লক্ষাধিক ভকত-বৈষ্ণৱক আদৰিবলৈ সাজু ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ
প্ৰতিবছৰৰ দৰে এই বছৰো ভাদ মাহ উপলক্ষে ঢেকীয়াখোৱা বৰনামঘৰত পালনামৰ আয়োজন কৰা হৈছে ৷

Published : August 16, 2026 at 5:37 PM IST
টীয়ক: অতিকৈ পবিত্ৰ মাহ ভাদ মাহৰ আৰম্ভণি হ’বলৈ মাজত মাত্ৰ দুটা দিন বাকী । বৈষ্ণৱ ধৰ্মাৱলম্বী অসমীয়া সমাজৰ বাবে অতি পবিত্ৰ তথা গুৰুত্বপূৰ্ণ এই ভাদ মাহক লৈ সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্রস্তুতি আৰম্ভ হৈছে । ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ সত্ৰ-নামঘৰসমূহত পৰিলক্ষিত হৈছে উখল-মাখল পৰিৱেশ । ভাদমাহ বুলিলেই শংকৰী দৰ্শন আৰু আধ্যাত্মিকতাৰ প্ৰতীক নামঘৰসমূহ নাম-প্ৰসংগৰে মুখৰিত হৈ পৰে ।
মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ প্ৰতিষ্ঠিত পূব যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো এতিয়া ব্যস্ততাৰ অন্ত নাই । সমগ্ৰ ভাদ মাহটোত আগমন ঘটিবলগীয়া লক্ষাধিক ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ নামঘৰ প্ৰাংগণত ৰং-তুলিকা আৰু যাৱতীয় কামসমূহ পূৰ্ণগতিত চলিছে । নামঘৰৰ চৌহদ চাফ-চিকুণ কৰাৰ লগতে ধৰ্মীয় পৰম্পৰা অনুসৰি সমগ্ৰ এলেকাটো আকৰ্ষণীয়ভাৱে সজাই তোলা হৈছে ।
মহাপুৰুষ মাধৱদেৱে নিজেই প্ৰজ্বলন কৰি থৈ যোৱা আৰু বিগত ৫০০ ৰো অধিক বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে জ্বলি থকা ঐতিহাসিক অখণ্ড বন্তিৰ দৰ্শন আৰু আশীৰ্বাদ ল’বলৈ অহা ভক্তসকলৰ বাবে বিশেষ শৃংখলাবদ্ধ পথৰ ব্যৱস্থা কৰা হৈছে । লক্ষাধিক সমাগমৰ প্ৰতি লক্ষ্য ৰাখি নামঘৰ পৰিচালনা সমিতি আৰু স্থানীয় প্ৰশাসনৰ উদ্যোগত ভিৰ নিয়ন্ত্ৰণ, খোৱাপানী, স্বাস্থ্য সেৱা আৰু নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰা হৈছে । ভকত-বৈষ্ণৱৰ বাবে প্ৰসাদ বিতৰণ আৰু ভক্তসকলৰ সুবিধাৰ্থে দিন-ৰাতি একাকাৰ কৰি প্ৰস্তুতি চলাই থকা হৈছে ।
নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতাই কয়, ‘‘পূৰ্বৰ দৰে এইবাৰো ১৮ আগষ্টৰ পৰা ১৮ ছেপ্টেম্বৰলৈকে আমি বিশ্ববাসীৰ মংগলৰ অৰ্থে মাহযোৰা পালনাম অনুষ্ঠিত কৰিছো । সেয়ে আমি ভকত বৈষ্ণৱ আদৰাৰ বাবে সকলো প্ৰস্তুতি চলাই আছো । নামঘৰৰ চৌহদ চাফ-চাফাই কৰি গাড়ী ৰখা, চাকি দিয়া স্থানবোৰ সুন্দৰকৈ সজাই তুলিছো । এইক্ষেত্ৰত জিলা প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হৈ খোৱাপানী, স্বাস্থ্য, যাতায়াত আদি সকলোবোৰৰ সু-ব্যৱস্থা কৰিছো, যাতে কোনো ৰাইজে অসুবিধা নাপায় ।’’
কলিতাই লগতে কয়, ‘‘তাৰ মাজতে উজনিত যি মহাপ্ৰলয় হৈছে, তাক লৈও আমি দুখ প্ৰকাশ কৰিছো । আমি নামঘৰ পৰিচালনা সমিতিয়ে ইতিমধ্যে প্ৰায় সাত লাখ টকা ৰাইজৰ সহায়ৰ বাবে আগবঢ়োৱাৰ পাছত প্ৰায় চাৰি লাখ টকাৰ বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী দুৰ্গতসকলৰ মাজত বিতৰণ কৰিছো ৷ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈও তিনি লাখ টকাৰ এক অনুদান আগবঢ়াইছোঁ । আশা কৰিছোঁ প্ৰভু ভগৱন্তই সকলোকে কৃপা কৰিব । জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে আমাৰ এই মাহযোৰা পালনামত সকলোৱে আগৰ দৰেই অংশগ্ৰহণ কৰিব । এক সুস্থিৰ পৰিৱেশ ঘূৰি আহিব ।’’
লগতে পঢ়ক: উজনিৰ বান চৰকাৰ আৰু কিছু দল-সংগঠনৰ বাবে উৎসৱ হৈ পৰিছে: আটাছু

