অধ্যাপক ডঃ অতনু নাথলৈ বিজ্ঞান জগতৰ অস্কাৰস্বৰূপ 'বেকথ্ৰু প্ৰাইজ-২০২৬'
১১ জন ভাৰতীয়কে ধৰি বিশ্বৰ ৩৭৬ গৰাকী বিজ্ঞানীৰ সৈতে তেওঁ এই সন্মান লাভ কৰিছে ।

Published : April 24, 2026 at 8:12 PM IST
নলবাৰী: শুকুৰবাৰে টিহু মহাবিদ্যালয়ত বিৰাজ কৰে এক উখল-মাখল পৰিৱেশে । কিয়নো মহাবিদ্যালয়খনৰ এগৰাকী অধ্যাপকে গৌৰৱ কঢ়িয়াই আনিলে সমগ্ৰ ৰাজ্যখনলৈ । তেওঁ হ'ল টিহু মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ অতনু নাথ । নাথে লাভ কৰিলে বিজ্ঞান জগতৰ অস্কাৰস্বৰূপ 'বেকথ্ৰু প্ৰাইজ ইন ফাণ্ডামেণ্টেল ফিজিক্স' বঁটা ।
১১ জন ভাৰতীয়কে ধৰি বিশ্বৰ ৩৭৬ গৰাকী বিজ্ঞানীৰ সৈতে তেওঁ এই সন্মান লাভ কৰিছে । মৌলিক পদাৰ্থ বিজ্ঞানৰ ব্ৰেকথ্ৰু বঁটা লাভ কৰা উত্তৰ-পূব ভাৰতৰ প্ৰথম আৰু একমাত্ৰ বিজ্ঞানী হিচাপে পৰিচিত হ'ল ডঃ অতনু নাথ ।
হাইলাকান্দিৰ লালাবজাৰৰ বাসিন্দা ডঃ অতনু নাথৰ এই সাফল্যই কেৱল তেওঁৰ ব্যক্তিগত কৃতিত্ব নহয়, বৰং সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গৌৰৱৰ বিষয় হিচাপে পৰিগণিত হৈছে । ডঃ নাথৰ এই সাফল্যই অসমৰ যুৱ প্ৰজন্মক বিজ্ঞান আৰু গৱেষণাৰ দিশত আগবাঢ়িবলৈ এক শক্তিশালী প্ৰেৰণা যোগাইছে । বিশেষকৈ গ্ৰামাঞ্চলৰ পৰা আগবাঢ়ি আহি আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ প্ৰতিভা প্ৰতিষ্ঠা কৰাৰ এই উদাহৰণে বহু শিক্ষাৰ্থীক নতুন সপোন দেখুৱাবলৈ সক্ষম হৈছে ।
তেওঁৰ এই সাফল্যৰ সন্দৰ্ভত সাংবাদিকৰ আগত কয়, "খুব ভাল লাগিছে, উত্তৰ পূৰ্বাঞ্চলে যে এই স্বীকৃতি লাভ কৰিছে । এই সম্পৰীক্ষাটো আচলতে মই অকলে নহয়, আমাৰ এটা টীম আছে । ১৯৬০ চনৰ পৰা এই গৱেষণা আৰম্ভ হৈছিল ।"
নতুন প্ৰজন্মক আগ্ৰহী কৰিবলৈ অধ্যাপকগৰাকীয়ে কয়,"মই প্ৰতিগৰাকী অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী, সমাজৰ সকলোকে এইটোৱেই আহ্বান জনাম যে আপোনালোকে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক ইঞ্জিনিয়াৰ বা ডাক্তৰ হ'ব লাগিব বুলি হেঁচা নিদিব । বহুতৰ বহু প্ৰতিভা আছে, সেইবোৰত গুৰুত্ব দিব লাগে ।"
From Hailakandi to the global stage.
— Himanta Biswa Sarma (@himantabiswa) April 23, 2026
Congratulations to Dr. Atanu Nath on being awarded the 2026 Breakthrough Prize in Fundamental Physics, often called the “Oscars of Science.”
His achievement is a matter of pride for the entire Northeast and an inspiration for young minds. https://t.co/Bdj69TG1Xz
তেওঁৰ এই বিশ্বমানৰ সাফল্যৰ বাবে অসমৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠান, সমাজ-সংগঠন আৰু সচেতন নাগৰিকে তেওঁক অভিনন্দন জনাবলৈ টিহু মহাবিদ্যালয়লৈ আহিছে । ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নজনে সামাজিক মাধ্যমত তেওঁক শুভকামনা জনাইছে ।
ৰাজ্যখনত বিজ্ঞানচৰ্চাৰ ক্ষেত্ৰত অধিক উন্নতি আৰু আগ্ৰহ সৃষ্টি কৰিবলৈ এই সফলতাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।

