ETV Bharat / state

সাহিত্যিক উপেন্দ্ৰ বৰকটকীক অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান প্ৰদান

অসম সাহিত্য সভাৰ উপ-সভাপতি আৰু প্ৰধান সম্পাদকে সাহিত্যিক উপেন্দ্ৰ বৰকটকীক এই বিশেষ সন্মান প্ৰদান কৰে ।

Prominent writer Upendra Borkotoky
সাহিত্যিক উপেন্দ্ৰ বৰকটকীক অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান প্ৰদান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 29, 2026 at 11:13 AM IST

4 Min Read
Choose ETV Bharat

নগাঁও : বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীক অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান প্ৰদান কৰা হয় । নগাঁৱৰ সমাজ জীৱনৰ সৈতে জড়়িত বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীৰ বাসগৃহত বৃহস্পতিবাৰে সাহিত্য সভাৰ প্ৰতিনিধি দল উপস্থিত হৈ এই বিশেষ সাহিত্য সন্মান প্ৰদান কৰে ।

অসম সাহিত্য সভাৰ ২০২৫-২৬ বৰ্ষৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান গ্ৰহণ কৰি প্ৰাক্তন অধ্যাপক তথা লেখক বৰকটকীয়ে কয়, "অসম সাহিত্য সভাৰ সন্মান লাভ কৰাটো পৰম সৌভাগ্যৰ বিষয় । এটা দীঘলীয়া সময় কৰা ভাল কামবোৰৰ ফল হিচাপেই যেন ভগৱানে এই সন্মান মোক দিছে । এই সন্মানে গভীৰভাৱে উজ্জীৱিত কৰি তুলিছে ।"

সাহিত্যিক উপেন্দ্ৰ বৰকটকীক অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান প্ৰদান (ETV Bharat Assam)

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আঁতধৰা সন্মান প্ৰদান অনুষ্ঠানত সাহিত্যিক বৰকটকীক বঁটা প্ৰদান কৰি উপ-সভাপতি পদুম ৰাজখোৱাই কয়, "সমাজৰ যিসকল গুণী ব্যক্তিয়ে নিজৰ কৰ্ম আৰু সৃষ্টিৰে অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰিছে, অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰিছে, তেওঁলোকক এটা স্বীকৃতি দিয়া, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা আদি কামবোৰ সকলোৰে এটা সামাজিক দায়িত্ব । সেই দায়িত্ব পালন কৰিয়েই বিশিষ্ট সাহিত্যিক, চিন্তাবিদ উপেন্দ্ৰ বৰকটকীক অসম সাহিত্য সভাৰ ২০২৫-২৬ বৰ্ষৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান প্ৰদান কৰা হৈছে । এই সন্মান প্ৰদান কৰি অসম সাহিত্য সভা গৌৰৱান্বিত হৈছে । সাহিত্যিকগৰাকীৰ নগাঁও ৰত্নপুৰৰ বাসগৃহলৈ আহি আমি পৰম আহ্লাদেৰে তেখেতৰ কৰকমলত সেই সন্মান তুলি দিছো আৰু ভগৱানৰ শ্ৰীচৰণত তেখেতৰ সৰ্বময় কল্যাণ প্ৰাৰ্থনা কৰিছো ।"

সন্মান প্ৰদান অনিষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই কয়, "উপেন্দ্ৰ বৰকটকীয়ে অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰিছে । লামডিঙৰ দৰে ঠাইত অসম সাহিত্য সভাৰ ধ্বজা উৰুৱাই ৰখাত এদিন মুখ্য ভূমিকা লোৱা এসময়ৰ সাংবাদিক বৰকটকীয়ে বিভিন্ন ধৰণে অসম সাহিত্য সভাক শক্তিশালী কৰিছে । তাৰেই স্বীকৃতি হিচাপে অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান তেওঁলৈ আগবঢ়াব পাৰি সকলোৱে আনন্দ লাভ কৰিছো । এয়া তেওঁলৈ জাতিৰ সন্মান ।"

উল্লেখ্য, কেইদিনমান পূৰ্বে অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয় ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজন কৰা হৈছিল এটি গাম্ভীৰ্যপূৰ্ণ সন্মান প্ৰদান অনুষ্ঠান । সেই অনুষ্ঠানত লেখক পুষ্প গগৈ, আৰক্ষী অধীক্ষক নোমল মাহান্তা আদিক সন্মানিত কৰা হৈছিল । কিন্তু স্বাস্থ্যজনিত কাৰণত উপেন্দ্ৰ বৰকটকী সন্মান প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব নোৱৰাত অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ নেতৃত্বত স্থায়ী বিত্তীয়নিধিৰ আহ্বায়ক গোৱিন্দ কলিতা, কুঁহি উপ-সমিতিৰ আহ্বায়ক প্ৰশান্ত শইকীয়া, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন, নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ৰেৱত হাজৰিকা, নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱকুমাৰ হাজৰিকা, নগাঁও জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ-সমিতিৰ আহ্বায়ক মনোজকুমাৰ শৰ্মা, সাংগঠনিক সম্পাদক কুমুদ বৰা, কাৰ্যালয় সম্পাদক অধৰ ঠাকুৰীয়া, কাৰ্যালয় সহায়ক দীপাংকৰ শইকীয়াসহ এটা সঁজাতি দলে বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীৰ নগাঁৱৰ ঘৰত উপস্থিত হৈ তেখেতক সভাপতিৰ বিশেষ সাহিত্য সন্মান প্ৰদান কৰে ।

এই বটাঁত আছে এখন গামোচা, কাৰ্বি আদৰণি বস্ত্ৰ, ফুলাম জাপি, কিতাপৰ টোপোলা, স্মাৰক, সভাৰ প্ৰতীকপট আৰু মানপত্ৰ । অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত গোস্বামীয়ে কিছু সময় অনুষ্ঠানত দূৰভাষযোগে উপস্থিত থাকি সাহিত্যিকগৰাকীক শ্ৰদ্ধা নিবেদন কৰে । অনুষ্ঠানত নগাঁৱৰ সাংবাদিকসকলৰ লগতে উপস্থিত থাকে সাহিত্যিকগৰাকীৰ পুত্ৰ অধ্যাপক অৰিন্দম বৰকটকী আৰু পৰিয়ালবৰ্গ ।

উল্লেখযোগ্য যে, প্ৰাক্তন অধ্যাপক উপেন্দ্ৰ বৰকটকী এগৰাকী লেখক, সাহিত্য সমালোচক আৰু জীৱনী লিখক । অসম সাহিত্য সভাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আৰু অসম চৰকাৰৰ ২০০৫ চনৰ সাহিত্যিক পেঞ্চনপ্ৰাপ্ত বৰকটকীয়ে প্ৰায় পঞ্চাশখন বিভিন্ন গ্ৰন্থ ৰচনা কৰিছে ।

লগতে পঢ়ক : পাঁচগৰাকী বিশিষ্ট সাহিত্যিকলৈ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান