কিদৰে চলিছে নাবালিকাক ধৰ্ষণ কৰা কৰা ৬ অভিযুক্তৰ বিৰুদ্ধে তদন্ত ?
নাবালিকাক যৌন নিৰ্যাতন চলাই গৰ্ভৱতী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ৬ অভিযুক্তক । তীব্ৰ গতিত চলিছে তদন্ত প্ৰক্ৰিয়া ।

Published : June 2, 2026 at 11:09 PM IST
মাজুলী: ১২ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলাই গৰ্ভৱতী কৰাৰ অভিযোগত মাজুলীত গ্ৰেপ্তাৰ ৬ অভিযুক্ত । গড়মূৰ আৰক্ষীয়ে পক্স’ আইনৰ অধীনত গোচৰ ৰুজু কৰি ইতিমধ্যে আৰম্ভ কৰিছে ক্ষীপ্ৰ তদন্ত । বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত সংবাদমেলৰ জৰিয়তে সবিশেষ জনালে মাজুলীৰ আৰক্ষী অধীক্ষক ছোমালিন শুভদৰ্শিনীয়ে ।
মাজুলীৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে যোৱা ৩০ মে' তাৰিখে আৰক্ষীয়ে লাভ কৰিছিল এক গোপন তথ্য । তথ্য অনুসৰি, এগৰাকী ১২ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলাই গৰ্ভৱতী কৰা হৈছিল । ঘটনাৰ গুৰুত্ব বুজি আৰক্ষীয়ে ততালিকে অভিযান চলাই ঘটনাৰ সৈতে জড়িত মুঠ ৬ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
ধৃত ৬ অভিযুক্তৰ ভিতৰত ৪ জন প্ৰাপ্তবয়স্ক আৰু দুজন নাবালক বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিছে । ইতিমধ্যে ভুক্তভোগী নাবালিকাগৰাকীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে । সমগ্ৰ ঘটনাৰ বৈজ্ঞানিক প্ৰমাণ আৰু সাক্ষী গ্ৰহণৰ প্ৰক্ৰিয়া বৰ্তমান তীব্ৰতৰ কৰি তুলিছে মাজুলী আৰক্ষীয়ে । অতি সোনকালে আদালতত চাৰ্জশ্বীট দাখিল কৰি দোষীক উচিত শাস্তি প্ৰদানৰ বাবে আৰক্ষীয়ে প্ৰস্তুতি চলাইছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।
আৰক্ষী অধীক্ষক ছোমালিন শুভদৰ্শিনীয়ে কয়, "৩০ মে তাৰিখে আমালৈ তথ্য আহিছিল যে এগৰাকী নাবালিকা গৰ্ভৱতী হৈছে আৰু যৌন নিৰ্যাতনৰ বলি হৈছে । নাবালিকাগৰাকীৰ বয়স ১২ বছৰ ৪ মাহ । লগে লগে আমি ৬ গৰাকীক গ্ৰেপ্তাৰ কৰোঁ । তাৰ পিছত স্বাস্থ্য পৰীক্ষা আদিও খুব ভালকৈ চলি আছে । এই ৬ জনৰ ভিতৰত ৪ জন প্ৰাপ্তবয়স্ক আৰু দুজন নাবালক ।"

