ETV Bharat / state

সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি সত্ৰৰ বৈষ্ণৱে প্ৰস্তুত কৰিলে ভোগালীৰ জলপান

ভোগালীৰ ব্যাপক প্ৰস্তুতি চলিছে মাজুলীত । শ শ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি জলপান তৈয়াৰ কৰাত লাগিল সত্ৰৰ বৈষ্ণৱসকলো ।

Preserving tradition, the Vaishnavas of the Satra prepared Bhogali Jalpan for Bihu
সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি সত্ৰৰ বৈষ্ণৱে প্ৰস্তুত কৰিলে ভোগালীৰ জলপান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 11, 2026 at 2:15 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী: পদূলিমুখত হেঁপাহৰ ভোগালী বিহু । প্ৰান্তে প্ৰান্তে চলি আছে ভোগালীৰ ব্যাপক আয়োজন । অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গবিহীন প্ৰথমটো মাঘৰ বিহু । সেয়েহে যদিও এইবাৰ উৎসৱমুখৰ পৰিৱেশ নাই তথাপিও পৰম্পৰা পালনৰ প্ৰস্তুতি চলিছে সমগ্র ৰাজ্যত । সত্ৰ নগৰী মাজুলিতো হেঁপাহৰ ভোগালী বিহুক লৈ চলিছে ব্যাপক আয়োজন ।

ডেকা বুঢ়াৰ পৰা আৰম্ভ কৰি জীয়ৰী-বোৱাৰী সকলো এতিয়া ব্যস্ত হৈ পৰিছে হেঁপাহৰ ভোগালীক লৈ । চিৰা খুন্দা, পিঠাগুৰি খুন্দি ভজা, পিঠা বনোৱাত ব্যস্ত হোৱা দেখা গৈছে গাঁৱৰ জীয়ৰী বোৱাৰীসকলক । ইফালে ভেলাঘৰ সাজি উৰুকাৰ নিশা হাঁহে-মাহে এসাঁজ খাবলৈয়ো কৰিছে আয়োজন ।

সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি সত্ৰৰ বৈষ্ণৱে প্ৰস্তুত কৰিলে ভোগালীৰ জলপান (ETV Bharat Assam)

পিছে মাজুলীত আছে এক সাতামপুৰুষীয়া পৰম্পৰা । ভোগালীৰ বাবে সত্ৰসমূহত জলপান প্ৰস্তুত কৰে সত্ৰৰ বৈষ্ণৱসকলে । শ শ বছৰীয়া পৰম্পৰা জীয়াই ৰাখি মাজুলীৰ সত্ৰানুস্থানসমূহত এইবাৰো ভোগালী জলপান প্ৰস্তুত কৰাত ব্যস্ত হোৱা দেখা গৈছে বৈষ্ণৱসকলক । মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰৰ সকলো বৈষ্ণৱ মিলি ভোগালী বিহুৰ বাবে চিৰা খুন্দা, পিঠাগুৰি খুন্দি ভজাত ব্যস্ত হৈ পৰিছে ।

ঐতিহাসিক সত্ৰখনৰ এগৰাকী বৈষ্ণৱে এই পৰম্পৰাৰ কথা সুঁৱৰি কয়,"জুবিন গাৰ্গবিহীন প্ৰথম ভোগালী । গতিকে মনটো বিষাদেৰে ভৰি আছে । তথাপিও পৰম্পৰা ৰক্ষা কৰি ভোগালীক আদৰিবলৈ আমাৰ উত্তৰ কমলাবাৰী সত্ৰৰ সকলো বৈষ্ণৱ সাজু হৈছে । ভোগালীৰ বাবে চিৰা খুন্দা পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে । ইয়াৰ পিছত আমি সকলো মিলি পিঠা বনাম । সত্ৰৰ বৈষ্ণৱগৰাকীয়ে কয় মাজুলীলৈ অহা বিদেশী পৰ্যটকসকলেও আহি আমি কেনেদৰে ভোগালী বিহু উদযাপন কৰো সেইয়া উপভোগ কৰে ।"

লগতে পঢ়ক: ভোগৰ সামগ্ৰীৰে ভৰিছে মহানগৰী, মহঙা হৈছে নেকি ভোগালী ?

পদূলিত ভোগালী : সংকটৰ মাজতো দিনে-ৰাতিয়ে চাক ঘূৰিছে শালমৰাৰ কুমাৰৰ