লালিলাঙৰ গুঞ্জন : ভেলাঘৰ, মাছধৰা যতন বনোৱাত ব্যস্ত ডিমৰীয়াৰ ৰাইজ
লালিলাঙৰ সুৰত মুখৰিত হৈ পৰিছে ডিমৰীয়া । পৰম্পৰাগত মৎস্য চিকাৰৰ বাবেও সাজু গাঁওবাসী । ভোগালীৰ প্ৰস্তুতি সন্দৰ্ভত দেবেন বৰুৱাৰ এক বিশেষ প্ৰতিবেদন ।

Published : January 3, 2026 at 12:07 PM IST
সোণাপুৰ : অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ঠায়ে ঠায়ে মেজি, ভেলাঘৰ আদি বনোৱাত ব্যস্ত গাঁৱৰ ডেকা-বুঢ়া । পিঠা-লাড়ু যোগাৰ কৰাত মহিলাসকলো ব্যস্ত হৈ পৰিছে । অসমৰ ঠাইভেদে অৱশ্যে বিহুৰ কিছুমান বিশেষ মাদকতা আছে । গুৱাহাটীৰ সমীপৱৰ্তী কামৰূপৰ ডিমৰীয়াত মাঘ বিহু বা ভোগালী বিহুৰ প্ৰাধান্য বেছি দেখা যায় ।
বিশেষকৈ ভোগালী বিহু বুলি ক'লে সকলোৰে মুখে মুখে লালিলাং কেঁচা বিহুগীত শুনা যায় । গাঁৱৰ লোকসকল ভেলাঘৰ বনোৱাত ব্যস্ত হৈ পৰে । একেদৰে মাছ ধৰাৰ যতন বনোৱাত ব্যস্ত হৈ পৰে স্থানীয় শিল্পীসকল । এইবাৰো ব্যতিক্ৰম নহয় ।
গঞাৰ আনন্দই নধৰা হিয়া
ভোগালী বুলিলেই যেন এতিয়া উলাহে নধৰা হৈছে ডিমৰীয়াবাসীৰ । চৌদিশে এতিয়া মেজি আৰু ভেলাঘৰ সজাৰ উখল-মাখল পৰিৱেশ । গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী ডিমৰীয়া অঞ্চলত ভোগালীৰ এই মাদকতা আন ঠাইতকৈ অলপ সুকীয়া । এই মাদকতাৰ অন্যতম কাৰণ হ'ল- 'লালিলাং' । চহা কবিৰ কণ্ঠত প্ৰাণ পাই উঠা লালিলাঙৰ সুৰে এতিয়া ডিমৰীয়াৰ আকাশ-বতাহ মুখৰিত কৰি তুলিছে ।

লালিলাং : ডিমৰীয়াৰ প্ৰাণৰ স্পন্দন
ডিমৰীয়াৰ লোক-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হ'ল 'লালিলাং' বা 'কেঁচা বিহু' । বিশেষকৈ ভোগালী বিহুৰ উৰুকাৰ সময়ত এই গীতৰ প্ৰাধান্য বৃদ্ধি পায় । চহা কবিৰ অন্তৰৰ নিভৃত কোণৰ কথা প্ৰকাশ পোৱা এই গীতসমূহ মূলত মৎস্য চিকাৰ আৰু যৌৱনৰ জয়গানেৰে ভৰপূৰ ।

অঞ্চলটোৰ ডেকা-বুঢ়া সকলোৱে পাহাৰৰ পৰা বাঁহ-কাঠ কাটি আনি মুকলি পথাৰত লালিলাং গাই ভেলাঘৰ আৰু মেজি সাজিছে । এই সন্দৰ্ভত লোক-সংস্কৃতিৰ সংগ্ৰাহক মুৰুলীধৰ দাসে কয়, "লালিলাং কেৱল গীত নহয়, ই ডিমৰীয়াৰ ঐতিহ্য আৰু অস্তিত্বৰ চিনাকি ।"
ৰজাদিনীয়া মৎস্য চিকাৰৰ পৰম্পৰা
ভোগালী বিহুৰ উৰুকাৰ দিনা ডিমৰীয়াত এক ঐতিহাসিক পৰম্পৰা পালন কৰা হয় । ডিমৰীয়া ৰজাৰ উপস্থিতিত পাহাৰ-ভৈয়ামৰ ৰাইজে একগোট হৈ সমূহীয়া মৎস্য চিকাৰ কৰে । পাৰশালি, জালিশৰা, বমানী আৰু তামুলীদ'ভা আদি ৰজাদিনীয়া বিলসমূহত হাজাৰ হাজাৰ ৰাইজে পল, জাকৈ লৈ বিলত নামে । এই মৎস্য চিকাৰৰ সময়ত লালিলাং গীতৰ সুৰে এক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে । মৎস্য চিকাৰত মাছ পোৱাতকৈও সমূহীয়া আনন্দহে ইয়াত মুখ্য বুলি গণ্য কৰা হয় ।

ডুমুৰালী ভাষা আৰু লালিলাঙৰ বৈশিষ্ট্য
ডিমৰীয়াৰ থলুৱা কাৰ্বি, তিৱা, বড়ো, গাৰো আৰু কোচ আদি জনগোষ্ঠীয় মিলনভূমিৰ এই লালিলাং গীতসমূহৰ ভাষা হ'ল 'ডুমুৰালী'। ইয়াত ব্যৱহাৰ হোৱা উপমা আৰু শব্দচয়ন অতি সাৱলীল আৰু প্ৰাকৃতিক । যদিও এই গীতসমূহৰ কিছুমান অংশত যৌন আবেদন বা 'কেঁচা' শব্দৰ প্ৰয়োগ থাকে, তথাপিও মাঘৰ উৰুকাৰ দিনা বিলৰ পাৰত এনে গীত গোৱাটোৱে কাকো লজ্জিত নকৰে । বৰঞ্চ ইয়াক আদিম পৃথিৱীৰ এক মুক্ত প্ৰকাশ হিচাপেই গ্ৰহণ কৰা হয় ।

আধুনিকতাৰ মাজতো অটুট পৰম্পৰা
মহানগৰীৰ প্ৰভাৱ পৰিলেও ডিমৰীয়াৰ ৰাইজে আজিও নিজৰ পৰম্পৰাক বুকুত সাৱটি ৰাখিছে । গাঁৱৰ প্ৰতিখন পথাৰত ভেলাঘৰ সাজি উৰুকাৰ নিশা লগে-ভাগে ভোজ খোৱাৰ যো-জা চলিছে । লালিলাং, নৃত্য-গীত যিহেতু এতিয়া বিলৰ পাৰৰ পৰা সাংস্কৃতিক মঞ্চও পাইছেগৈ, সেয়েহে নতুন প্ৰজন্মৰ মাজতো ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে । মুঠতে ডিমৰীয়াৰ আকাশত এতিয়া ভোগালীৰ উলাহ । ঠেঁটুৱৈ ধৰা জাৰক নেওচি লালিলাঙৰ উত্তাপে এতিয়া একতা আৰু সমন্বয়ৰ বাৰ্তা বিলোৱাৰ বাবে সাজু হৈছে সমগ্ৰ ডিমৰীয়াবাসী ।
এই সন্দৰ্ভত লোক-সংস্কৃতিৰ সংগ্ৰাহক, সাহিত্যিক পেন্সনাৰ মুৰুলীধৰ দাসে কয়, "ডিমৰীয়াত মাঘ বিহুৰ প্ৰাধান্য আটাইতকৈ বেছি । আঘোণৰ পথাৰৰ পৰা নতুন ধান চপাই মানুহে এতিয়া ভোগ কৰিব পাৰে বাবেই এয়া ভোগালী । কাৰোৰে ঘৰত আকাল নাই । যাৰ ঘৰত সা-সুবিধা আছে তেওঁলোকে যেনেকৈ চিৰা-পিঠা যোগাৰ কৰিব, নথকা জনেও ক'ৰবাৰ পৰা ক্ৰয় কৰি হ'লেও বিহুৰ জা-জলপানৰ যোগাৰ কৰিবই । মহানগৰীৰ একেবাৰে ওচৰত থকাৰ পাছতো ডিমৰীয়াত ভেলাঘৰ-মেজি বনোৱাৰ পৰম্পৰা হেৰাই যোৱা নাই ।"

ভেলাঘৰত একতাৰ ভোজ
উৰুকাৰ নিশা সকলোৱে মিলি ভোজ খোৱাৰ উদ্দেশ্যে এতিয়া ডিমৰীয়াৰ প্ৰতিখন গাঁৱৰ ৰাইজ ব্যস্ত হৈ পৰিছে ভেলাঘৰ সজাত । শীতৰ কোমল ৰ'দত গাঁৱৰ ৰাইজে একেলগে মিলি 'লালিলাং' গীত গাই ভেলাঘৰ সজাৰ দৃশ্যই একতাৰ বাৰ্তাই কঢ়িয়াই আনিছে । ভেলাঘৰ বনাই থকাৰ মাজতে এজনে ক'লে, "ৰাইজে একত্ৰিত হৈ এইদৰে ভেলাঘৰ বনোৱাটো আমাৰ আনন্দ । উৰুকাৰ দিনা ঘৰৰ সকলোৱে ৰাইজৰ সৈতে ইয়াতেই ভোজ-ভাত খাম ।"
ভোগালী বুলি ক'লেই মাছ-পুঠিৰ প্ৰসংগ আহিবই । ডিমৰীয়াত পৰম্পৰাগতভাৱে বিলত সমূহীয়াকৈ মাছ ধৰাৰ যি আনন্দ, সেয়া বৰ্ণনাতীত । বিহুৰ সময়ত বিলত 'লালিলাং' পৰিৱেশন কৰি সমূহীয়াকৈ মৎস্য চিকাৰ কৰাটো অঞ্চলটোৰ এক বিশেষত্ব । ইয়াত মাছ পোৱাটো গৌণ কথা, কিন্তু ৰাইজৰ মাজত থকা অপাৰ আনন্দ আৰু উৎসাহহে মুখ্য ।
মাছ ধৰা সঁজুলিৰ প্ৰস্তুতি
ভোগালীৰ বাবে কেৱল খাদ্য-বস্তুৱেই নহয়, মাছ ধৰা সঁজুলিসমূহকলৈও প্ৰস্তুতি চলিছে । একাংশ লোক এতিয়া ব্যস্ত পল, জাকৈ আদি বনোৱাত । এজন শিল্পীয়ে কয়, "এটা সুন্দৰ পল সাজিবলৈ প্ৰায় ৩ দিন সময়ৰ প্ৰয়োজন হয় । বহুতে নিজৰ ব্যৱহাৰৰ উপৰিও ব্যৱসায়িক ভিত্তিত এনে সঁজুলি প্ৰস্তুত কৰি বিক্ৰীৰ বাবেও সাজু কৰি তুলিছে ।"

আধুনিকতাৰ পৰশ পৰিলেও ডিমৰীয়াৰ জনজীৱনত আজিও মাঘ বিহুৰ সেই পুৰণি মাদকতা সজীৱ হৈ আছে । উৰুকাৰ দিনটোৰ বাবে ডিমৰীয়াৰ মাছুৱৈ ৰাইজে এতিয়া মাছ ধৰাৰ যতন যেনে-পল, জাকৈ, খালৈ আদি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে । মুখত লালিলাঙৰ গুণগুণনি লৈ কোনোবাই নিজৰ বাবে আৰু কোনোবাই বিক্ৰীৰ বাবে এই যতনবোৰ সাজিছে ।
লগতে পঢ়ক :আকাশত মাজে-সময়ে সূৰ্য দেৱতাই ভুমুকি মাৰিলেও ৰাজ্যত অব্যাহত থাকিব শীতৰ প্ৰকোপ

