আজিও গৱেষণামূলক কামৰ পৰা বঞ্চিত হৈ আহিছে বৰপেটা সত্ৰ: ড৹ বাবুল চন্দ্ৰ দাস
বৰপেটাত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপনৰ দাবীত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড৹ বাবুল চন্দ্ৰ দাসৰ সংবাদমেল সম্বোধন ৷ উত্থাপন কৰিলে কেইবাটাও দাবী ।

Published : February 28, 2026 at 8:49 PM IST
বৰপেটা: বৰপেটাত সাংস্কৃতিক আৰু কাৰিকৰী নিয়োগমুখী এখন বিশ্ববিদ্যালয় স্থাপনৰ দাবীত শনিবাৰে সংবাদমেল সম্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড৹ বাবুল চন্দ্ৰ দাসে ৷
সংবাদমেলত বুঢ়া সত্ৰীয়াগৰাকীয়ে কয়, "বহুদিনৰ পৰা আমি কিছুমান অভাৱ অনুভৱ কৰি আহিছোঁ ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জাতি-মাটি-ভেটিৰ চৰকাৰখনে মাটিৰ গোন্ধ থকা কথাখিনি উলিয়াই অনাৰ প্ৰচেষ্টা লৈছে ৷ এইক্ষেত্ৰত আমিও আশা কৰিছিলোঁ কিবা এটা পাম বুলি কিন্তু বৰপেটা সত্ৰই নেপালোঁ ৷ বৰপেটা সত্ৰীয়া সংস্কৃতিৰ এটা বৰ ভঁড়াল ৷ অথচ এই সত্ৰীয়া বৰ ভঁড়ালত আজিও গৱেষণামূলক কামৰ পৰা বঞ্চিত হৈ আহিছে ।"
তেওঁ কয়, "বৰপেটা সত্ৰক বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ শ্ৰীশ্ৰী মথুৰা দাস বুঢ়া আতাৰ নামত এখন সাংস্কৃতিক আৰু কাৰিকৰী নিয়োগমুখী বিশ্ববিদ্যালয় নিৰ্মাণৰ দাবী জনাইছোঁ ৷ লগতে চৰকাৰে সত্ৰ সঞ্চালকালয় খোলাৰ যি সিদ্ধান্ত লৈছে, এই সঞ্চালকালয়খন বৰপেটাত স্থাপন কৰাৰো দাবী জনাইছোঁ ৷ ইতিপূৰ্বে ২৪ ফেব্ৰুৱাৰী ২০২৪ আৰু ২৭ ছেপ্টেম্বৰ ২০২৪ তাৰিখে এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও এতিয়ালৈ কোনো সঁহাৰি পোৱা হোৱা নাই ।"
আবেদনখনত উল্লেখ কৰা মতে, ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠা নামনি অসমৰ সমৃদ্ধ সত্ৰীয়া সংস্কৃতি, বৰগীত, সত্ৰীয়া নৃত্য, লোকগীত আৰু বিভিন্ন লোক-কলাৰ সংৰক্ষণ আৰু গৱেষণাৰ বাবে এখন সাংস্কৃতিক বিশ্ববিদ্যালয় অতি প্ৰয়োজনীয় । বৰপেটা অঞ্চলত বৈষ্ণৱ সাহিত্য, সংগীত, নাট আৰু নৃত্যৰ ঐতিহ্য বহু শতিকা ধৰি চলি আহিছে যদিও ইয়াৰ বিজ্ঞানসন্মত গৱেষণা আৰু পদ্ধতিগত শিক্ষাৰ ক্ষেত্ৰত উপযুক্ত প্ৰতিষ্ঠানৰ অভাৱ অনুভৱ কৰা হৈছে ।
পত্ৰখনত লগতে কোৱা হৈছে যে দেৱদাসী নৃত্য, কামৰূপী ঢুলীয়া, কুশান গান, ঘোষা-কীৰ্তন, কামৰূপী-গোৱালপৰীয়া লোকগীত আদি বহুতো লোক-সংস্কৃতি লোপ পাবলৈ ধৰা হৈছে । বিশ্ববিদ্যালয় স্থাপন হ’লে এইসমূহ কলাৰ সংৰক্ষণৰ লগতে নতুন প্ৰজন্মক পদ্ধতিগত শিক্ষা প্ৰদান কৰা সম্ভৱ হ’ব । লগতে বাঁহ-বেত শিল্প, মৃৎশিল্প, হস্ততাঁত, অলংকাৰ নিৰ্মাণ আদি বৃত্তিমুখী শিক্ষাৰো বিকাশ ঘটিব বুলি আবেদনকাৰীসকলে মত প্ৰকাশ কৰে ।
আবেদনখনত এইটোও উল্লেখ কৰা হৈছে যে এখন সাংস্কৃতিক বিশ্ববিদ্যালয়ে বৰপেটাক সাংস্কৃতিক পৰ্যটনৰ ক্ষেত্ৰতো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত কৰি তুলিব পাৰে । সেইবাবে বৰপেটাবাসীয়ে চৰকাৰক শীঘ্ৰে বিষয়টো পুনৰ বিবেচনা কৰি বিশ্ববিদ্যালয় স্থাপনৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ আহ্বান জনায় ।

