ৰাজ্যৰ ১৮ গৰাকী আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ বিশেষ সেৱা পদক
ৰাষ্ট্ৰপতিৰ বিশেষ সেৱা পদক প্ৰাপকৰ নাম ঘোষণা ৷ ১৮ গৰাকী আৰক্ষী বিষয়াক উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ বিশেষ সেৱা পদকৰ বাবে নিৰ্বাচিত কৰা হৈছে ।

Published : January 25, 2026 at 10:29 PM IST
গুৱাহাটী: ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ সৰ্বমুঠ ১৮ গৰাকী আৰক্ষী বিষয়ালৈ ৰাষ্ট্ৰপতিৰ বিশেষ সেৱা পদক । পূৰ্বৰ দৰেই গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, হোমগাৰ্ড আৰু অসামৰিক প্ৰতিৰক্ষা আৰু সংশোধনী সেৱাৰ মুঠ ১৮ গৰাকী আৰক্ষী(অসমৰ) লৈ আগবঢ়োৱা হৈছে এই পদক ।
গণৰাজ্য দিৱস ২০২৬ উপলক্ষে সমগ্ৰ দেশৰ ৯৮২ গৰাকী আৰক্ষী, কৰ্মীক এই বিশেষ সেৱা পদক আগবঢ়োৱা হৈছে ৷
অসমৰ কোনে কোনে পালে এই পদক
ৰাষ্ট্ৰপতিৰ বিশেষ সেৱা পদক লাভ IG ইমদাদুল হুছেইন বৰাৰ । গৃহৰক্ষী বাহিনী আৰু অসামৰিক প্ৰতিৰক্ষাৰ পদক লাভ অসম আৰক্ষীৰ প্লাটুন কমাণ্ডাৰ সমীৰণ দে' পুৰকায়স্থৰ ।

ইপিনে ১৪ গৰাকী আৰক্ষীয়ে লাভ কৰিছে উৎকৃষ্ট সেৱা পদক । এই ১৪ গৰাকীৰ ভিতৰত আছে আৰক্ষী অধীক্ষক(SP) প্ৰণৱজ্যোতি গোস্বামী, আৰক্ষী অধীক্ষক(SP) ছাদিক আলী আহমেদ, আৰক্ষী অধীক্ষক(SP) ৰিপুল দাস, আৰক্ষী অধীক্ষক(SP) নৱনীত মহন্ত, আৰক্ষী অধীক্ষক(SP) সৌৰভজ্যোতি শইকীয়া, উপ-আৰক্ষী অধীক্ষক(DSP) অনিল মৰাণ, লেন্সনায়ক হেমধৰ বৰা, লেন্সনায়ক দিগন্ত কুমাৰ নাথ, পৰিদৰ্শক জগদীশ কলিতা, উপ-পৰিদৰ্শক পৰীক্ষিত উজিৰ, লেন্সনায়ক সুৰেশ বড়ো, লেন্সনায়ক হবিবুৰ ৰহমান, লেন্সনায়ক প্রসাদ তালুকদাৰ আৰু উপ-পৰিদৰ্শক পবিন চন্দ্র দাস ।

আনহাতে, অগ্নিনির্বাপক সেৱাৰ দুগৰাকী বিষয়ালৈ আগবঢ়োৱা হৈছে যোগ্য সেৱা পদক । ভূৱন চন্দ্ৰ মালী আৰু নন্দেশ্বৰ দাস নিৰ্বাচিত হৈছে এই পদক লাভৰ বাবে ।
তদুপৰি গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষাৰ দুগৰাকী বিষয়ালৈও এই পদক আগবঢ়োৱা হৈছে । পদক লাভৰ তালিকাত আছে জলেশ্বৰ ডেকা আৰু চক্ৰধৰ বৰ্মনৰ নাম ।
লগতে পঢ়ক: গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অসমৰ বাবে সুখবৰ: ৰাজ্যৰ ৫ বিশিষ্ট ব্যক্তিলৈ পদ্মশ্ৰী বঁটা

