অসমৰ একমাত্ৰ ব্যক্তিগত ৰে'ল ষ্টেচনটো চাই আহোগৈ আহক... নেদেখিলে আপুনিও বিশ্বাস নকৰিব
ব্যক্তিগতভাৱে নিৰ্মাণ কৰি উলিয়ালে এটা ৰে'ল ষ্টেচন । অসমৰে এজন যুৱকে সাধন কৰিছে এই অসাধ্য ।

Published : November 28, 2025 at 2:06 PM IST
বাইহাটা: ৰে’লসেৱা এক ৰাজহুৱা যোগাযোগ ব্যৱস্থা ৷ ভাৰতত ৰে’ল সেৱা চৰকাৰী খণ্ডৰ অন্তৰ্গত আৰু ভাৰতীয় ৰে’ল মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত ৷ কিন্তু এজন ব্যক্তিৰো যে নিজা এখন ৰে’ল ষ্টেচন থাকিব পাৰে, এই কথাষাৰ চাগে পোনচাটেই বিশ্বাস কৰাটো আপোনাৰ বাবে টান হ’ব ৷ বিশ্বাস নকৰিলেও এই কথাই সঁচা ৷ তাতোকৈ জানি আচৰিত হ’ব যে এজন ব্যক্তিৰ নামত অসমতেই নিৰ্মাণ কৰা হৈছে এখন ব্যক্তিগত ৰে’ল ষ্টেচন ৷
অসমৰ বাইহাটাৰ কমলপুৰৰ কলাজলত সাজি উলিওৱা হৈছে এখন ব্যক্তিগত ৰে'ল ষ্টেচন ৷ অঞ্চলটোৰ বিশিষ্ট ব্যৱসায়ী কনক ডেকা হৈছে এই ব্যক্তিগত ৰে'ল ষ্টেচনৰ গৰাকী ৷ অঞ্চলটোৰ কলাজল নামৰ ঠাইত প্ৰায় তিনিশ বিঘা ভূমিত সাজি উলিওৱা হৈছে এই ৰে'ল ষ্টেচনৰ পৰিসৰ ৷
য’ৰ পৰা ৰে'লপথেৰে বিভিন্ন ধৰণৰ সা-সামগ্ৰীৰ পৰিবহনৰ সু-ব্যৱস্থা কৰা হৈছে ৷ ৰে'ল ষ্টেচনক মূল ৰে’লপথৰ সৈতে সংযুক্ত কৰিবলৈ নিৰ্মাণ কৰা হৈছে প্ৰায় ২ কিলোমিটাৰ ৭০০ মিটাৰ দৈৰ্ঘৰ ৰে’ল পথ ৷ ষ্টেচনৰ পৰা ৰঙিয়া ষ্টেচনলৈ আহি দেশৰ অন্য প্ৰান্তৰ সৈতে সংযোজিক হ’ব কনক ডেকাৰ এই ব্যক্তিগত ৰে'ল ষ্টেচন ৷
২৪৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পত টাটা,মহিন্দ্ৰা, সোনালিকা, হিন্দুস্তান ইউনিলিভাৰকে ধৰি ভালেসংখ্যক বহুজাতিক প্ৰতিষ্ঠানে গ্ৰহণ কৰিব ল’জিষ্টিক সেৱা । এই প্ৰকল্পত প্ৰায় দুই হাজাৰ যুৱক-যুৱতীয়ে লাভ কৰিব কৰ্ম সংস্থাপন ।
বাইহাটা চাৰিআলিৰ প্ৰয়াত ৰমণী মোহন ডেকাৰ পুত্ৰ কনক ডেকা সমগ্ৰ কামৰূপৰ জিলাৰ ভিতৰতে এগৰাকী সফল ব্যৱসায়ী । নিজৰ একাগ্ৰতাৰ বাবে আজি উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এগৰাকী সফল ব্যৱসায়ী হিচাবে পৰিগণিত হবলৈ সক্ষম হৈছে এগৰাকী যুৱ ব্যৱসায়ী কনক ডেকাই ।
এই সন্দৰ্ভত ডেকাই ই টিভি ভাৰতক কয়,"মোৰ দেউতা ঢুকুৱা চাৰি বছৰ হ'ল । এই পৰিকল্পনাটো আজিৰ পৰা চাৰি পাঁচ বছৰ আগৰ পৰা মই যুগুত কৰিছিলোঁ । দেউতাৰ মনত এক সপোন আছিল এনেৰণৰ এখন ব্যক্তিগত খণ্ডৰ ৰে'ল লাইনৰ লগতে ষ্টেচন বনোৱাৰ । লজিষ্টিক সেৱাৰ ক্ষেত্ৰত আমাৰ পৰিকল্পনা আগৰ পৰাই আছিল আৰু প্ৰায় ডেৰ বছৰৰ শেষত এই ৰে'লৱে প্ৰকল্পৰ কাম শেষ হোৱাৰ পথত ।"
তেওঁ লগতে কয়, "এই ৰে'ল ষ্টেচনৰ দৈৰ্ঘ হৈছে ২কিলোমিটাৰ ৭০০ মিটাৰ । ইয়াত ইতিমধ্যেই দুটা ৰে'ল লাইন নিৰ্মাণ কৰা হৈছে আৰু এটা লাইন নিৰ্মাণ কৰা হ'ব । বাইহাটা ষ্টেচনৰ লগত এই ৰে'ল লাইন সংযুক্ত কৰা হৈছে । এই ৰে'ল লাইন কেৱল মালবাহী ৰে'লৰ বাবেহে নিৰ্মাণ কৰা হৈছে, ইয়াত যাত্ৰীবাহী ৰে'লৰ চলাচল নহয় ।"
লগতে যুৱ ব্যৱসায়ীগৰাকীয়ে জানিবলৈ দিয়া মতে, এই ব্যৱসায়ৰ লগতে দুখনকৈ ঔদ্যোগিক পাৰ্ক আছে ৷ এখন কমলপুৰত আনখন মদনপুৰ টোলগেটৰ ওচৰত । ইতিমধ্যেই তাত প্ৰায় দুহাজাৰ মানুহে সংস্থাপন পাইছে আৰু এই ৰে'লৱে প্ৰকল্পৰ জৰিয়তে প্ৰায় এহেজাৰ নিবনুৱা যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিব বুলি ডেকাই জানিবলৈ দিয়ে ।
প্ৰায় নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা এই ৰে'ল ষ্টেচনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পথত । অহা কেইদিনমানৰ ভিতৰতে এই ৰে'লৱে ষ্টেচনটো আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে । কেৱল ষ্টেচনেই নহয়, দুখনকৈ ৰে'ল ক্ৰয়ৰ বাবেও আগবাঢ়িছে ডেকা ৷
ইতিমধ্যেই দুখন ৰে'ল ক্ৰয়ৰ যাৱতীয় কাগজ-পত্ৰৰ কাম কৰি থকাও হৈছে বুলি উল্লেখ কৰে বাইহাটা চাৰিআলিৰ বিশিষ্ট যুৱ ব্যৱসায়ী কনক ডেকাই ৷ এনেদৰেই এতিয়াৰ অসমৰ ভিতৰত গঢ় লৈ উঠিছে এক ব্যতিক্ৰমী ৰে’ল ষ্টেচন ৷ যি দৰাচলতে এক ব্যক্তিগত ৰে’ল ষ্টেচন ৷ এনে পদক্ষেপ সঁচাই বিৰল আৰু অসমৰ ভিতৰতে ব্যক্তিগত খণ্ডৰ ৰে'লৱে ষ্টেচনৰ ভিতৰত এইটোৱে প্ৰথম ৷

