ETV Bharat / state

নগাঁৱত আৰক্ষীৰ গুলীত নিহত মৰিকলং ডকাইতিকাণ্ডৰ মাষ্টাৰমাইণ্ড খাইৰুল আলী

এক ভয়ংকৰ ডকাইতি-কাণ্ড সংঘটিত কৰাৰ পূৰ্বেই আৰক্ষীৰ গুলীত ধৰাশায়ী ডকাইত ।

prime accused of Morikalong robbery case killed in police encounter in Nagaon
নগাঁৱত আৰক্ষীৰ গুলীত নিহত মৰিকলং ডকাইতি-কাণ্ডৰ মূল অভিযুক্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 26, 2026 at 8:29 AM IST

|

Updated : May 26, 2026 at 10:50 AM IST

3 Min Read
Choose ETV Bharat

নগাঁও: নগাঁৱত ডকাইত আৰু আৰক্ষীৰ মাজত সংঘটিত ভয়াৱহ সংঘৰ্ষ ৷ আৰক্ষীৰ গুলীত নিহত হয় এটা কুখ্যাত ডকাইত । জিলাখনৰ মৰিকলঙৰ চিকিৎসকৰ বাসগৃহত সংঘটিত কৰা লোমহৰ্ষক ডকাইতিৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এই ঘটনাৰ অন্যতম মূল অভিযুক্ত খাইৰুল আলী আৰক্ষীৰ গুলীত নিহত হয় ।

নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে সদৰী কৰা মতে, মৰিকলঙৰ ডকাইতিৰ মাষ্টাৰমাইণ্ড কুখ্যাত ডকাইত খাইৰুলৰ নেতৃত্বতেই পুনৰ নগাঁৱত ডকাইতিৰ পৰিকল্পনা ৰচিছিল দলটোৱে । নগাঁৱৰ ৰাঙলু আৰক্ষী চকীৰ সমীপৰ বৰকন্দলী মিকিৰ পাৰত ডকাইতি কৰাৰ যো-জা চলাইছিল ডকাইতৰ এটা দলে । এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নগাঁও আৰক্ষীৰ এটা দলে নিশাই ডকাইতৰ দলটোৰ বিৰুদ্ধে অভিযান চলায় ।

আৰক্ষীৰ গুলীত নিহত মৰিকলং ডকাইতিকাণ্ডৰ মাষ্টাৰমাইণ্ড (ETV Bharat Assam)

আন এক ভয়ংকৰ ডকাইতিকাণ্ড সংঘটিত কৰাৰ পূৰ্বেই ডকাইতৰ দলটোৰ বিৰুদ্ধে অভিযান চলোৱাত আৰক্ষী আৰু ডকাইতৰ দলটোৰ মাজত ভয়ংকৰ সংঘৰ্ষৰ সূত্ৰপাত হয় । ডকাইতৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে । প্ৰত্যুত্তৰত ডকাইতৰ দলটোলৈ লক্ষ্য কৰি আৰক্ষীৰ দলেও গুলীচালনা কৰে । ডকাইত আৰু আৰক্ষীৰ মাজত সংঘটিত গুলীচালনাৰ মাজতে চাৰি-পাঁচটাকৈ ডকাইতে পলায়ন কৰিবলৈ সক্ষম হয় যদিও দলটোৰ নেতৃত্ব দিয়া এটা কুখ্যাত ডকাইত আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় ।

নিশাই গুলীবিদ্ধ ডকাইতটোক নগাঁও চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে । আৰক্ষীৰ গুলীত নিহত হোৱা ডকাইতটো হৈছে লখিমপুৰ জিলাৰ খাইৰুল আলী । ডকাইতৰ সৈতে হোৱা সংঘৰ্ষ তথা আৰক্ষীৰ গুলীত এটা কুখ্যাত ডকাইত নিহত হোৱাৰ তথ্য জানিবলৈ দিয়ে নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে । ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা ৭.৬৫ এম এম আৰু দুটা খালী কৰ্টিজ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীৰ গুলীত নিহত খাইৰুল আলী নগাঁৱৰ মৰিকলঙৰ ডকাইতি-কাণ্ডৰ অন্যতম মূল অভিযুক্ত আছিল । যোৱা ১৫ মে’ৰ নিশা নগাঁৱৰ মৰিকলঙৰ ডকাইতি-কাণ্ডৰ আন এক অন্যতম অভিযুক্ত ৰাজিবুৰ ৰহমানক লগত লৈ আৰক্ষীয়ে অনুসন্ধান চলোৱাৰ সময়ত দুৰ্ঘটনাত আহত হৈছিল ৰাজিবুৰ ।

উল্লেখ্য যে যোৱা ২৪ এপ্ৰিলৰ পুৱতি নিশা চিকিৎসক ৰঞ্জিত শইকীয়াৰ নগাঁও চহৰৰ মৰিকলঙৰ বাসগৃহত চিকিৎসক দম্পতীক আক্ৰমণ কৰি সংঘটিত কৰিছিল ডকাইতি-কাণ্ড । ডকাইতৰ আক্ৰমণত আহত হোৱা চিকিৎসক ৰঞ্জিত শইকীয়াৰ পত্নী ৰূপৰেখা শইকীয়াৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল। এই ডকাইতি-কাণ্ডৰো অন্যতম মূল অভিযুক্ত হৈছে যোৱা নিশা আৰক্ষীৰ গুলীত নিহত খাইৰুল আলী ।

লগতে পঢ়ক :দুৰ্ঘটনাত আহত ডকাইত ৰাজিবুৰ, নিশা আৰক্ষীয়ে অভিযানত লৈ যাওতেই লুটি খালে গাড়ী

পত্নীৰ হত্যাকাৰীক চৰম শাস্তিৰ দাবী চিকিৎসক ৰঞ্জিত শইকীয়াৰ

ডকাইতৰ আক্ৰমণত আহত নগাঁৱৰ চিকিৎসক পত্নী ৰূপৰেখা ভূঞাৰ মৃত্যু, আৰক্ষীৰ জালত আৰু তিনি অভিযুক্ত

Last Updated : May 26, 2026 at 10:50 AM IST