ETV Bharat / state

অখিল গগৈৰ পৰা ছাত্ৰ সন্থাৰ জাতীয়তাবাদ শিকিবলগীয়া নাই : উৎপল শৰ্মা

নলবাৰীত আছুৰ উদ্যোগত নাছিৰ হুছেইন আন্তঃজিলা স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা । অখিল গগৈক সমালোচনা উৎপল শৰ্মা, সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ ।

Inter-District Gold Cup Volleyball Tournament
আৰম্ভ হ'ল আছুৰ উদ্যোগত ভলীবল প্ৰতিযোগিতা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 28, 2026 at 7:05 PM IST

6 Min Read
Choose ETV Bharat

নলবাৰী : "প্ৰশ্নৰ উত্তৰ থাকে, কাৰোবাৰ মন্তব্যৰ প্ৰত্যুত্তৰ থাকে কিন্তু প্ৰলাপ বা কৌতুকৰ কোনো উত্তৰ, প্ৰত্যুত্তৰ নাথাকে । অখিল গগৈয়ে যিখিনি কৈছে সেইখিনি প্ৰলাপ । অখিল গগৈয়ে এতিয়া ক'ব কাৰোবাৰ বিজেপিৰ সৈতে মিতিৰালি আছে বুলি, ভাবকচোন !"-অখিল গগৈ মতব্যক এইদৰেই কটাক্ষ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই ।

তেঁও লগতে কয়, "বিজেপিৰ সৈতে কাৰ মিতিৰালি আছে নাই সেইটো অসমৰ ৰাইজে নাজানে জানো ? নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে অখিল গগৈয়ে কোনবোৰ সমষ্টিত বিশেষকৈ মনোযোগ দিবলৈ আৰম্ভ কৰিছে, কোনবোৰ সমষ্টিত গৈ কাম-কাজ কৰিবলৈ আৰম্ভ কৰিছে ? সেই সমষ্টিবোৰত ভোট বিভাজন হ'লে কাৰ লাভ হ'ব সেইবোৰ কথা ৰাইজে বুজি নাপায় জানো ? অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ প্ৰয়োজনেই নাই ।"

অখিল গগৈক সমালোচনা উৎপল শৰ্মাৰ (ETV Bharat Assam)

আছুৰ সভাপতিগৰাকীয়ে পুনৰ কয়, "তেওঁ বাওঁপন্থী, এতিয়া ৰাজনীতিলৈ অহাৰ পিছত আঞ্চলিকতাবাদৰ মুখা এখন পিন্ধিবলৈ যত্ন কৰিছে । অখিল গগৈৰ পৰা ছাত্ৰ সন্থাৰ জাতীয়তাবাদ শিকিবলগীয়া নাই । তেওঁ এটা কৌতুক, কিন্তু তেওঁক মই জাতীয় কৌতুক বুলিও ক'ব নোৱাৰো । কাৰণ, তেওঁৰ জাতীয়ৰ ধাৰণাটো আমাৰ সৈতে নিমিলেই ।"

অখিল গগৈৰ সংখ্যালঘুপ্ৰীতিৰ কথা সুঁৱৰি শৰ্মাই কয়, "তেওঁ কি বুলি কয়, ভয়াৰ্ত সংখ্যালঘু মহিলাই তেওঁক সাবটি ধৰিলে, নিৰাপত্তাৰ চুমা যছাটো তেওঁৰ জাতীয় দায়িত্ব । চুমা যছাটো যাৰ জাতীয় দায়িত্ব, তেওঁৰ পৰা জাতীয়তাবাদ শিকিবলৈ গ'লে আছুৰ জাতীয়তাই বাদ পৰিব । গতিকে তেওঁৰ কথাৰ, তেওঁৰ কৌতুকৰ কোনো উত্তৰ দিবলগা নাই বুলি অনুভৱ কৰো ।"

এই প্ৰসংগৰ উমান নোপোৱা বুলি উল্লেখ কৰি আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয়, "অখিল গগৈ ডাঙৰীয়াই কিবা কৈছে নেকি ? মই একেবাৰে দেখা নাই । যদি কিবা কৈছে অখিল গগৈ ডাঙৰীয়াৰ এইটো প্ৰলাপ আৰু বামপন্থী ভেজাল জাতীয়তাবাদী নেতা অখিল গগৈ ডাঙৰীয়াৰ এইটো এটা প্ৰলাপ ।"

Inter-District Gold Cup Volleyball Tournament
ৰাজ্যৰ প্ৰতিখন জিলাৰ খেলুৱৈৰ অংশগ্ৰহণ (ETV Bharat Assam)

উল্লেখ্য যে, বুধবাৰৰ পৰা নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হৈছে আছুৰ নাছিৰ হুছেইন আন্তঃজিলা স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা । গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আছুৰ সভাপতি উৎপল শৰ্মাই পতাকা উত্তোলন কৰাৰ পিছতে আনুষ্ঠানিকভাৱে আৰম্ভ হয় ভলীবল প্ৰতিযোগিতাৰ কাৰ্যসূচী । উক্ত অনুষ্ঠানত উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই অখিল গগৈক উদ্দেশ্যি কৰে এই মন্তব্য ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন, ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্যকে আদি কৰি ভালে সংখ্যক গণ্যমান্য ব্যক্তি ।

এই প্ৰতিযোগিতা সন্দৰ্ভত সভাপতি উৎপল শৰ্মাই কয়, "আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা বচা বচা খেলুৱৈৰে যি দল বাচনি কৰি আনিছে তেওঁলোকে সুন্দৰ ক্ৰীড়াৰ প্ৰদৰ্শন কৰিব । আমাৰ লক্ষ্য হৈছে যে গাঁৱে-ভূঞে সিচৰিত হৈ থকা ক্ৰীড়াৰ প্ৰতিভাসমূহক এখন মঞ্চ প্ৰদান কৰা । আশা কৰিছোঁ এই প্ৰতিযোগিতাখনৰ জৰিয়তে সেই উদ্দেশ্য সাকাৰ হ'ব ।"

ক্ৰীড়া সন্থাত টিকট নোপোৱা ৰাজনৈতিক নেতাৰ সংস্থাপন হ'লে নহ'ব :

এই সন্দৰ্ভত উৎপল শৰ্মাই কয়, "অসমত আন্তঃগাঁথনি, ক্ৰীড়া প্ৰকল্প হ'লেই নহ'ব, য'ত অভিভাৱকে সৰুৰে পৰা নিজৰ ল'ৰা-ছোৱালীক এটা ভাল পৰিৱেশত আগবঢ়ায় দি খেলুৱৈ দিশত পেছা হিচাপে লৈ আৰ্থিক নিৰাপত্তা থাকিব তাত হে আগবাঢ়ি আহিব । তাৰ বাবে ক্ৰীড়া সন্থাসমূহত এম এল এ, এম পি নিৰ্বাচনত টিকট নোপোৱা ৰাজনৈতিক নেতাৰ সংস্থাপনস্থলী হ'লে নহ'ব ।"

এছ আৰযোগে খিলঞ্জীয়া মুছলমানক জাননী প্ৰসংগত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য:

ইয়াৰ লগতে এছ আৰৰ প্ৰসংগ উল্লেখ কৰিলি আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয়, "অসমত যেতিযালৈকে বাংলাদেশী নাম মুক্ত এখন শুদ্ধ NRC নাপাম, তেতিয়ালৈকে আমি এখন শুদ্ধ ভোটাৰ তালিকা নাপাম । বিশেষ সংশোধনী ব্যৱস্থা আগবঢ়াওক আমাৰ ক'বলগীয়া নাই । বিশেষ সংশোধনীক আমি সমৰ্থন কৰিছো । কিন্তু তেনে কৰিবলৈ গৈ অসমৰ খিলঞ্জীয়া মুছলমানৰ ঘৰলৈ জাননী গৈছে । সেয়া উচিত হোৱা নাই ।"

Inter-District Gold Cup Volleyball Tournament
সভাপতি উৎপল শৰ্মাই উদ্বোধন কৰে এই প্ৰতিযোগিতাখনি (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাই মুখ্য নিৰ্বাচনী বিষয়াক এখন জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছো । আমি বিশেষ সংশোধনী পোষকতা কৰিছো, সমৰ্থন কৰিছো । অবৈধ বাংলাদেশীৰ নাম মুক্ত হ'বই লাগিব অসমৰ ভোটাৰ তালিকাৰ পৰা । কিন্তু একে সময়তে অসমৰ খিলঞ্জীয়া মুছলমানে যাতে কোনো সমস্যাৰ সন্মুখীন নহয়, সেয়াও নিশ্চিত কৰিব লাগিব ।"

গুৱাহাটীত অচিনাকী মানুহৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ অভিযোগ সমুজ্জ্বল ভট্টাচাৰ্যৰ:

ড৹ ভট্টাচাৰ্যই কয়, "অচিনাকি মানুহৰ নাম অসমৰ ভোটাৰ তালিকাতটো অন্তৰ্ভুক্ত হ'বই নোৱাৰে । গতিকে এই ক্ষেত্ৰত অসমৰ নিৰ্বাচন আয়োগে কঠোৰ, পানী নসৰকা ব্যৱস্থা ল'ব লাগিব । ভোটাৰ তালিকাক লৈ সকলো ৰাজনৈতিক দলে নিজৰ নিজৰ পদক্ষেপ আগবঢ়ায় গৈ আছে । অসম আন্দোলনৰ পৰা অসমৰ ৰাইজৰ মাজত অভিজ্ঞতা আছে আৰু সেই সময়ৰ পৰা আজিলৈকে অসমত বাংলাদেশীমুক্ত ভোটাৰ তালিকা প্ৰস্তুত হোৱা নাই ।"

তেওঁ কয়, "কিয় কৰা নাই ? বাংলাদেশী ভোটবেংক । গতিকে এইবোৰ নাইকিয়া হ'ব লাগিব । এছ আৰ লাগিব, সকলো লাগিব । কিন্তু তাৰ লগে লগে NRC উঠাওক, সেই কামটো কৰক । এতিয়া উচ্চতম ন্যায়লয়ৰ তদাৰকত এটা ভেঁটি প্ৰস্তুত হ'ল । যিটোক লৈ আমি সন্তষ্ট নহয় । কাৰণ নিৰাময় উপায় কৰিবৰ বাবে উচ্চতম ন্যালয়ত এটা বিশেষ পৰীক্ষা কৰিব লাগিব । এই সন্দৰ্ভত আছুৱে আবেদন দিছিলোঁ, আকৌ দিম ।"

Inter-District Gold Cup Volleyball Tournament
উপস্থিত থাকে ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্য (ETV Bharat Assam)

আনহাতে আছুৰ উদ্যোগত আয়োজিত হোৱা এই ভলীবল প্ৰতিযোগিতা সন্দৰ্ভত ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্যই কয়, "মোৰ মতে এনেকুৱা এটা পৰিৱেশ কোনোৱে সৃষ্টি কৰিব নোৱাৰে, ছাত্ৰ সন্থাৰ বাদে । এনেকুৱা এখন মঞ্চ দিছে, ল'ৰা-ছোৱালীখিনিক উৎসাহ দিছে । বয়সৰ ভিত্তিত শাখাৰ সৃষ্টি কৰিছে । প্ৰতিখন জিলাৰ পৰা দল উলিয়াই আনিছে । এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা । ভলীবলৰ বাবে আছুৰ ফালৰ পৰা ডাঙৰ অৰিহণা আৰু মই আশা কৰিছোঁ যে ইয়াৰ পৰা ল'ৰা-ছোৱালী ওলাই গৈ কোনোবাদিনাখন মেডেল লাভ কৰিব ।"

লগতে পঢ়ক: আমি শইকীয়া মানুহো লাইন পাতিবলগা হৈছে: তেজপুৰত এছ আৰ বিসংগতিক লৈ ভোটাৰৰ বিষোদগাৰ

‘বীৰাংগনা সাধনী’- সতী সাধনীৰ ত্যাগৰ কাহিনী সামৰি নতুন বোলছবি