জামুগুৰিহাটত নদুৱাৰ নাথ-যোগী সন্মিলনীৰ শতবৰ্ষ সমাৰোহৰ আয়োজন
৩০ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শতবৰ্ষ সামৰণি অনুষ্ঠান ।

Published : April 20, 2026 at 6:10 PM IST
চতিয়া : নদুৱাৰ নাথ-যোগী সন্মিলনীৰ শতবৰ্ষ সামৰণি অনুষ্ঠান অহা ৩০ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৷ এই সন্দৰ্ভত জামুগুৰিহাটৰ কুসুমটোলাস্থিত সাৰ্বজনীন শিৱ মন্দিৰ প্ৰাংগণত সোমবাৰে এখনি সংবাদমেল আয়োজন কৰে শতবৰ্ষ সামৰণি অনুষ্ঠানৰ উদযাপন সমিতিয়ে ৷
উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি দণ্ডি নাথ, যুটীয়া সম্পাদক মিণ্টু নাথে এই শতবৰ্ষ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি সম্পৰ্কে ব্য়াখ্য়া কৰে । কাৰ্যকৰী সভাপতি দণ্ডি নাথে উল্লেখ কৰা মতে, ৩০ এপ্ৰিলৰ পুৱা মূল তোৰণ উন্মোচন কৰিব নদুৱাৰ আঞ্চলিক যোগী সন্মিলনৰ প্ৰাক্তন সভাপতি বিপিন নাথে ৷ ইয়াৰ পিছতেই এশগৰাকী আয়তীৰ দ্বাৰা পানীতোলা অনুষ্ঠান আৰু সাংস্কৃতিক শোভাযাত্ৰা উন্মোচন কৰিব অসম প্ৰাদেশিক মহিলা যোগী সন্মিলনীৰ প্ৰাক্তন সভানেত্ৰী চন্দ্ৰমা দেৱীয়ে ৷
শতবৰ্ষৰ পতাকা উত্তোলন কৰিব নদুৱাৰ সমষ্টিৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি পদ্ম হাজৰিকা আৰু নদুৱাৰ আঞ্চলিক যোগী সন্মিলনীৰ সভাপতি নৰেন নাথে ৷ এই অনুষ্ঠানতে অঞ্চলটোৰ এশগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা পতাকা উত্তোলন কৰা হ'ব ৷ ইয়াৰ পাচতেই কাৰ্যসুচী অনুযায়ী বন্তি প্ৰজ্বলন, উপ-সমিতিসমূহৰ কাৰ্যালয় উদ্ধোধন, প্ৰয়াত ভৱেন বৰা সোৱঁৰণী মঞ্চ উদ্বোধনৰ পাছতেই দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব স্মৃতিগ্ৰন্থ উন্মোচন আৰু সম্বৰ্ধনা সভা ৷
ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্য়ক্ষ ডঃ অজিত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিতব্য় সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ অৱসৰী অধ্য়ক্ষ ৰাম সাগৰ নাথ আৰু যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ডঃ থুলেশ্বৰ নাথে ৷ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ অৰুণ শৰ্মা,পাণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ বিশ্বজ্যোতি হাজৰিকা, শোণিতপুৰ জিলা যোগী সন্মিলনীৰ প্ৰাক্তন সম্পাদক জ্যোতি প্ৰসাদ নাথ । নিশা অনুষ্ঠিত হ'ব ৰুদ্ৰ যজ্ঞৰ অধিবাস আৰু ভাওনাৰ গন্ধোৎসৱ ৷
অহা ১ মে'ৰ পুৱা বৃক্ষ ৰোপণ, গুৰু পূজা, ৰুদ্ৰ যজ্ঞৰ অন্তত ১১ বজাত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি দণ্ডি নাথৰ সভাপতিত্বত অনুষ্ঠিত হ'ব ধৰ্মালোচনী সভা ৷ বিধায়ক পদ্ম হাজৰিকাই শুভ উদ্বোধন কৰিবলগীয়া ধৰ্মালোচনী সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুশীলন অধ্যাপক দিগন্ত বিশ্ব শৰ্মাই ৷ নিশা অনুষ্ঠিত হ'ব নাট ভাওনা-নাগৰাজ বাসুকী ৷ অহা ২ মে'ৰ ১১ বজাৰ পৰা বিধায়ক পদ্ম হাজৰিকাৰ সভাপিত্বত অনুষ্ঠিত হ'ব ৰাজহুৱা সভা ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ জেষ্ঠ অধ্যাপক ডঃ প্ৰফুল্ল কমাৰ নাথে শুভ উদ্বোধন কৰিবলগীয়া সভাখনিত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেণ নাথে ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ ৰঞ্জিত দত্ত, নাথ উন্নয়ন পৰিষদৰ অধ্যক্ষ বেণুধৰ নাথ ।
আনহাতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব আয়কৰ বিভাগৰ আয়ুক্ত নয়নজ্যোতি নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ নীলমণি নাথ , বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ডঃ বিপুল কুমাৰ বৰা, অসম প্ৰাদেশিক যোগী সন্মিলনীৰ উপ-সভাপতি হোমেশ্বৰ নাথ, দৰং মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক পূৰ্ণেশ্বৰ নাথ,অসম প্ৰাদেশিক মহিলা যোগী সন্মিলনীৰ সভানেত্ৰী জেউতী দেৱী, শোণিতপুৰ জিলা পৰিষদৰ উপ-সভাপতি হিতেশ বৰুৱা, জামুগুৰি জিলা পৰিষদৰ সদস্য উৎপল বৰা, চতিয়া আৰু জামুগুৰি পৌৰসভাৰ পৌৰপতি পল্লৱীতা শৰ্মা মহন্ত আৰু দ্বীপশিখা সন্দিকৈ, নাথ উন্নয়ন পৰিষদৰ সদস্য বলিন্দ্ৰ নাথ, শোণিতপুৰ জিলা মহিলা যোগী সন্মিলনীৰ প্ৰাক্তন সভানেত্ৰী ভাৰতী দেৱী । নিশা মহিলাসকলে পৰিৱেশন কৰিব কৰ্ণপৰ্ব নাট ভাওনা ৷
লগতে পঢ়ক:মাজুলীৰ সত্ৰীয়া গীত, নৃত্য, বাদ্য, ভাস্কৰ্য শিল্প-কলাৰ হ'ব বিশ্বমুখী যাত্ৰা
কুলশী নদীৰ ওপৰত নিৰ্মিত জলবিদ্য়ুৎ প্ৰকল্পই বিপদাপন্ন কৰিব শিহুৰ লগতে অন্য় জীৱকূল ! পৰিৱেশবিদৰ শংকা

