জনজাতিসকলক ধ্বংসৰ ষড়যন্ত্ৰ; ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বিৰুদ্ধে জোনাইত গৰ্জন
জনজাতিসকলক ধ্বংস কৰাৰ ষড়যন্ত্ৰ নচলিব চিধা কথা.. জোঁৰ সমদলেৰে বিভিন্ন শ্লোগান দি আকাশ-বতাহ কঁপালে জোনাইৰ জনজাতি অধ্যুষিত অঞ্চল ।

Published : November 22, 2025 at 12:04 PM IST
জোনাই : জোনাইৰ বিভিন্ন প্ৰান্তত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ বিৰুদ্ধে জোঁৰ সমদল । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত ধাৰাবাহিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সময়তে জোনাইৰ বিভিন্ন প্ৰান্তত তিনি মিছিং জাতীয় সংগঠন ক্ৰমে টি এম পি কে (TMPK), এম এম কে (MMK) আৰু টি এম এম কে (TMMK)ৰ উদ্যোগত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ বিৰুদ্ধে শুকুৰবাৰে সন্ধিয়া ৰূপায়ণ কৰে জোঁৰ সমদল ।
জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি (CCTOA) আৰু তিনি মিছিং জাতীয় সংগঠনৰ উদ্যোগত তথা বিভিন্ন জনজাতীয় ৰাইজৰ সহযোগত জনজাতিসকলক ধ্বংস কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে জোনাইৰ কেমি জেলম, বিজয়পুৰ, ৰামধন দিখাৰী, গালি, জোনাই আঃনে বিল্লামকে ধৰি বিভিন্ন প্ৰান্তত হাতে হাতে প্লে'-কাৰ্ড লৈ জোঁৰ সমদলেৰে জনজাতিৰ গৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰে । হাতে হাতে জুইৰ শিখা লৈ সংগঠনকেইটাই আঞ্চলিকে আঞ্চলিকে ৰূপায়ণ কৰা এই জোঁৰ সমদলত ছয় জনগোষ্ঠীয়ে জনজাতিকৰণ বিচৰা কাৰ্যক কোনোমতে গ্ৰহণ কৰা নহ'ব বুলি হুংকাৰ দিয়ে ।
আনহাতে, এই ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে বৰ্তমানৰ জনজাতিসকলৰ অস্তিত্ব বিপন্ন হ'ব বুলি উল্লেখ কৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ আগতে পুনৰ চৰকাৰক বিবেচনা কৰিবলৈ প্ৰতিবাদ স্থলীৰ পৰা আহ্বান জনায় । অন্যথা অনাগত দিনত চৰকাৰ তথা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।
কাৰ্যসূচীত অংশগ্ৰহণ কৰি টি এম পিকে জোনাই জিলা সমিতিৰ সাধাৰণ সম্পাদক জান দলেয়ে কয়, "আমি আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, আমি কোনো জাতি-জনগোষ্ঠী উন্নয়নৰ বিৰোধী নহয় । বৰ্তমানৰ জনজাতিসকল ৬ জনগোষ্ঠীৰ উন্নয়নৰ বিৰোধী কেতিয়াও নাছিল আৰু ভৱিষ্যতেও নহয়, তথা অসমৰ সুৰক্ষাৰ বিৰোধী কেতিয়াও নহয় । জনজাতি দাবী কৰি পোৱা বস্তু নহয় । ট্ৰাইবেল ৰাজপথত ওলাই আহি পোৱা বস্তু নহয় । আমি কোনোকালেই ট্ৰাইবেল লাগে বুলি দাবী কৰি পোৱা নাই । চৰকাৰে আমাক ৩৪২ অনুচ্ছেদৰ আধাৰত পিছপৰা জনজাতি হিচাপে জনজাতি প্ৰদান কৰিছে ।"
তেওঁ লগতে কয়, "আমাৰ বাবে অসমৰ সুৰক্ষা সদায় প্ৰথম, কিন্তু নিজক কেতিয়াও বিলীন কৰি নহয় । এছ টি স্বীকৃতিৰ বিপক্ষে থাকিও বৰ্তমানৰ জনজাতিয়ে স্বীকাৰ কৰে যে ৬ জনগোষ্ঠীৰ সামাজিক, আৰ্থিক, ৰাজনৈতিক সুৰক্ষাৰ দাবী যুক্তিসংগত । কিন্তু তেওঁলোকে বৰ্তমানৰ জনজাতিৰ ক্ষতি নোহোৱাকৈ সাংবিধানিক সুৰক্ষাৰ বিষয়টো গৌণ বিষয় হিচাপে চিহ্নিত কৰি আগবাঢ়ি আহিছে । অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে বিকল্প ব্যৱস্থাৰে দাবী উত্থাপন কৰিলে বৰ্তমানৰ তালিকাভুক্ত জনজাতিয়ে প্ৰথম শাৰীত থাকি সহযোগিতা আগবঢ়াব ।"
তেওঁ লগতে কয় যে অসমৰ জনজাতি সমাজৰ স্পষ্ট মত– জনজাতি সমাজ কল্যাণৰ বিপক্ষে তথা অসমৰ সুৰক্ষাৰ বিপক্ষে নহয় । কিন্তু আমি অসমৰ জনজাতিৰ সামাজিক ন্যায়, ৰাজনৈতিক প্ৰতিনিধিত্ব আৰু সমতা ব্যাহত কৰিব পৰা প্ৰতিটো পদক্ষেপৰ বিৰোধী আৰু বিৰোধিতা কৰি যাব। সেইবাবে এই বিষয়টো এক বৈজ্ঞানিক দৃষ্টিভংগী, সামাজিক ন্যায় আৰু পদ্ধতিগত ৰূপত পৰ্যালোচনা হোৱা প্ৰয়োজন বুলিও তেওঁ কয় ।
আনহাতে, জোনাই জিলা ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক দীপক দলেয়ে কয়, "চৰকাৰে অসমৰ ৬ জনবহুল জনগোষ্ঠীক জনজাতি কৰাৰ যো-জা কৰি থকা দেখা গৈছে । ইয়াক আমি তীব্ৰ বিৰোধ কৰিছো । যদি চৰকাৰে জনজাতিকৰণৰ পক্ষ লয় তেন্তে ই হ'ব বৰ্তমানৰ জনজাতিসকলক অপমৃত্যুৰ দিশে ঠেলি দিয়া । সেয়েহে আমি জনজাতিত নতুন সংযোজন বিৰোধ কৰোঁ আৰু কৰি যাম ।"
লগতে যদি চৰকাৰে বৰ্তমানৰ জনজাতিসকলৰ সাংবিধানিক সুবিধা আৰু অধিকাৰ জলাঞ্জলি দি ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰে তেন্তে আমি ক্ষান্ত নাথাকিম, অনাগত দিনত ট্ৰাইবেল তেজৰ শেষ বিন্দু থকালৈকে যুঁজিম বুলিও হুংকাৰ প্ৰদান কৰে ।

