ETV Bharat / state

বিশ্বৰ শীৰ্ষ ৫ শতাংশ বিজ্ঞানীৰ তালিকাত জিলিকিল ডঃ মধুমিতা বৰুৱা

কৃষি জৈৱপ্ৰযুক্তি গৱেষণাত ডঃ মধুমিতা বৰুৱাৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি । বিশ্বৰ শীৰ্ষ ৫ শতাংশ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিছে অধ্যাপিকাগৰাকীয়ে ।

Professor Dr. Madhumita Baruah is listed among the top 5% of scientists in the world
বিশ্বৰ শীৰ্ষ ৫ শতাংশ বিজ্ঞানীৰ তালিকাত জিলিকিল ডঃ মধুমিতা বৰুৱা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 2, 2026 at 6:49 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ আণৱিক জীৱবিজ্ঞান আৰু জৈৱ প্ৰযুক্তি বিভাগৰ অধ্যাপিকা ডঃ মধুমিতা বৰুৱা কৃষি জৈৱ প্ৰযুক্তি ক্ষেত্ৰত আগবঢ়োৱা গৱেষণাৰ বাবে বিশ্বৰ শীৰ্ষ ৫ শতাংশ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিছে ।

প্ৰকাশনৰ মান, উদ্ধৃতিৰ প্ৰভাৱ, গৱেষণাৰ উৎপাদনশীলতা আদি আন্তঃৰাষ্ট্ৰীয় সূচকৰ ভিত্তিত প্ৰস্তুত এই ৰেংকিঙে তেওঁক নিজ ক্ষেত্ৰৰ বিশ্বৰ অন্যতম প্ৰভাৱশালী গৱেষক হিচাপে স্বীকৃতি প্ৰদান কৰিছে ।

১৯৯১ চনত অসম কৃষি বিশ্ববিদ্যালয়ত যোগদান কৰাৰ পিছৰে পৰা ৩৫ বছৰতকৈ অধিক সময় ধৰি ডঃ বৰুৱাই আণৱিক জীৱবিজ্ঞান, অণুজীৱ আৰু উদ্ভিদ জৈৱপ্ৰযুক্তি, বহনক্ষম কৃষি আদি ক্ষেত্ৰত উল্লেখযোগ্য গৱেষণা চলাই আহিছে ।

বিশ্বৰ শীৰ্ষ ৫ শতাংশ বিজ্ঞানীৰ তালিকাত জিলিকিল ডঃ মধুমিতা বৰুৱা (ETV Bharat Assam)

এই সময়ছোৱাত তেওঁ যুক্তৰাজ্যৰ ইউনিভাৰ্ছিটি অৱ ৰিডিং, ইউনিভাৰ্ছিটি অৱ এক্সেটাৰ, আমেৰিকাৰ পেনছিলভেনিয়া ষ্টেট ইউনিভাৰ্ছিটি, টেক্সাছ এ এণ্ড এম ইউনিভাৰ্ছিটি, জৰ্জটাউন ইউনিভাৰ্ছিটি আদিৰ পৰা ডিবিটি অভাৰচিজ ফেল'শ্বিপ, নৰ্মান ই. ব'ৰলগ ফেল'শ্বিপ, কমনৱেলথ স্ক'লাৰশ্বিপ আৰু ফুলব্ৰাইট ফেল'শ্বিপকে ধৰি একাধিক সন্মানজনক আন্তঃৰাষ্ট্ৰীয় ফেল'শ্বিপ লাভ কৰিছে ।

ডঃ বৰুৱাৰ গৱেষণাৰ এক বিশেষ দিশ হৈছে অসমৰ পৰম্পৰাগত ফাৰ্মেণ্টেড খাদ্য আৰু পানীয়ৰ বৈজ্ঞানিক বিশ্লেষণ । অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি জৈৱপ্ৰযুক্তি বিভাগ আৰু ডিবিটি-নৰ্থ ইষ্ট চেণ্টাৰ ফৰ এগ্ৰিকালচাৰেল বায়'টেকন'লজীৰ সহযোগত তেওঁৰ গৱেষক দলে জিনোম ছিকুৱেঞ্চিং, মাচ স্পেকট্ৰ'মেট্ৰি, এটমিক এবজৰ্পচন স্পেকট্ৰমেট্ৰি আৰু এফটিআইআৰ স্পেকট্ৰ'স্কপি আদি আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি অসমৰ বহু পৰম্পৰাগত খাদ্যৰ পুষ্টিগুণ আৰু স্বাস্থ্যগত উপকাৰিতা বৈজ্ঞানিকভাৱে প্ৰতিপন্ন কৰিছে ।

Professor Dr. Madhumita Baruah is listed among the top 5% of scientists in the world
বিশ্বৰ শীৰ্ষ ৫ শতাংশ বিজ্ঞানীৰ তালিকাত জিলিকিল ডঃ মধুমিতা বৰুৱা (ETV Bharat Assam)

এই গৱেষণাত দেখা গৈছে যে মাত্ৰ ১২ ঘণ্টা ফাৰ্মেণ্টেচনৰ ফলত খাদ্যত থকা ফাইটিক এচিড প্ৰায় ৭৫ শতাংশলৈ হ্ৰাস পায় আৰু লৌহ, মেগনেছিয়াম, কেলচিয়াম আদি গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ শৰীৰে গ্ৰহণ কৰিব পৰা ক্ষমতা বহু গুণ বৃদ্ধি পায় ।

আন এক গৱেষণাত অসমৰ ঐতিহ্যবাহী কলাখাৰ কেৱল সোৱাদ বৃদ্ধিকাৰী উপাদান নহয়, বৰং এক পুষ্টিকৰ খাদ্য উপাদান হিচাপেও প্ৰমাণিত হৈছে । কলাখাৰ ব্যৱহাৰ কৰি মাটিমাহ ৰন্ধা হলে টেনিন আৰু ফাইটিক এচিডৰ পৰিমাণ যথেষ্ট হ্ৰাস পোৱাৰ লগতে প্ৰ'টিন হজমক্ষমতা উল্লেখযোগ্যভাৱে বৃদ্ধি পায় ।

ইয়াৰ উপৰিও অসমৰ পৰম্পৰাগত সৰিয়হৰ ফাৰ্মেণ্টেড খাদ্য কাহুদি আৰু খাৰলিৰ ওপৰত কৰা গৱেষণাই এই দুয়োটা খাদ্যত ভিন্ন ধৰণৰ উপকাৰী বেক্টেৰিয়াৰ উপস্থিতি আৰু স্বাস্থ্যৰ বাবে লাভদায়ক জৈৱ-সক্ৰিয় উপাদান থকাৰ তথ্য প্ৰকাশ কৰিছে । এই গৱেষণা আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান আলোচনীত বিশেষ সমাদৃত হৈছে ।

ডঃ বৰুৱাৰ গৱেষক দলে অসমৰ পৰম্পৰাগত চাউল-ভিত্তিক ফাৰ্মেণ্টেড পানীয় সাজ আৰু লুক লাওক কেন্দ্ৰ কৰিও উন্নত প্ৰযুক্তি উদ্ভাৱন কৰিছে । ব্যৱসায়িক কাৰণত ইয়াৰ সকলো তথ্য প্ৰকাশ কৰা হোৱা নাই যদিও ইতিমধ্যে এই প্ৰযুক্তি কেইবাটাও কৃষি-খাদ্যভিত্তিক ষ্টাৰ্টআপলৈ হস্তান্তৰ কৰা হৈছে । ইয়াৰ ফলত অসমৰ পৰম্পৰাগত খাদ্য আৰু পানীয় বিজ্ঞানসম্মত মূল্য সংযোজনৰ জৰিয়তে বৃহৎ বজাৰলৈ আগবাঢ়াৰ সম্ভাৱনা সৃষ্টি হৈছে ।

ডঃ মধুমিতা বৰুৱাৰ এই সাফল্যক অসম কৃষি বিশ্ববিদ্যালয়ৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি উল্লেখ কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁক অভিনন্দন জনাইছে । এই স্বীকৃতিয়ে কৃষি শিক্ষা, গৱেষণা, জৈৱপ্ৰযুক্তি, বহনক্ষম কৃষি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় সুনাম অধিক শক্তিশালী কৰাৰ লগতে অসমৰ পৰম্পৰাগত খাদ্য-সংস্কৃতিকো বিশ্ব মঞ্চলৈ লৈ যোৱাত এক নতুন দিশ উন্মোচন কৰিছে ।

লগতে পঢ়ক: দ্বিতীয় ৰাজধানী চহৰত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

ৰূপম ভূঞাৰ ‘ছায়া ছবি’এ আনিছে আপোনাৰ বাবে ডাঙৰ সুযোগ !