ETV Bharat / state

গোলাঘাটত নেপাল সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰি দিম: প্ৰণৱ দলে-অমিত নাগৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে হুংকাৰ আদিবাসী মহিলাৰ

কাজিৰঙাত চাহ জনগোষ্ঠীৰ সংগ্ৰহালয় আৰু পঞ্চতাৰকা হোটেল নিৰ্মাণত বাধা প্ৰদান, স্থানীয় ৰাইজক উচটনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা প্ৰণৱ দলে, অমিত নাগসহ এজনক আদালতত হাজিৰ ।

Golaghat protest
প্ৰণৱ দলে-অমিত নাগৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 13, 2026 at 10:23 PM IST

4 Min Read
Choose ETV Bharat

গোলাঘাট : "আদিবাসী লোকৰ ভূমি সুৰক্ষা দিয়াটো তাৰ ভুল হৈছে নেকি । বিজেপি চৰকাৰে আদিবাসী ভোটৰ পৰা চৰকাৰ গঠন কৰিছে । অমিত নাগক আৰক্ষীয়ে সাত দিন কিয় জিম্মাত লৈছে, তাক জে'ললৈ প্ৰেৰণ কৰি দিয়ক । অমিত নাগ আৰু দুজনে মুক্তি নাপালে কালিৰ ভিতৰত গোলাঘাট জিলাত নেপাল সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰি দিম । হিমন্ত বিশ্ব শৰ্মাই আদিবাসী লোকৰ ভোট ল'ব পাৰে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই আদিবাসী লোকক নিজৰ ভৰিৰ তলত ৰাখিব বিচাৰে ।" প্ৰণৱ দলে আৰু অমিত নাগক গ্ৰেপ্তাৰৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই অহা এগৰাকী প্ৰতিবাদকাৰী মহিলাৰ এই সকীয়নি ।

উল্লেখ্য যে কাজিৰঙাত চাহ জনগোষ্ঠীৰ সংগ্ৰহালয় আৰু পঞ্চতাৰকা হোটেল নিৰ্মাণত বাধা প্ৰদান আৰু স্থানীয় ৰাইজক উচটনি দিয়াৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰণৱ দলে, অমিত নাগসহ এজনক সোমবাৰে আদালতত হাজিৰ কৰোৱা হয় । ইয়াৰ পিছতে তিনিওজনকে বিনাচৰ্তে মুক্তিৰ দাবীত শ শ পুৰুষ-মহিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰণৱ দলে-অমিত নাগৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

সোমবাৰে পুৱতি নিশা বোকাখাত আৰক্ষী থানালৈ নিয়া হয় দেওবাৰে গুৱাহাটীত গ্ৰেপ্তাৰ কৰা বোকাখাতৰ যুৱ নেতা প্ৰণৱ দলেসহ আন দুজনক ৷ সোমবাৰে পুৱাতেই বোকাখাত চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছতে বোকাখাত মহকুমা ন্যায়িক আদালতত হাজিৰ কৰোৱা হয় ৷

ইফালে বোকাখাতৰ অলিয়ে-গলিয়ে অসম আৰক্ষীৰ বিৰাট টহল দৃষ্টিগোচৰ হয় ৷ আনহাতে, জনতাৰ হৈ মাত মতা যুৱ নেতা প্ৰণৱ দলেক বিনাচৰ্তে মুক্তিৰ দাবী জনায় প্ৰণৱ দলেৰ সমৰ্থকে ৷ জনতাৰ কণ্ঠৰোধ কৰি কৃষকৰ ভূমি অবৈধভাৱে অধিগ্ৰহণ কৰি পঞ্চতাৰকাযুক্ত হায়াট হোটেল নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব বুলিও তেওঁলোকে হুংকাৰ দিয়ে ৷ লগতে জাতি, মাটি, ভেটি ৰক্ষাৰ কথা কোৱা চৰকাৰখনে সাধাৰণ জনতাক বাকৰুদ্ধ কৰিব খোজা নীতিক কোনো কাৰণতে মানি লোৱা নহ'ব বুলিও হুংকাৰ দিয়ে ৷

Golaghat protest
প্ৰণৱ দলে-অমিত নাগৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ (a)

এই সম্পৰ্কে প্ৰণৱ দলেৰ হৈ ওকালতি কৰা অধিবক্তাই কয়, "আজি আদালতত হাজিৰ কৰাৰ পাছত আৰক্ষীয়ে পুনৰ জিম্মাত বিচাৰিছিল আৰু তাত আমি বাধা প্ৰদান কৰিছিলোঁ । প্ৰণৱ দলেৰ বিৰুদ্ধে আৰক্ষীয়ে কেইবাটাও ধাৰা আৰোপ কৰিছে । তাৰ ভিতৰত মূল ধাৰা হ'ল পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলগা অঞ্চলৰ ৰাইজক উচটনি দিয়া আৰু উক্ত ঠাইত অগ্নিসংযোগৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে । মহামান্য আদালতে তেওঁক সাত দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আৰু প্ৰতিদিনে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে ।"

তেওঁ লগতে কয়, "তেওঁৰ ওপৰত আৰোপ কৰা ধাৰাসমূহৰ ভিতৰত কেইবাটাও জামিনবিহীন গোচৰ ৰুজু কৰা হৈছে । ইফালে প্ৰণৱ দলেয়ে মোক জনোৱা মতে, এই সকলো তেওঁৰ বিৰুদ্ধে এক আৰক্ষীৰ যড়যন্ত্ৰ ।"

আনহাতে, বোকাখাত মহকুমা আদালতৰ পৰা তিনিওজনক পুনৰ গোলাঘাট সদৰ আৰক্ষী থানালৈ আনে আৰক্ষীয়ে । এই খবৰ লাভ কৰি শতাধিক লোক সদৰ আৰক্ষী থানাৰ সন্মুখত উপস্থিত হৈ অমিত নাগসহ দুজনক বিনাচৰ্তে মুক্তিৰ দাবী জনায় । এই সম্পৰ্কে এগৰাকী মহিলাই অমিত নাগ আৰু বাকী দুজনক বিনাচৰ্তে মুক্তি নিদিলে গোলাঘাট জিলাত নেপাল সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰাৰ হুংকাৰ প্ৰদান কৰে ।

Golaghat protest
প্ৰণৱ দলে-অমিত নাগৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

উল্লেখ্য যে কাজিৰঙাৰ ইংলে পথাৰৰ ৰঙাজান অঞ্চলত ৰাজ্য চৰকাৰে চাহ জনগোষ্ঠীৰ সংগ্ৰহালয় আৰু পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছিল । কিন্তু দীৰ্ঘদিনৰ পৰা উক্ত অঞ্চলত বসবাস কৰি থকা চাহ জনগোষ্ঠী আৰু অন্য সম্প্ৰদায়ৰ লোকে ইয়াৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । এই প্ৰতিবাদত মুকলি সমৰ্থন আগবঢ়ায় যুৱ নেতা প্ৰণৱ দলে, অমিত নাগ আৰু কেইবাজনো লোকে । ইয়াৰ পিছতে প্ৰণৱ দলে, অমিত নাগক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক :ভূমি ৰক্ষা আন্দোলনৰ সক্ৰিয় নেতা প্ৰণৱ দলেক গ্রেপ্তাৰ