হনুমান মন্দিৰত প্ৰৱেশ কৰি পূজাৰীক আক্ৰমণ, ডিব্ৰুগড় আৰক্ষীৰ জালত আক্ৰমণকাৰী
ডিব্ৰুগড়ৰৰ এটা হনুমান মন্দিৰত প্ৰৱেশ কৰি পূজাৰীক মাৰ-ধৰ এজন ব্যক্তিৰ, ঘটনা ৰহস্যৰ আৱৰ্তত ৷

Published : July 4, 2026 at 9:50 PM IST
ডিব্ৰুগড় : শনিবাৰে ডিব্ৰুগড় থানা চাৰিআলিৰ হনুমান মন্দিৰত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা ৷ হনুমান মন্দিৰত প্ৰৱেশ কৰি পূজা বন্ধ কৰিবলৈ মন্দিৰটোৰ পূজাৰীক এজন ব্যক্তিয়ে ভাবুকি প্ৰদান কৰা বুলি অভিযাগ উত্থাপন হৈছে ৷ ঘটনা অনুসৰি, এগৰাকী অচিনাক্ত ব্যক্তিয়ে ডিব্ৰুগড় থানা চাৰিআলিত থকা হনুমান মন্দিৰত প্ৰৱেশ কৰে আৰু পূজাৰীক মাৰ-ধৰ কৰাৰ লগতে মূৰ্তি পূজা বন্ধ কৰিবলৈ ভাবুকি প্ৰদান কৰে ব্যক্তিজনে ৷ যাক লৈ শনিবাৰে দুপৰীয়াৰ ভাগত সৃষ্টি উত্তেজনা ৷
ঘটনা খবৰ পোৱাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত অভিযুক্ত ব্যক্তিজনক আটক কৰে ৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আটক কৰা লোকজনক পৰৱৰ্তী সময়ত মহতাফ খান বুলি চিনাক্ত কৰা হয় ৷ অভিযুক্তই কি উদ্দেশ্যেৰে এই কাণ্ড সংঘটিত কৰিছিল সেয়া বৰ্তমানো পোহৰলৈ অহা নাই ৷
ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী হনুমান মন্দিৰৰ পূজাৰী গৰাকীয়ে কয়, "মন্দিৰত প্ৰৱেশ কৰি মোক ডিঙিত বহুত মাৰিছে । মন্দিৰত পূজা নহ'ব, পূজা বন্ধ কৰ আজিৰ পৰা মূৰ্তি পূজা কৰিবলৈ দিয়া নহ'ব বুলি ভাবুকি দিয়ে । এই কথা কোৱাৰ পাছতে মোক মাৰপিট কৰি মন্দিৰৰ পৰা ওলাই যায় সি । ৩০ বছৰৰো অধিক সময় এই মন্দিৰত কাম কৰি আহিছো কিন্তু এনে ঘটনা হোৱা নাছিল। তেওঁ কোন, ক'ৰ পৰা আহিছে আমি গম নাপাও ৷"
স্থানীয় ৰাইজে কয়,"মুছলমান ব্যক্তি এজনে হনুমান মন্দিৰত প্ৰৱেশ কৰি পূজাৰীক মাৰধৰ কৰিছে ৷ হিন্দু আৰু মুছলমান ধৰ্মাৱলম্বী লোকৰ মাজত সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰী শক্তিশালী হৈ থকা ডিব্ৰুগড়ত এনে ঘটনা অশোভনীয় ৷ কি উদ্দেশ্য লৈ এই ঘটনা সংঘটিত কৰিছে ব্যক্তিজনে সেয়া ৰহস্যৰ আৱৰ্তত ৷ আৰক্ষীৰ সঠিক তদন্তত পোহৰলৈ আহিব ৷"
লগতে পঢ়ক : সীমান্তবাসীৰ বাসগৃহত নগাই লিখিলে জৰীপ নম্বৰ, অসম-নাগালেণ্ড সীমান্তত উত্তেজনা

