয় দলৰে এগৰাকী বিধায়কে সীমান্ত সমস্যা নাই বুলি কোৱা কথা এতিয়া কোনো লোকে গ্ৰহণ কৰিব পৰা নাই । সেয়ে সীমান্ত অঞ্চলৰ ৰাইজ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ।
লগতে পঢ়ক :
মন্ত্ৰীয়ে পৰিদৰ্শন কৰাৰ এদিন পিছতে নগাই চলালে জৰীপ, আছুৰ প্ৰতিক্ৰিয়া

