ETV Bharat / state

মিচিং ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰীৰ কোলাতে জন্ম ল'ব শিশু কৃষ্ণই

শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শনৰ বাবে সাজু জোনাই । তিনিদিনীয়াকৈ উদযাপন কৰা হ'ব শ্ৰীকৃষ্ণৰ ৰাসলীলা ।

Preparations for the Lord Krishnas Raas festival in Jonai
শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শনৰ বাবে সাজু জোনাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 29, 2025 at 6:27 PM IST

2 Min Read
Choose ETV Bharat

ধেমাজি : এতিয়া ৰাসৰ বতৰ । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত প্ৰথমবাৰৰ বাবে অসমবাসীয়ে উদযাপন কৰিবলৈ লৈছে ৰাস মহোৎসৱ । ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে ৰাসৰ প্ৰস্তুতি । প্ৰান্তে প্ৰান্তে চলিছে কংস বধৰ আখৰা, আকাশে-বতাহে শ্ৰীকৃষ্ণৰ বাঁহীৰ পঞ্চম সুৰ । ৰাজ্যৰ অন্যান্য স্থানৰ দৰে ধেমাজি জিলাতো অনুষ্ঠিত কৰা হ'ব শ্ৰীকৃষ্ণৰ মহাৰাস ।

জিলাখনৰ জোনাইৰ চিগা আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত মাজুলী গড়মূৰ বৰসত্ৰৰ দ্বাৰা পৰিচালিত ৩০ সংখ্যক ভগৱান শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা মহোৎসৱ অহা ৬,৭ আৰু ৮ নৱেম্বৰত তিনিদিনীকৈ প্ৰদৰ্শনৰ বাবে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে চিগা ৰাসলীলা উৎযাপন সমিতিয়ে ৷

শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শনৰ বাবে সাজু জোনাই (ETV Bharat Assam)

১৯৯৬ চনৰ পৰা চিগা আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত প্ৰতি বছৰে উৎযাপন কৰি অহা হৈছে এই ৰাসলীলা । বিগত বছৰবোৰৰ দৰে এই বছৰো ৬,৭ আৰু ৮ নৱেম্বৰত চিগা আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ নেপাল কামান লত্তা ৰংগমঞ্চত ব্যতিক্ৰমী ৰূপত ৰাসলীলা মহোৎসৱ প্ৰদৰ্শনৰ বাবে দিনে নিশাই দেখিবলৈ পোৱা গৈছে ভীষণ ব্যস্ততা ৷ উক্ত ৰাসলীলাৰ পৰিচালনা কৰিছে বাপ হাজৰিকাই ৷

তিনিদিনীকৈ প্ৰদৰ্শন কৰিবলগীয়া ৩০ সংখ্যক ভগৱান শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলাৰ আখৰাৰ অন্ত পৰে মঙলবাৰে ৷ জানিব পৰামতে উক্ত ৰাসলীলাত দৈৱকীৰ অভিনয় কৰিব মিচিং ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী চিত্ৰলেখা দ'লেয়ে ৷ আখৰাৰ অন্তিম দিনা চিগা আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ নেপাল কামান লত্তা ৰংগমঞ্চত উপস্থিত হৈ চিগা আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি মৃণাল পাতিৰ, সম্পাদক অনিল দলে আৰু ৰাসলীলা আয়োজক সমিতিৰ বিষয়ববীয়াই ৰাসলীলাভাগ উপভোগ কৰিবলৈ আহ্বান জনায় ।

Preparations for the Lord Krishnas Raas festival in Jonai
পূৰ্ণগতিত চলি আছে ৰাসৰ আখৰা (ETV Bharat Assam)

ৰাসলীলাভাগৰ বিষয়ে আয়োজক সমিতিৰ এগৰাকী বিষয়ববীয়াই কয়, "আমি চিগা আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যত অহা ৬,৭ আৰু ৮ নৱেম্বৰ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা আমি ইয়াত প্ৰদৰ্শন কৰিম । গতিকে সকলো ধেমাজিবাসী ৰাইজক সহায়-সহযোগিতাৰে এই আধ্যাত্মিক কৰ্মভাগিক সুচাৰুৰূপে পালন কৰিবৰ বাবে বিনম্ৰ আহ্বান জনাইছোঁ ।"

লগতে পঢ়ক: মঞ্চই মঞ্চই চলিছে কংস বধৰ আখৰা: দেউৰী ভাষাত প্ৰদৰ্শন হ'ব সম্পূৰ্ণ ৰাসলীলা

নলবাৰীৰ ৰাসত ১০ হাজাৰ শিল্পীয়ে একেলগে পৰিৱেশন কৰিব জুবিন গাৰ্গৰ গীত