দৌলমহোৎসৱলৈ মাজত কেইটিমান দিন, সত্ৰৰ দালানত হোলী গীতৰ ৰোল
বৰপেটা সত্ৰৰ দালানত নিশা যুৱকৰ হোলী গীতৰ ৰোল ৷ দৌলমহোৎসৱৰ প্ৰস্তুতি সম্পন্ন ৷

Published : February 28, 2026 at 4:10 PM IST
বৰপেটা: দুৱাৰদলিত বৰপেটাবাসীৰ প্ৰাণৰ দৌল মহোৎসৱ ৷ দৌল মহোৎসৱ বুলি কলেই এক অনামী পুলকত নাঁচি উঠে বৰপেটাবাসীৰ দেহ মন প্ৰাণ ৷ বৰপেটা সত্ৰত ২ মাৰ্চ সোমবাৰৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত হ'ব বিখ্যাত দৌল মহোৎসৱ ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি পালন কৰা দৌল মহোৎসৱৰ কাৰ্যসূচী অনুসৰি সোমবাৰে বহ্নুৎসৱ বা গোন্ধ যাত্ৰা মঙ্গলবাৰ, বুধবাৰ আৰু বৃহস্পতিবাৰে ভৰদৌল আৰু শুক্ৰবাৰে অনুষ্ঠিত কৰা হ'ব সুৱেৰী বা ফাকুৱা ৷
দৌলক লৈ আপোন বিভোৰ বৰপেটাবাসী:
বৰপেটা যিমানেই দৌল মহোৎসৱ ওচৰ চাপি আহিছে সিমানেই হোলী গীতৰ উতলা সুৰে পৰাণ মতলীয়া কৰি তুলিছে বৰপেটাবাসীক ৷ বৰপেটা সত্ৰৰ দালানত নিশা বৰপেটাৰ যুৱকৰ হোলী গীতৰ ৰোল ৷ বৰপেটাৰ প্ৰতিখন হাটীৰ যুৱকসকলে কৰ্মৰ পৰা উভতি আহি এনেদৰেই নিশা দুপৰলৈকে হোলী গীত গাই উন্মনা হৈ পৰিছে কৃষ্ণপ্ৰেমত ৷
বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড৹ বাবুল চন্দ্ৰ দাসে বৰপেটা সত্ৰত শ্ৰীশ্ৰী কৃষ্ণৰ দৌল মহোৎসৱৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে বুলি জানিবলৈ দিয়ে । বুঢ়া সত্ৰীয়াগৰাকীয়ে কয়, "অহা ২ মাৰ্চৰ পৰা ৬ মাৰ্চলৈ ৫ দিনীয়া দৌল মহোৎসৱ প্ৰথম দিনা বহ্নুৎসৱ বা গোন্ধ যাত্ৰা ৷
গোন্ধ যাত্ৰাৰ দিনা বিয়লিৰ ভাগত গোসাইক মণিকূটৰ পৰা উলিয়াই অনা হয় ৷ গায়ন-বায়নে গীত গাই উলিয়াই আনে ৷ মণিকূটৰ পৰা উলিয়াই আনি মঠৰ চোতালত ৰখা হয় ৷ পূজাৰীয়ে গোঁসাইৰ বিগ্ৰহক স্নান কৰায় ৷ যেতিয়া ক্ষণ মিলে সন্ধিয়াৰ পৰত টুপৰ চোতালত মেজিৰ জুই জ্বলোৱা হয় আৰু মেজিৰ জুইৰ চাৰিওফালে ভকত সকলে গোঁসাইক সাত পাক ঘূৰাই যোগমোহন গৃহত ৰখা হয় ৷ যোগমোহন গৃহত যেতিয়া ক্ষণ মিলে দৌলত তোলা হয় ৷ পিছদিনাখন ভৰদৌল আৰম্ভ হয় ৷"

তেওঁ লগতে কয়,"পূজাৰীয়ে পূজা কৰাৰ পিছত বুঢ়া সত্ৰীয়াই ফাঁকু দিয়াৰ পিছত ভকত সকলে ফাঁকু দিব লাগে তেনেকৈয়ে ভৰ দৌল পালন কৰা হয় ৷ নক্ষত্ৰ ক্ষণ অনুসৰি এইবাৰ তিনিদিনীয়া ভৰদৌল ৷ ভৰদৌলৰ পিছদিনাখন সুৱেৰী ৷ সুৱেৰীৰ প্ৰথা অনুসৰি কলবাৰী সত্ৰত হেকেটা খুৱাবলৈ লৈ যোৱা হয় ৷ ভকতসকলে হেকেটা খুৱাবলৈ নিয়ে ৷ তাৰ পৰা আকৌ হোলীগীত গাই গাই আহি সত্ৰ প্ৰদক্ষিণ কৰা হয় সাত বাৰ ৷ সত্ৰ প্ৰদক্ষিণ কৰি থকা সময়ত গায়ন বায়নে গীত গায় মঠৰ চোতালত ৷ তাৰ পিছত বোলবলনি অনুষ্ঠান অনুষ্ঠিত হয় ৷ বোলবলনি অনুষ্ঠানৰ জৰিয়তে এজন ভকতে কৃষ্ণৰ ভাও লয় আৰু এজন ভকতে লক্ষ্মীৰ ভাও লৈ কৃষ্ণ আৰু লক্ষ্মীৰ দণ্ড হয় পিছত কৃষ্ণই হাৰে ৷ এনেকৈয়ে আধ্যাত্মিক উৎসৱ এটা হয় ৷ দৌল মহোৎসৱত আধ্যাত্মিকৰ লগতে আনন্দও জড়িত হৈ থাকে ৷"

এইবাৰ তিনি, চাৰি আৰু পাঁচ মাৰ্চত ভৰদৌল পালিত হ'ব । ছয় মাৰ্চত অনুষ্ঠিত হ'ব বৰপেটাৰ বিখ্যাত ফাকুৱা তথা হোলী উৎসৱ । দৌল মহোৎসৱত প্ৰতি বছৰে হেজাৰ হেজাৰ লোকৰ সমাগম হয় । এই বৃহৎ সংখ্যক ভক্ত তথা দৰ্শনাৰ্থীক আদৰিবলৈ তথা দৌল মহোৎসৱ সুকলমে অনুষ্ঠিত কৰিবলৈ সকলো দিশেৰে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে বুলি জনায় সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰদীপ পাঠকে ।

