ETV Bharat / state

বন্ধ হ'ব বিয়াগোম লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত : ক্ল'জাৰ ৰি'পৰ্টক প্ৰত্যাহ্বান জনাব গোচৰীয়া ভবেন সন্দিকৈয়ে

প্ৰায় ৯ বছৰ চিবিআইৰ হাতত এই গোচৰ আছিল যদিও গুৱাহাটীস্থ চিবিআই আদালতত তদন্তকাৰী সংস্থাটোৱে তদন্ত সংক্ৰান্তীয় চূড়ান্ত প্ৰতিবেদন দাখিলেৰে গোচৰটো ইতি পেলোৱাৰ দিশে আগবাঢ়িছে ।

LOUIS BURGER SCAM
প্ৰতিনিধিত্বমূলক ছবি (IANS)
author img

By ETV Bharat Assamese Team

Published : July 3, 2026 at 11:13 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: বহু হাই প্ৰফাইল ব্যক্তিৰ নাম সাঙোৰ খাই থকা বিয়াগোম লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত বন্ধ হ'ব । ২০১৭ চনৰ পহিলা ছেপ্টেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক্ৰমে এই বিয়াগোম কেলেংকাৰী গোচৰৰ তদন্তৰ ভাৰ চিবিআয়ে গ্ৰহণ কৰিছিল । প্ৰায় ৯ বছৰ চিবিআইৰ হাতত এই গোচৰ আছিল যদিও গুৱাহাটীস্থ চিবিআই আদালতত তদন্তকাৰী সংস্থাটোৱে তদন্ত সংক্ৰান্তীয় চূড়ান্ত প্ৰতিবেদন দাখিলেৰে গোচৰটো ইতি পেলোৱাৰ দিশে আগবাঢ়িছে ।

শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰা তিনি অভিযোগকাৰীক এই বিষয়ে অৱগত কৰোৱা হৈছে । তেওঁলোকক ২৭ জুলাইত গুৱাহাটীৰ চিবিআই আদালতত উপস্থিত থাকিবলৈ চমন জাৰি কৰিছে । সিদিনাই চিবিআয়ে গোচৰটোৰ সন্দৰ্ভত ক্ল’জাৰ ৰিপ’ৰ্ট দাখিল কৰাৰ কথা ।

চিবিআয়ে সেই প্ৰতিবেদনৰ ওপৰত তেওঁলোকৰ কিবা ওজৰ-আপত্তি থাকে, সেয়া আদালতত জনাবৰ বাবে সুযোগ দিয়াৰ উদ্দেশ্যেৰে অভিযোগকাৰী তিনিগৰাকীক উপস্থিত থাকিবলৈ কোৱা হৈছে । লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ দাবীৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰা তিনিগৰাকী আবেদনকাৰী আছিল ভবেন সন্দিকৈ, জয়ন্ত গগৈ আৰু আব্দুল ৱাহিদ ৷ তিনিওকে সেইদিনা পুৱা ১০.৩০ বজাত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে চিবিআই আদালতে । উক্ত অভিযোগকাৰীৰ লগতে সেই সময়ৰ অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ উপ-সচিব গীতা শৰ্মাও সেইদিনটোত চিবিআইৰ আদালতত হাজিৰ হ’ব লাগিব ।

ইফালে তদন্তৰ নামত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআয়ে ভেঁকোভাওনা কৰাৰ অভিযোগ উত্থাপন কৰি ইয়াৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে গুচৰীয়া ভবেন সন্দিকৈ । বিশেষকৈ সমগ্ৰ ৰাজ্য জোকাৰি যোৱা গুৱাহাটী মহানগৰীৰ খোৱাপানী যোগান প্ৰকল্পৰ নামত সংঘটিত এই বৃহৎ বিত্তীয় কেলেংকাৰীৰ এজনো মূল দোষীক গ্ৰেপ্তাৰ নকৰি চিবিআইয়ে ২৭ জুলাইত আদালতত চূড়ান্ত ক্ল’জাৰ ৰিপ’ৰ্ট (Closer Report) দাখিল কৰাৰ যো-জা চলাইছে ।

এই সম্পৰ্কত গুচৰীয়া হিচাপে চিবিআইৰ আদালতত Objection/Protest Petition দাখিলৰ বাবে চিবিআইৰ আদালতৰ চমন পোৱাৰ পিছত ২০১৫ৰ পৰা এই কেলেংকাৰীৰ বিৰুদ্ধে যুঁজ দি অহা এক্টিভিষ্ট তথা ৰাইজৰ দলৰ মুখপাত্ৰ ভবেন সন্দিকৈ জাঙুৰ খাই উঠিছে । তদন্তৰ নামত চিবিআইৰ এই ৰহস্যজনক আৰু নিস্ক্ৰিয় ভূমিকাৰ বিৰুদ্ধে এতিয়া আৰু অধিক শক্তিশালী তীব্ৰ আইনী যুঁজৰ প্ৰস্তুতি চলোৱাৰ কথা উল্লেখ কৰি সন্দিকৈয়ে কয় যে ২৭ জুলাইত চিবিআই আদালতে এই স্পৰ্শকাতৰ গোচৰটোৰ যি ক্ল’জাৰ ৰিপ’ৰ্ট গ্ৰহণ কৰাৰ দিন ধাৰ্য কৰিছে ৷ তাৰ বিৰুদ্ধে আদালতত তেওঁ নিজেই হাজিৰ হৈ যুক্তি প্ৰদৰ্শন কৰি চিবিআইৰ আদালতত এই তদন্তৰ বিসংগতি আৰু চিবিআইৰ ভেঁকোভাওনাক ফাদিল কৰিব ।

এই সন্দৰ্ভত সন্দিকৈয়ে ক্ষোভ প্ৰকাশ কৰি কয়, ‘‘যিটো কেলেংকাৰীৰ বাবে আমেৰিকাৰ আদালতত লুইছ বাৰ্জাৰ কোম্পানীৰ শীৰ্ষ বিষয়াই গোৱা আৰু অসমৰ মন্ত্ৰী-আমোলাক খোৱা পানী যোগান প্ৰকল্পৰ বাবে ঘোচ দিয়াৰ কথা স্বীকাৰ কৰি জেল খাব লগা হৈছে, কোম্পানীয়ে জৰিমনা ভৰিবলগীয়া হৈছিল আৰু গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, গড়কাপ্তানি মন্ত্ৰীয়ে জেল খাবলগা হৈছিল, সেই একেটা গোচৰতে অসমত তদন্ত কৰি চিবিআইয়ে এজনো দোষীক বিচাৰি নাপালে-ই হাস্যকৰেই নহয়, তদন্তৰ নামত চিবিআইৰ এক প্ৰসহন ।’’

এই তদন্তৰ সন্দৰ্ভত সন্দিকৈয়ে ব্যংগ কৰি আমেৰিকাৰ আদালতত লুইছ বাৰ্জাৰ কোম্পানীৰ বিষয়াই স্বীকাৰোক্তি দিয়া প্ৰায় সাত কোটি টকা কোনোবা ভূত-প্ৰেতে খালে বুলি হয়তো ৰিপ’ৰ্ট দাখিল কৰি চিবিআইয়ে তদন্ত সামৰিব খুজিছে । তেওঁ লগতে কয় যে ইমান বছৰে তদন্ত কৰাৰ পিছতো হাই প্ৰফাইল ৰাজনৈতিক নেতাক জেৰা কৰাটো দুৰৈৰ কথা, এজনো আমোলা-বিষযাক গ্ৰেপ্তাৰ নকৰাকৈ গোচৰটো জাপি থবলৈ বিচৰা কাৰ্যই চিবিআইৰ বিশ্বস্ততাৰ ওপৰত ডাঙৰ প্ৰশ্নবোধক চিহ্ন অংকন কৰিছে । সেয়ে ২৭ জুলাইত চিবিআইৰ বিশেষ আদালতত তেওঁ তথ্য-প্ৰমাণসহ চিবিআইৰ এই ৰিপ’ৰ্টৰ তীব্ৰ বিৰোধিতা কৰিব আৰু গোচৰটোৰ পুনৰ নিৰপেক্ষ তদন্তৰ দাবী জনাব । অসমৰ জনসাধাৰণৰ স্বাৰ্থত আৰু দুৰ্নীতিৰ বিৰুদ্ধে এই যুঁজখন তেওঁ শেষলৈকে চলাই যাব বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক: অসমত গঠন হ'ব ৰাজ্যিক খাদ্য আয়োগ : যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মন্ত্রী কৌশিক ৰায়ৰ