প্ৰিয়বন্ধু: পদপথৰ শিশুৰ শিক্ষা-যত্নৰ বাবে এগৰাকী মহিলাৰ মানসপুত্ৰ
পদপথত বাস কৰা শিশুসকলৰ সৰ্বাংগীণ উন্নয়নৰ উদ্দেশ্যৰে কেনেদৰে আৰম্ভ হৈছিল 'প্রিয়বন্ধু' ? এক বিশেষ প্ৰতিবেদন ।

Published : November 14, 2025 at 8:51 PM IST
গুৱাহাটী : সংগ্ৰাম ! এই এটা শব্দতে অন্তৰ্নিহিত হৈ আছে বহু কাহিনী । বহু ঘাত-প্ৰতিঘাত । এগৰাকী মহিলা আৰু এক সংগ্ৰাম । বিগত ১০ বছৰ ধৰি এক নিৰৱচ্ছিন্ন সংগ্ৰাম চলাই গৈছে এগৰাকী মহিলাই । তেওঁৰ নাম হৈছে অৰ্চনা বৰঠাকুৰ । তেওঁৰ সংগ্ৰাম কিন্তু কোনো টকা-পইচা বা অভাৱ-অনাটৰ বিৰুদ্ধে নহয় । এই সংগ্ৰাম শিক্ষাৰে সমাজ সংস্কাৰৰ সংগ্ৰাম ।
এই সংগ্ৰামৰ আৰম্ভণি হৈছিল ২০১৫ চনত । বস্তি অঞ্চলৰ শিশুসকলক শিক্ষাৰ পোহৰেৰে উজলোৱাৰ লগতে তেওঁলোকৰ আদৰ-যত্নৰ উদ্দেশ্যৰে তেওঁ গুৱাহাটী মহানগৰীৰ 'হনুমান নগৰ বস্তি'ত জন্ম দিছিল 'প্ৰিয়বন্ধু' নামৰ এটি অনুষ্ঠানৰ । প্ৰিয়বন্ধুৰ উদ্দেশ্য হৈছে বস্তি অঞ্চলৰ শিশুসকলক সন্মানসহকাৰে জীয়াই থাকিবলৈ সকলো ক্ষেত্ৰত আগবঢ়াই নিয়া । তাৰে ভিতৰত অন্যতম হৈছে শিক্ষাৰ পোহৰ বিয়পোৱা ।
প্ৰথম অৱস্থাত হনুমান নগৰ বস্তিৰ ওচৰতে ৰজপথৰ দাঁতিত পঢ়ুওৱাৰ ব্যৱস্থা কৰা হৈছিল । পৰৱৰ্তী সময়ত এই পঢ়াশালিখন বিভিন্ন কাৰণত মহানগৰীৰ নাৰেংগী অঞ্চলৰ যুৱ নগৰৰ পাহাৰৰ টিলালৈ স্থানান্তৰিত কৰা হয় । অংকুৰ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ অধ্যয়ন কৰিব পৰা এই বিদ্যালয়খনত অনুষ্ঠানিক শিক্ষাৰ লগতে কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰতো বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয় । এই বিদ্যালয়খনৰ লগতে সংস্থাটো সন্দৰ্ভত অৰ্চনা বৰঠাকুৰে কয় বহু কথা ।
কেনেদৰে জন্ম হৈছিল প্রিয়বন্ধুৰ
এই সন্দৰ্ভত অৰ্চনা বৰঠাকুৰে কয়, "মনৰ মাজত এটা হেঁপাহ বহু আগৰ পৰাই কঢ়িয়াই আছিলোঁ । মনৰ সেই সপোনটো ২০১৫ চনৰ জুলাই মাহত বাস্তৱলৈ ৰূপায়িত হয় । সেইসময়ত সন্মুখত এনে কোনো নিৰ্ধাৰিত পৰিকল্পনা নাছিল যদিও যি কৰিম শিশু আৰু মহিলাৰ বাবে কৰিম বুলি এটা পৰিকল্পনা আছিল । অন্ততঃ বহুতক নোৱাৰিলেও কিছুমানৰ জীৱনত অন্য নহ'লেও শিক্ষাৰে পোহৰ অনাৰ লক্ষ্যৰে আৰম্ভ কৰিছিলোঁ এই অনুষ্ঠানটো ।"


প্ৰিয়বন্ধু নামটো কেনেদৰে হ'ল
নামটো সন্দৰ্ভত অৰ্চনা বৰঠাকুৰে কয়, "কাম কৰিবৰ বাবে প্রিয়বন্ধু নাম দি অনুষ্ঠান এটাৰ আৰম্ভ কৰিলোঁ । মোৰ এগৰাকী অতি প্ৰিয় বন্ধৱীয়ে 'তুমি মোৰ প্রিয় বান্ধৱী হ'বানে' বুলি মোলৈ এখন চিঠি লিখিছিল । বান্ধৱীগৰাকীক দুৰ্ভাগ্যবশতঃ হেৰুৱাইছোঁ, কিন্তু তাইৰ শব্দটো মই ৰাখি থলো 'প্রিয়বন্ধু'। তেনেদৰে ২০১৫ চনত জন্ম হোৱা এই অনুষ্ঠানটোৱে সুদীৰ্ঘ ১০ বছৰ অতিক্ৰম কৰিলে । প্রিয়বন্ধু এতিয়া কেৱল মোৰ নহয়, প্ৰিয়বন্ধু এতিয়া সকলোৰে হৈ পৰিল ।"

কেনে ধৰণৰ সংগ্ৰামৰ মুখামুখি হ'বলগীয়া হৈছিল
এই সন্দৰ্ভত অৰ্চনা বৰঠাকুৰে কয়, "২০১৫ চনৰ ২৯ নৱেম্বৰ তাৰিখে মই হনুমান নগৰ বস্তিলৈ যাওঁ । তাত যোৱাৰ পাছত কথাবোৰ বহুত সলনি হৈ গ'ল । মানুহে যে এনেকুৱা অৱস্থাত থাকে সেয়া মোৰ কল্পনাৰো বাহিৰত আছিল । তেওঁলোক সম্পূৰ্ণ পদপথত থাকে আৰু পদপথৰ সেই বসতিসমূহ যিকোনো মুহূৰ্ততে ভাঙি পেলোৱা হয় । এনেদৰে বহুত বেলেগ বেলেগ পৰিৱেশ আছিল । এসাঁজ খাদ্যৰ বাবে, এযোৰ কাপোৰৰ বাবে হাহাকাৰ কৰা দেখিছোঁ ।"

তেওঁ লগতে কয়, "সকলোতকৈ ডাঙৰ কথা, জীৱনৰ কিছুমান সৰু সৰু মূল্যৰো তাত অভাৱ দেখিছিলোঁ । এইক্ষেত্ৰত বহু সংগ্ৰামৰ মুখামুখি হ'বলগীয়া হৈছে । মই এই বস্তিটোৰ পৰা শিক্ষাৰে যাত্ৰা আৰম্ভ কৰিলোঁ । কাৰণ শিক্ষা থাকিলে মানুহৰ এটা স্বাভিমান থাকে । যাৰ বাবে মই শিক্ষাৰ হকে কাম কৰিবলৈ আৰম্ভ কৰিলোঁ ।"

অভিজ্ঞতা সন্দৰ্ভত তেওঁ কয়, "আমাৰ এই বিদ্যালয়ত এনে কিছু শিশু আছে যাৰ মাক-দেউতাক কোনো নাই, যিয়ে নিশা পথৰ দাঁতিত বা বাছত অকলে শুৱে । এনে বহু শিশুক আমি ইয়ালৈ আনি শিক্ষাদান কৰোঁ । আনহাতে, এনে কিছু শিশুও আছে যাৰ ঘৰত খৰি নথকাৰ বাবে স্কুল ইউনিফৰ্মযোৰ জ্বলাই ভাত ৰন্ধা পৰিয়ালো আছে । এনে কিছুমান সংগ্ৰামৰ আমি দৈনিক মুখামুখি হ'বলগীয়া হয় ।"

উল্লেখ্য যে এই বিদ্যালয়খনত বৰ্তমান ৭২ গৰাকী ছাত্ৰ-ছাত্ৰী আছে । বৰ্তমানলৈ এটকাও চৰকাৰী সাহায্য গ্ৰহণ নকৰাকৈ সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত এই বিদ্যালয়খন চলাই নিছে অৰ্চনা বৰঠাকুৰে । এই ছাত্ৰ-ছাত্রীসকলে সপ্তম শ্ৰেণীত বিদ্যালয়ৰ পৰা ওলাই যোৱাৰ পাছত বিভিন্ন পৰিস্থিতিত পঢ়া সমাপ্ত কৰিবলগীয়াও হয় । ল'ৰা-ছোৱালীখিনিৰ যাতে পঢ়া আধৰুৱা নহয়, লগতে সমাজৰ বিভিন্ন পৰিস্থিতিৰ পৰা ৰক্ষা কৰিব পাৰে তাৰ বাবে এখন আবাসিক বিদ্যালয় প্ৰতিষ্ঠাৰ চিন্তা-চৰ্চা কৰি আছে অৰ্চনা বৰঠাকুৰে ।


আনহাতে, শিক্ষাৰ উপৰি প্ৰাকৃতিক দুৰ্যোগৰ পৰা আৰম্ভ কৰি বিভিন্ন সময়ত ৰাইজক সহায়ো কৰি আহিছে প্রিয়বন্ধুৱে ।


শুকুৰবাৰে শিশু দিৱসৰ দিনা অন্যান্য বিদ্যালয়সমূহৰ দৰে প্রিয়বন্ধুতো উদযাপন কৰা হয় শিশু দিৱসৰ কাৰ্যসূচী । লগতে জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰো ওপজা দিন উদযাপন কৰা হয় বিদ্যালয়খনত ।

