ETV Bharat / state

অসম ৰাজ্যিক অ’বিচি সংঘৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি তুংগত

মৰিগাঁৱত ১২ জুনত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম ৰাজ্যিক অ’বিচি সংঘৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ।

Preparations for the central establishment day of Assam State OBC Association
অসম ৰাজ্যিক অ’বিচি সংঘৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ অভ্যৰ্থনা সমিতি গঠন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 22, 2026 at 7:30 AM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও: অ'বিচি তথা অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ অধিকাৰ আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰিব পৰাকৈ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত অহা ১২ জুনত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম ৰাজ্যিক অ’বিচি সংঘৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস । এই দিৱস উলহ-মালহেৰে উদযাপন কৰাৰ বাবে মৰিগাঁৱত প্ৰস্তুতি তুংগত উঠিছে ।

এই বিশাল কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে মৰিগাঁৱৰ আইটিডিপি ব'ৰ্ডৰ প্ৰেক্ষাগৃহত এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয় । মৰিগাঁও জিলা অ’বিচি সংঘৰ সভাপতি মনমোহন ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধি তথা বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।

Preparations for the central establishment day of Assam State OBC Association
অসম ৰাজ্যিক অ’বিচি সংঘৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ অভ্যৰ্থনা সমিতি গঠন (ETV Bharat Assam)

সভাৰ আৰম্ভণিতে জিলা সমিতিৰ সম্পাদক সুশীল কুমাৰ নাথে সভাৰ উদ্দেশ্য বাখ্যা কৰি আগন্তুক ৰাজ্যিক পৰ্যায়ৰ প্ৰতিষ্ঠা দিৱস মৰিগাঁও জিলাত অনুষ্ঠিত কৰিবলৈ পোৱাটো জিলাবাসীৰ বাবে এক গৌৰৱৰ বিষয় বুলি অভিহিত কৰে । সভাত সমবেত ৰাইজ তথা বিষয়ববীয়াসকলৰ সৰ্বসন্মতিক্ৰমে মূল কাৰ্যসূচী পৰিচালনা কৰিবলৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয় ।

সমাজকৰ্মী ডালিম ফুকনক সভাপতি আৰু সমুদ্ৰ নাৰায়ণ মেধিক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা অভ্যৰ্থনা সমিতি যুটীয়া সম্পাদক সুশীল কুমাৰ নাথ, বিশ্বজিৎ মেধি আৰু মিলন ডেকা, সাংস্কৃতিক সম্পাদকৰূপে পুলক নাথ আৰু কৃষ্ণ কুমাৰ নাথক নিৰ্বাচিত কৰা হয় ।

ৰাজ্যিক পৰ্যায়ৰ এই প্ৰতিষ্ঠা দিৱসত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধি তথা বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব । সেয়েহে এই গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীত মৰিগাঁও জিলাৰ সৰ্বস্তৰৰ ৰাইজৰ সক্ৰিয় উপস্থিতি, দিহা-পৰামৰ্শ আৰু সৰ্বাত্মক সহায়-সহযোগিতা নৱগঠিত অভ্যৰ্থনা সমিতিয়ে একান্তভাৱে কামনা কৰিছে ।

লগতে পঢ়ক:আন্তর্জাতিক চাহ দিৱস : চাহৰ সৈতে অসমৰ অবিচ্ছেদ্য বন্ধন

২০২৫-২৬ বিত্তীয় বৰ্ষত চাহ ৰপ্তানিৰ জৰিয়তে ভাৰতৰ ৮,৭১৯ কোটি টকা উপাৰ্জন