মাঘ বিহুত আনুষ্ঠানিকভাৱে ম'হযুঁজ নহ'লেও পৰম্পৰা যে ৰক্ষা কৰিবই লাগিব; সাজু হৈছে আহঁতগুৰিৰ গোৱাল-ম'হ
উচ্চতম ন্যায়ালয়ৰ বাধাৰ বাবে ২০১৪ চনৰ পৰা আনুষ্ঠানিকভাৱে অনুষ্ঠিত হোৱা নাই ম'হযুঁজ ।

Published : January 10, 2026 at 3:14 PM IST
নগাঁও : মাঘ বিহুৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ঐতিহাসিক আহঁতগুৰিৰ পথাৰ । পৰম্পৰা আৰু সংস্কৃতিৰ ঐতিহ্য বহন কৰি তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে মাঘ বিহুৰ কাৰ্যসূচী ।
ম'হযুঁজৰ বাবেই বিখ্যাত আহতগুৰিৰ মাঘ বিহু । বিগত ৫০ বছৰৰো অধিক সময় ধৰি আহঁতগুৰিৰ বিশাল পথাৰত মাঘ বিহুৰ পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হৈ আহিছে ম'হযুঁজ; কিন্তু বিগত ২০১৪ চনৰ পৰাই আহঁতগুৰিৰ পথাৰত আনুষ্ঠানিকভাৱে অনুষ্ঠিত হোৱা নাই ম'হযুঁজ । আনুষ্ঠানিকভাৱে ম'হযুজ অনুষ্ঠিত নহ'লেও পৰম্পৰা ৰক্ষা কৰি আহঁতগুৰিতৰ পথাৰত ম'হযুঁজ অনুষ্ঠিত কৰি আহিছিল গোৱালসকলৰ লগতে আহঁতগুৰিৰ ৰাইজে ।
ম'হযুঁজ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰকৃতিপ্ৰেমীৰ আবেদনৰ ভিত্তিত উচ্চমত ন্যায়ালয়ে জাৰি কৰিছিল নিষেধাজ্ঞা । উচ্চতম ন্যায়ালয়ৰ বাধাৰ পাছতেই ২০১৪ চনৰ পৰা আনুষ্ঠানিকভাৱে অনুষ্ঠিত হোৱা নাছিল ম'হযুঁজ । এইবেলিও মাঘ বিহু উদযাপনৰ বাবে আহঁতগুৰিৰ বিশাল পথাৰ সাজু কৰি তুলিছে উদ্যোক্তাসকলে । নতুনকৈ গঠিত আহঁতগুৰিৰ মাঘ বিহু উদযাপন সমিতিয়ে এইবাৰো তিনিদিনীয়াকৈ মাঘ বিহু উদযাপন কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ।
অনানুষ্ঠানিকভাৱে হ'ব ম'হযুঁজ :
পথাৰত নিৰ্মাণ কাৰ্য চলি আছে বিশাল মণ্ডপৰ । মাঘ বিহু অনুষ্ঠিত কৰিলেও এইবাৰো আনুষ্ঠানিকভাৱে ম'হযুঁজ অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আহঁতগুৰিৰ ভোগালী বিহু উদযাপন সমিতিয়ে । অৱশ্যে অনানুষ্ঠানিকভাৱে ম'হযুঁজ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে আহঁতগুৰি ভোগালী বিহু উদযাপন সমিতিৰ সভাপতি হেমেন্দ্ৰ দাসে । অৱশ্যে এইবাৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ কেবিনেটে ম'হযুঁজ অনুষ্ঠিত কৰাৰ অনুমতিৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক লৈ উৎফুল্লিত আহঁতগুৰিৰ মাঘ বিহু কমিটী।

যুঁজৰ বাবে ম'হ সাজু কৰিছে গোৱালে :
তামিলনাডুৰ জাল্লাকাট্টুৰ দৰে অসমতো পৰম্পৰা ৰক্ষা কৰি ম'হযুঁজ অনুষ্ঠিত কাৰৰ আইন প্ৰণয়নৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্য় চৰকাৰে । ইপিনে, আহঁতগুৰিত আনুষ্ঠানিকভাৱে ঐতিহ্যবাহী ম’হযুঁজ অনুষ্ঠিত নহ’লেও পৰম্পৰা ৰক্ষা কৰি যুঁজৰ বাবে নিজৰ নিজৰ ম'হ সাজু কৰি তুলিছে গোৱালসকলে । আইনগত বাধাৰ প্ৰতি সন্মান জনাই আনুষ্ঠানিক আয়োজন বাতিল কৰা হৈছে যদিও স্থানীয় ৰাইজে পৰম্পৰাৰ স্মৃতি আৰু ঐতিহ্য অক্ষুণ্ণ ৰাখিবলৈ সাজু হৈ আছে আহঁতগুৰিত ।
আহঁতগুৰিৰ পৰম্পৰাৰ আঁৰত :
আহঁতগুৰিৰ মাঘ বিহু অসমৰ অন্যতম ঐতিহাসিক আৰু সাংস্কৃতিক উৎসৱ হিচাপে পৰিচিত ম'হযুজৰ বাবেই । বিশেষকৈ ম’হযুঁজৰ সৈতে জড়িত এই উৎসৱে যুগ যুগ ধৰি অসমৰ লোক জীৱন, কৃষিভিত্তিক সমাজ আৰু সামূহিক ঐক্যৰ প্ৰতীক হিচাপে গুৰুত্ব বহন কৰি আহিছে । যুঁজৰ বাবে সম্পূৰ্ণ সাজু হোৱা আহঁতগুৰিৰ জয়শ্ৰী গাঁৱৰ ম'হপালকে ইটিভি ভাৰতৰ সন্মুখত ম'হযুঁজক লৈ কয়, "মাঘ বিহুৰ পৰম্পৰা হৈছে ম'হযুঁজ । আমি আমাৰ ম'হ যুঁজাবলৈ সাজু কৰিছো । পৰম্পৰা ৰক্ষা কৰি আহঁতগুৰিতো যুঁজাম, লগতে যতেই ম'হযুজ হ'ব তাতেই আমাৰ ম'হ যুঁজাবলৈ লৈ যাম । মাঘ মাহত ম'হ যুঁজত নানামিলে অতিমাত্ৰা খঙাল হৈ পৰে, উগ্ৰ হৈ পৰে । যিকোনো মুহূৰ্তত মানুহক আক্ৰমণ কৰিব পাৰে । কেৱল এয়াই নহয়, মাঘ মাহত যুঁজ নকৰিলে ম'হৰ শিঙত পোকে আশ্ৰয় লয় । পৰম্পৰাৰ লগতে এনে বিভিন্ন কাৰণত মাঘ মাহত ম'হ যুঁজৰ বাবে আমি সাজু কৰো । আনকি ঢোলৰ মাত শুনিলে ম'হ নিজেই সাজু হৈ উঠে যুঁজৰ বাবে ।"

ইপিনে, যুঁজৰ বাবে সাজু কৰা ম'হৰ গোৱালৰ এটা পৰিয়ালৰ এগৰাকী ৮০ উৰ্ধৰ আইতাই বিহু গাই ম'হক যুঁজৰ বাবে ঘাঁহ খুৱাই শিঙত তেল সানি প্ৰস্তুতি চলোৱাৰ কথা উল্লেখ কৰে ইটিভি ভাৰতৰ সন্মুখত । উল্লেখ্য় যে, আহঁতগুৰিত তিনিদিনীয়াকৈ মাঘ বিহু উপলক্ষে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, পৰম্পৰাগত খেল-ধেমালিৰ আয়োজন কৰা হৈছে । উৎসৱক লৈ স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা দেখা গৈছে ।

