দৰ্শনাৰ্থীক আদৰিবলৈ সাজু হাউলী, হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ
হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ ৷ ৫ নৱেম্বৰৰ পৰা পোন্ধৰদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হাউলী ৰাস মহোৎসৱ ।

Published : November 2, 2025 at 2:59 PM IST
বৰপেটা: বৰপেটা জিলাৰ ঐতিহাসিক চহৰ হাউলী ৷ কোচ ৰজা চণ্ডী বৰুৱাৰ ৰাজধানী হাউলীত অহা ৫ নবেম্বৰৰ পৰা ১৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব হাউলী ৰাস মহোৎসৱ ৷ এইবেলি ৯৮ সংখ্যক বৰ্ষৰ বাবে আয়োজিত এই ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্প্ৰতি তুংগত উঠিছে । বতৰৰ বিধি-পথালিৰ মাজতে চলা ব্যাপক প্ৰস্তুতিৰ অংশ হিচাপে ৰাস মন্দিৰটোৰ উপৰি উদযাপনস্থলী সজাই তোলাৰ কাম অব্যাহত আছে ।
একেদৰে মৃন্ময় মূৰ্তিসমূহ সজাই তোলাৰ কাম শিল্পীসকলে ক্ষীপ্ৰ গতিত আগবঢ়াইছে । উল্লেখযোগ্য যে ধৰ্মগ্ৰন্থত উল্লেখ থকা ভগৱান শ্ৰীকৃষ্ণৰ লগত সম্পৰ্কিত চৰিত্ৰবোৰক মৃন্ময় মূৰ্তিৰ সহায়ত এই ৰাস মহোৎসৱত দাঙি ধৰা হয় । হাউলীৰ ৰাস মৃন্ময় প্ৰতিমাৰ বাবে বাবেও বিখ্যাত । অৱশ্যে এইবাৰ প্ৰথমবাৰলৈ মানব প্ৰতিমাও থাকিব বুলি সদৰী কৰে প্ৰতিমা উপ-সমিতিৰ সম্পাদক সঞ্জয় চৌধুৰীয়ে ।
তেওঁ লগতে সদৰী কৰে,"এইবাৰ ৰাসথলীত প্ৰায় চাৰে তিনিশ আকৰ্ষণীয় প্ৰতিমা প্ৰদৰ্শন কৰা হ'ব । ধৰ্মগ্ৰন্থসমূহত ভগবান শ্ৰীকৃষ্ণৰ লগত সম্পৰ্ক থকা যিবোৰ চৰিত্ৰৰ উল্লেখ আছে সেইবোৰেই প্ৰতিমাৰ ৰূপত উপস্থাপন কৰা হ'ব । আনহাতে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি এইবাৰ ৰাসথলীত এখন বিশেষ ষ্ট'লৰ ব্যৱস্থা থাকিব । তাত ৰাইজে সুধাকণ্ঠগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ সক্ষম হ'ব । একেদৰে শিল্পী জুবিন গাৰ্গৰ নামতো এটা পৃথক ষ্ট'ল থাকিব । সেই ষ্ট'লত প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা থকাৰ উপৰি তেওঁ ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হ'ব । হাউলীৰ ৰাসত লাখ লাখ লোকৰ আগমন হয় ।"

এনে ভিৰ নিয়ন্ত্ৰণ কৰি ৰাস মহোৎসৱ সাফল্যমণ্ডিত কৰি তুলিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে উদযাপন সমিতিয়ে । ৰাস উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তৰুণ চন্দ্ৰ নাথে কয়,"জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই হউলীৰ ৰাসৰ উদ্ধোধনী অনুষ্ঠান ৰূপে প্ৰতিবছৰে ৰূপায়ণ কৰি অহা শব্দ থকা আতচবাজী এইবাৰ প্ৰদৰ্শন কৰা নহয় । তাৰ বিপৰীতে শব্দবিহীন আতচবাজী ব্যৱহাৰ কৰা হ'ব । আনহাতে ৰাস মহোৎসৱ থলীত জুবিন গাৰ্গৰ বহুকেইখন প্ৰতিচ্ছবি ৰখা হ'ব । একেদৰে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাকো তেওঁৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বিশেষ ব্যৱস্থা কৰা হ'ব ।"


