ETV Bharat / state

প্ৰসূতিৰ মৃত্যুৰ ন্যায়ৰ দাবীত মৰাণৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোম ঘেৰাও কৰি প্ৰতিবাদ

ডাঃ দেৱজিৎ চাহুক গ্ৰেপ্তাৰৰ দাবীত ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ গোৰ্খা ছাত্ৰ সন্থাৰ ৷

Protest against Brahmaputra Nursing Home in Dibrugarh at Moran
মৰাণৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোম ঘেৰাও কৰি প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 20, 2026 at 5:44 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : বিৰ্তকই লগ নেৰা হৈছে মৰাণৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমক । মৰাণ নগৰস্থিত ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমত ভুল চিকিৎসাৰ বাবে পুনৰ এগৰাকী প্ৰসূতিৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । চিকিৎসালয়খনত কৰ্মৰত প্ৰসূতি বিভাগৰ চিকিৎসক দেৱজিৎ চাহুৰ গাফিলতিৰ বাবেই প্ৰসূতিগৰাকীৰ মৃত্যুৰ অভিযোগ উত্থাপন কৰি সোমবাৰে গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা মহিলা পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে, মৰাণৰ সমীপৰ হজুৱাৰ ২নং জংঘল ব্ল'ক গাঁৱৰ পদুম ৰায়ৰ পত্নী কবিতা লিম্বুক সন্তান প্ৰসৱৰ হেতু ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমত ভৰ্তি কৰোৱা হৈছিল । যোৱা ৫ মাৰ্চত ডাঃ দেৱজিৎ চাহুৰ তত্ত্বাৱধানত অস্ত্ৰোপচাৰৰ জৰিয়তে এটি দেৱশিশু প্ৰসৱ কৰাৰ পিছতে প্ৰসূতিগৰাকীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে ৷

মৰাণৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোম ঘেৰাও কৰি প্ৰতিবাদ (ETV Bharat Assam)

সংকটজনক অৱস্থাত প্ৰসূতিগৰাকীক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । চিকিৎসালয়ত মৃত্যুৰে যুঁজি যোৱা ১৮ মাৰ্চত কবিতা লিম্বুৱে মৃত্যুক আঁকোৱালি লয় । এই ঘটনাৰ পিছতে ডাঃ দেৱজিৎ চাহুৰ গাফিলতিৰ বাবেই প্ৰসূতিগৰাকীৰ মৃত্যুৰ অভিযোগ তুলি পৰিয়ালৰ লোকে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।

কিন্তু ঘটনাৰ এটা মাহ উকলি যোৱাৰ পিছতো ডাঃ দেৱজিৎ চাহু আৰু ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমৰ বিৰুদ্ধে প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সোমবাৰে গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা মহিলা পৰিষদে প্ৰথম ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোম ঘেৰাও কৰাৰ লগতে মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

অহা ২৪ ঘণ্টাৰ ভিতৰত ডাঃ দেৱজিৎ চাহুক গ্ৰেপ্তাৰ কৰাৰ লগতে মৰাণ নগৰস্থিত ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোম বন্ধ কৰাৰ দাবী জনাইছে প্ৰতিবাদী সংগঠনসমূহে । অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে ।

প্ৰতিবাদ সাব্যস্ত কৰি গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দীপক নেৱাৰে কয়, "মৰাণ নগৰস্থিত ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমত ডাঃ দেৱজিৎ চাহু নামৰ ভণ্ড চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেই এগৰাকী প্ৰসূতিৰ মৃত্যু হ'ল । এই চিকিৎসকজনৰ ভুল চিকিৎসাৰ বাবে ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমত কেবাগৰাকীও প্ৰসূতিয়ে মৃত্যুক আকোঁৱালি ল'ব লগা হৈছে ।’’

উল্লেখযোগ্য যে, মৰাণত নতুনকৈ নিৰ্মাণ হোৱা এই ব্ৰহ্মপুত্ৰ নাৰ্ছিংহোমত প্ৰায় সংঘটিত হৈ আহিছে অবাঞ্চিত ঘটনা । ৰোগীৰ আকস্মিক মৃত্যু হোৱা লগতে ৱাৰ্ড বয়ে এক্স-ৰে কৰা ঘটনা পোহৰলৈ অহাৰ পাছতো প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই । সচেতন মহলে এইখন চিকিৎসালয়ক লৈ বিভিন্ন অভিযোগ প্ৰায়ে উত্থাপন কৰা পাছতো প্ৰশাসনে কিয় চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই তাক লৈ সৃষ্টি হৈছে ৰহস্য ।

লগতে পঢ়ক : অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত : ২৪ এপ্ৰিলত হ'ব শাস্তি ঘোষণা