ETV Bharat / state

পেলনীয়া ৰেচম পলুৰ খোলাৰ সৃষ্টিশীল ব্যৱহাৰ : গৱেষণাই দেখুৱাইছে আত্মনিৰ্ভশীলতাৰ নতুন পথ

কেৱল সূতাই নহয়, ৰেচম পলুৰ খোলাৰে আৰু কি কি বনাব পাৰি ? আটকধুনীয়া অলংকাৰ, গৃহসজ্জাৰ সামগ্ৰী প্ৰস্তুত কৰাৰ প্ৰয়াস কটন বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকাৰ ।

jewelry from silk cocoons
ৰেচম কীটৰ খোলাৰ পৰা বিভিন্ন প্ৰকাৰৰ সামগ্ৰী প্ৰস্তুত (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 15, 2026 at 8:21 PM IST

7 Min Read
Choose ETV Bharat

গুৱাহাটী: অসমত ৰেচম শিল্পৰ এক সুকীয়া ইতিহাস আৰু ঐতিহ্য আছে । এয়া অসমৰ পৰম্পৰা আৰু সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ । বিশেষকৈ মুগা আৰু এৰী ৰেচমে সমগ্র বিশ্বজুৰি অসমৰ এক সুকীয়া পৰিচয় দাঙি ধৰি আহিছে । অসমৰ বহু ঠাইৰ বিশেষকৈ উজনি অসমৰ ধেমাজি, লখিমপুৰৰ আৰু নামনি অসমৰ শুৱালকুছিৰ বহু পৰিয়ালে ৰেচম পালন আৰু বয়ন শিল্পৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰি আহিছে ।

বিশেষকৈ গ্ৰামাঞ্চলত বহু মহিলা আৰু যুৱক এই উদ্যোগৰ সৈতে জড়িত হৈ আত্মনিৰ্ভৰশীল হোৱাৰ সুযোগ লাভ কৰিছে । এইক্ষেত্ৰত চৰকাৰেও বিভিন্ন আঁচনিৰ জৰিয়তে ৰেচম পালকসকলক উৎসাহিত কৰি আছে । অসমৰ এই ৰেচম শিল্পই ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বজাৰতো নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

ৰেচম কীটৰ খোলাৰ পৰা বিভিন্ন প্ৰকাৰৰ সামগ্ৰী প্ৰস্তুত (ETV Bharat)

অসমত উপলব্ধ ৰেচম পলুৰ দ্বাৰা কেৱল সূতাই নহয় অন্য কিছু সামগ্ৰীও উৎপাদন কৰিব পাৰি । বিজ্ঞানসন্মতভাৱে ৰেচমৰ পেলনীয়া তথা বেয়া কীটৰ খোলাসমূহৰ পৰা গৃহসজ্জাৰ বিভিন্ন সামগ্ৰীৰ লগতে অলংকাৰো প্ৰস্তুত কৰিছে কটন বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপিকা ডঃ তৰালী কলিতা আৰু তেওঁৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে । কলিতাই জনোৱা অনুসৰি তেওঁৰ গৱেষণাৰ বিষয় আছিল ৰেচম শিল্প । গৱেষণাৰ পৰৱৰ্তী সময়ত তেওঁ পেলনীয়া ৰেচম কীটৰ খোলাসমূহেৰে অন্য কিছু সামগ্ৰী প্ৰস্তুত কৰিব পাৰে নেকি তাৰে গৱেষণা আৰম্ভ কৰিলে । পৰৱৰ্তী সময়ত সেই ৰেচম কীটৰ খোলাবোৰৰ দ্বাৰা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰে । প্ৰথম অৱস্থাত তেওঁ আৰু পিছত তেওঁৰ পৰীক্ষাগাৰত থকা গৱেষক শিক্ষাৰ্থী মৃগাক্ষী ফুকনৰ সহযোগত ২০২৩ চনৰ পৰাই এই কাম আৰম্ভ কৰে।

কোনবোৰ ৰেচম কীটৰ খোলাৰ পৰা সূতা ওলায় ?

এই সন্দৰ্ভত অধ্যাপিকা ডঃ তৰালী কলিতাই কয়, "ৰেচম শিল্পৰ ক্ষেত্ৰত অসম ঐতিহ্যৰ ঠাই । বিশেষকৈ মুগাৰ ক্ষেত্ৰত অসম বিখ্যাত । মুগা পলুৰ সমান্তৰালকৈ ইয়াত বিভিন্ন ধৰণৰ এৰী, পাটকে ধৰি প্ৰায় ১২ বিধ বনৰীয়া ৰেচম পলু অসমত পোৱা যায় । অৱশ্যে মুগা, এৰী, পাট, মালবেৰীৰ বাহিৰে অন্য যিখিনি বনৰীয়া পলু আছে সেইবোৰৰ পৰা বৰ্তমানলৈকে সূতা উলিয়াব পৰা হোৱা নাই যদিও ইয়াৰ ওপৰতো গৱেষণা চলি আছে ।

jewelry from silk cocoons
ৰেচম কীটৰ খোলাৰ পৰা বিভিন্ন প্ৰকাৰৰ সামগ্ৰী প্ৰস্তুত (ETV Bharat)

ৰেচম পলুৰ কীটেৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাৰ পৰিকল্পনা

ডঃ তৰালী কলিতাই কয়, "আমাৰ প্ৰথম প্ৰকল্পটো আছিল অসমত যিবোৰ ৰেচন পলু আছে । ঘৰচীয়াই হওক বা বনৰীয়াই হওক নাইবা আংশিক ঘৰচীয়া হওক আমি সেইবোৰৰ ওপৰত গৱেষণা কৰাৰ লগতে সেইবোৰৰ পৰা আহৰণ কৰা সূতাৰ মান কেনেধৰণৰ হয় তাৰ ওপৰত গৱেষণা কৰোতে বহুখিনি ৰেচম পলুৰ খোলা বা ককুন আমাৰ হাতত ৰৈ গৈছিল । সেই খোলাখিনি পেলাই দিবলৈ বেয়া লগাত তাৰ পৰা কিবা কৰিব পাৰি নেকি চিন্তাচৰ্চা কৰিলোঁ । তেতিয়া মালবেৰীৰ পৰা কিছুমান সামগ্ৰী তৈয়াৰ কৰা দেখিবলৈ পালোঁ কিন্তু ভাল খোলাৰ পৰা তেওঁলোকে সেইবোৰ প্ৰস্তুত কৰাৰ বাবে তাৰ মূল্য অধিক আছিল ।"

jewelry from silk cocoons
ৰেচম কীটৰ খোলাৰ পৰা উলিওৱা সূতা (ETV Bharat)

তেওঁ লগতে কয়, "ৰেচম পলুৰ গুৰুত্বপূৰ্ণ অংশটোৱে হৈছে ককুন বা লাট বা পলুৰ খোলা, যাৰ পৰা আমি সূতা পাওঁ । কিন্তু সকলো খোলাৰ পৰা সূতা কাটিব নোৱাৰি । কেতিয়াবা পৰিৱেশৰ প্ৰভাৱত বা বিভিন্ন কাৰণত খোলাবোৰৰ মান কমি যায় আৰু সেইবোৰৰ পৰা সূতা কাটিব নোৱাৰে । সেয়ে মই পৰিকল্পনা কৰিলোঁ যে সেইবোৰ এনেই পেলাই থোৱাতকৈ বা তাৰ পৰা পৰিৱেশ প্ৰদূষণ হোৱাতকৈ আমি কিছু সামগ্ৰী উৎপাদন কৰিব পাৰোঁ । তেনেদৰেই আৰম্ভ কৰিছিলোঁ ।"

jewelry from silk cocoons
ৰেচম কীটৰ খোলাৰ পৰা ভিন্ন প্ৰকাৰৰ কাণফুলি প্ৰস্তুত (ETV Bharat)

ককুন বা ৰেচম পলুৰ খোলা আহৰণ কৰা সন্দৰ্ভত তেওঁ কয়, "প্ৰথম অৱস্থাত এই ককুন বা খোলাবোৰ গাঁৱৰ ৰেচম পলু পালকসকল আৰু চৰকাৰী ৰেচম ফাৰ্মৰ পৰা সংগ্ৰহ কৰিছিলোঁ । পৰৱৰ্তী সময়ত এইবোৰ সংগ্ৰহ কৰি তাৰ মানদণ্ড অনুসৰি বেলেগ বেলেগ ভাগত ভাগ কৰা হয় ।"

jewelry from silk cocoons
ৰেচম কীটৰ খোলাৰ পৰা এবিধ বিশেষ কেণ্ডি আৰু চাবোন প্ৰস্তুত কৰা হৈছে (ETV Bharat)

সামগ্ৰীবোৰ কেনেদৰে প্ৰস্তুত কৰা হয় সেই সন্দৰ্ভত প্ৰাণী বিজ্ঞান বিভাগৰ অধ্য়াপিকাগৰাকীয়ে লগতে কয়, " এইবোৰ নিমপাতেৰে পানীত ভালদৰে সিজোৱা হয় । সিজোৱাৰ পাছত সেইসমূহ ভালদৰে শুকুৱাই লোৱা হয় । তাৰ পাছত কিছুমানত প্ৰাকৃতিক ৰং কৰা হয় আৰু কিছুমানত কৃত্ৰিম ৰং লগোৱা হয় । তাৰ পাছত সামগ্ৰী প্ৰস্তুত কৰিবলৈ যিধৰণে লাগে সেইধৰণে কাটি লোৱা হয় । এই ৰেচম পলুৰ খোলাৰে দুই ধৰণৰ সামগ্ৰী ক্ৰমে গৃহসজ্জা আৰু অলংকাৰ আদি প্ৰস্তুত কৰা হয় । গৃহসজ্জা সামগ্রীৰ ভিতৰত কেনভাচ, ড্ৰিম কেটচাৰ্ছ, কেণ্ডেল হ'ল্ডাৰ আদি তৈয়াৰ কৰা হয় ।" এই সামগ্ৰীসমূহ চৰকাৰৰ পেটেণ্ট কাৰ্যালয়ৰ পৰা ব্যতিক্ৰমী ডিজাইন হিচাপে স্বীকৃতি লাভ কৰিছে বুলিও জনাইছে কলিতাই ।

jewelry from silk cocoons
পেলনীয়া ৰেচম পলুৰ খোলাৰে আকৰ্ষণীয় সামগ্ৰী প্ৰস্তুত কটন বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকাৰ (ETV Bharat)

এই সামগ্ৰীবোৰ কেনেদৰে বিক্ৰী কৰা হয় ?

তেওঁ জনোৱা মতে এই সামগ্ৰীবোৰ সমাজিক মাধ্যমত তেওঁলোকৰ সামাজিক মাধ্যমৰ পেজ 'সৃজনী- Dreams in a cocoon'ৰ জৰিয়তে বিক্ৰী কৰে । তৰালী কলিতাই নিজেই এই সামগ্ৰীবোৰ প্ৰস্তুত কৰাৰ পিছত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলকো অংশগ্ৰহণৰ সুযোগ দিয়ে । যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই সামগ্ৰী প্ৰস্তুত কৰে তেওঁলোকক ইয়াৰ বাবদ এক পাৰিশ্ৰমিকো প্ৰদান কৰা হয় বুলি অধ্যাপিকা তৰালী কলিতাই জনাইছে ।

jewelry from silk cocoons
ৰেচম কীটৰ খোলাৰ প্ৰকাৰ (ETV Bharat)

এই প্ৰকল্পত কিমান ব্যয় হয় ?

এই সন্দৰ্ভত ডঃ কলিতাই কয়, "প্ৰথম অৱস্থাত ৰেচম পলুৰ খোলাবোৰ বিনামূলীয়াকৈ সংগ্ৰহ কৰিছিলো । কিন্তু বৰ্তমান প্ৰতিকেজিত প্ৰায় ৬০০-৭০০ টকাত ক্ৰয় কৰা হয় । গাঁৱে গাঁৱে গৈ এইবোৰ সংগ্ৰহ কৰা হয় । লগতে বনৰীয়াখিনি আমি নিজে গৈ সংগ্ৰহ কৰি আনোঁ ।"

jewelry from silk cocoons
ৰেচম পলুৰ জীৱনচক্ৰ (ETV Bharat)
jewelry from silk cocoons
ৰেচম কীটৰ খোলাৰে বিভিন্ন প্ৰকাৰৰ অলংকাৰ আৰু গৃহসজ্জা সামগ্ৰী প্ৰস্তুত (ETV Bharat)

প্ৰশিক্ষণৰ ব্যৱস্থা

নিজে এই সামগ্ৰী প্ৰস্তুত কৰাৰ উপৰিও আন ইচ্ছুক লোকসকলকো প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে ডঃ তৰালী কলিতাই । এই সন্দৰ্ভত অধ্যাপিকা কলিতাই কয়, "আমি একাডেমীক কিছু কাৰণত ফিল্ডত গৈ প্ৰশিক্ষণ দিবলৈ কিছু অসুবিধা হয় । কিন্তু আমি সন্দিকৈ মহাবিদ্যালয়, আইআইটি গুৱাহাটী, কটন বিশ্ববিদ্যালয় আদিত প্ৰদৰ্শনী কৰিছিলোঁ য'ত আমি যথেষ্ট ভাল সঁহাৰি লাভ কৰিছিলোঁ । শেহতীয়াকৈ বিহালীত আমি প্ৰশিক্ষণ দিছিলোঁ । তাত উজনি অসমৰ কেবাখনো মহাবিদ্যালয়ৰ শিক্ষকে অংশগ্ৰহণ কৰিছিল ।"

ৰেচম কীটৰ খোলাৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ মূল্য

ভাল ৰেচম কীটৰ খোলাৰ পৰা নিৰ্মাণ কৰা কাণফুলি আদিৰ মূল্য ই-কমাৰ্চ প্লেটফৰ্মত প্ৰায় ১৫০০ টকা মানৰ পৰা আৰম্ভ হয় । এই সন্দৰ্ভত তেওঁ কয়, "যিহেতু আমি বেয়া খোলাবোৰৰ পৰা সেইসমূহ প্ৰস্তুত কৰোঁ গতিকে সেই কাণফুলি আমি পাৰিশ্ৰমিকৰ পৰা সকলোখিনি চাই নূন্যতম ৫০০ টকাৰ পৰা বিক্রী কৰিব পাৰোঁ ।"

jewelry from silk cocoons
ৰেচম কীটৰ খোলাবোৰত ৰং লগোৱাৰ পিছত (ETV Bharat)

কেৱল অলংকাৰ আৰু গৃহসজ্জা সামগ্ৰীয়ে নহয় ৰেচম পলুৰ পৰা তৰালী কলিতাৰ নেতৃত্বত শিক্ষাৰ্থীসকলে এবিধ বিশেষ কেণ্ডি আৰু চাবোনো প্ৰস্তুত কৰি উলিয়াইছে । এই চাবোনৰ মূল্য প্ৰায় ১০০ টকা হ'ব বুলি তেওঁ জনাইছে ।

jewelry from silk cocoons
ৰেচম কীটৰ খোলাৰে মহিলাসকলে ব্যৱহাৰ কৰা বিভিন্ন অলংকাৰ প্ৰস্তুত কৰিছে কটন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা তৰালী কলিতাই (ETV Bharat)

উল্লেখ্য যে বৰ্তমান মুগা আৰু পলুৰ উৎপাদন চাহিদা অনুসৰি অসমত বহু পৰিমাণে কমি গৈছে । ইয়াৰ উৎপাদন কেনেদৰে বৃদ্ধি কৰিব পাৰি লগতে অন্য বনৰীয়া ৰেচন পলুৰ পৰা কেনেদৰে সূতা আহৰণ কৰিব পাৰি এই সন্দৰ্ভত গৱেষণা কৰি আছে ডঃ তৰালী কলিতা আৰু শিক্ষাৰ্থীসকলে । এই সন্দৰ্ভত এখন গ্ৰন্থও ৰচনা কৰিছে । তেওঁৰ সৈতে কাম কৰা শিক্ষাৰ্থীসকলে বিভিন্ন ঠাইলৈ গৈ প্ৰশিক্ষণ দিয়াৰ লগতে কেনেদৰে অন্য লোকক স্বাৱলম্বী কৰিব পাৰি তাৰ ওপৰতো কাম কৰি আছে । তৰালী কলিতা আৰু তেওঁৰ অধীনত শিক্ষাৰ্থীসকলে ৰেচম শিল্পৰ কেৱল প্ৰসাৰে নহয় ইয়াৰ পৰা যে আৰু বহু সামগ্ৰী প্ৰস্তুত কৰি অৰ্থনৈতিক দিশত স্বাৱলম্বী হ'ব পাৰি তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে । বহুতে তেওঁলোকৰ এই কামক প্ৰশংসা কৰাৰ লগতে ইয়াৰ প্ৰতি আগ্ৰহো দেখুৱাইছে ।

লগতে পঢ়ক :

এৰী কাপোৰ আপুনি দেখিছে বা পিন্ধিছে, কিন্তু এৰীৰ চাবোন ব্যৱহাৰ কৰিছেনে ?