ETV Bharat / state

গুৰুজনাৰ সৃষ্টিক কোনোধৰণৰ সলনিৰ প্ৰয়োজন নাই; সংগীত নাটক অকাডেমী বঁটা প্ৰাপক প্ৰেম ওজা বৰবায়নৰ আহ্বান

সংগীত নাটক অকাডেমী বঁটাৰে বিভূষিত কৰা হ’ল মাজুলীৰ এগৰাকী বৰেণ্য শিল্পীক, নাম প্ৰেম ওজা বৰবায়ন ৷

Pren Oja Barbayan is happy to receive the Sangeet Natak Akademi Award 2024
সংগীত নাটক অকাডেমী বঁটা প্ৰাপক প্ৰেম ওজা বৰবায়ন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 11:05 AM IST

4 Min Read
Choose ETV Bharat

মাজুলী : মাজুলীবাসীৰ বাবে আন এক গৌৰৱৰ খবৰ ৷ কিয়নো ঐতিহ্যমণ্ডিত কমলাবাৰী সত্ৰৰ বিশিষ্ট শিল্প সাধক তথা বৰবায়ন প্ৰেম ওজা বৰবায়নলৈ আগবঢ়োৱা হৈছে দেশৰ কলা-সংস্কৃতি ক্ষেত্ৰৰ অন্যতম সৰ্বোচ্চ সন্মান সংগীত নাটক অকাডেমী বঁটা ৷ অসমৰ অন্যতম পৰিচয় সত্ৰীয়া নৃত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ২০২৪ বৰ্ষৰ এই বঁটা লাভ কৰি আনন্দিত হৈ পৰিছে প্ৰেম ওজা বৰবায়ন তথা মাজুলীবাসী ৷

এই খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া উচাহৰ বন্যা বৈছে সমগ্ৰ মাজুলী তথা সত্ৰীয়া সমাজত । যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে খোলৰ গুৰু গম্ভীৰ ধ্বনিয়ে, যাৰ কণ্ঠত প্ৰতিধ্বনিত হয় গুৰুজনাৰ অমিয়া সৃষ্টি, সেইগৰাকী কমলাবাৰী সত্ৰৰ বৰবায়ন প্ৰেম ওজা বৰবায়নক অৱশেষত কেন্দ্ৰীয় চৰকাৰে যাঁচিলে উচিত সন্মান ।

সংগীত নাটক অকাডেমী বঁটা প্ৰাপক প্ৰেম ওজা বৰবায়ন (ETV Bharat Assam)
  • সংগীত নাটক অকাডেমী বঁটা লাভ কৰি প্ৰেম ওজা বৰবায়নে কি ক’লে ?

এই সন্মান লাভ কৰি বৰবায়নগৰাকীয়ে কয়, ‘‘এই সন্মান কেৱল মোৰ ব্যক্তিগত প্ৰাপ্তি নহয়, এয়া সমগ্ৰ মাজুলী আৰু সত্ৰীয়া সমাজৰ উমৈহতীয়া গৌৰৱ । এই সফলতা মোৰ বৈকুণ্ঠগামী গুৰুসকলৰ লগতে পিতৃ-মাতৃৰ আৰ্শীবাদতে সাথৰ্ক হৈছে ৷’’

তেওঁ আৰু কয়, ‘‘আমাৰ গুৰুজনাৰ অমূল্য সম্পদখিনি ভালদৰে সকলোৱে সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিব লাগে ৷ বৰ্তমান আধুনিকতাৰ যুগত গুৰুজনাই দি থৈ যোৱা সম্পদখিনি কিছু কিছু ক্ষেত্ৰত বিকৃত হ’বলৈ ধৰিছে ৷ সেয়া নকৰি আমাক গুৰুজনাই যেনেদৰে সকলো বস্তু দি থৈ গৈছে, তাক তেনেদৰেই চৰ্চা কৰা উচিত, ইয়াক আধুনিক পৰশ দিয়াৰ কোনো প্ৰয়োজন নাই ৷’’

  • প্ৰেম ওজা বৰবায়নৰ জীৱন

তেওঁ কয়, ‘‘১৯৬২ চনতে মই এই সত্ৰলৈ আহিছিলো ৷ তেতিয়া মোৰ বয়স আছিল ৬ বছৰ ৷ মই মোৰ বৰদেউতাৰ তত্বাৱধানতে ইয়ালৈ আহিছিলো ৷ এল.পি, স্কুল পাছ কৰাৰ পাছত মই পঢ়িবলৈ বিচাৰিছিলোঁ ৷ কিন্তু বৰদেউতাই পঢ়িবলৈ নিদিলে ৷ তাৰ বিপৰীতে তেওঁ ক’লে - তই পঢ়া-শুনা কৰিব নালাগে ৷ এই সত্ৰতে থাক আৰু সত্ৰীয়া সংস্কৃতি অধ্যয়ন কৰ ৷ তেনেদৰেই মই আগবাঢ়ি গ’লো ৷ বৰদেউতাৰ কথামতেই আজি মই এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷’’

‘‘এতিয়া মোৰ বয়স প্ৰায় ৭০ বছৰ ৷ এই বয়সতো সত্ৰ পৰিচালনাৰ গুৰু দায়িত্ব পালন কৰি আহিছো ৷ এতিয়া এই বঁটা লাভ কৰি আন এক দায়িত্ব কান্ধত লৈছো ৷ যিমান পাৰো গুৰুজনাৰ সকলো কাম কৰি যাম ৷’’ প্ৰেম ওজা বৰবায়নে কয় ৷

  • নৱপ্ৰজন্মৰ বাবে এক বাৰ্তা

উঠি অহা প্ৰজন্মক উদ্দেশ্যি তেওঁ কয়, ‘‘আজিৰ ল’ৰা-ছোৱালীয়ে সত্ৰীয়া সংস্কৃতিৰ প্ৰতি বেছি আগ্ৰহী নহয় ৷ তেওঁলোকে যিমান সময় ফোনত ব্যস্ত থাকে, সেই সময়খিনি যদি সত্ৰীয়া সংস্কৃতি চৰ্চা বা প্ৰসাৰৰ কামত লাগে তেতিয়া নিজৰ লগতে সমাজো উন্নতি হ’ব ৷’’

  • ২০২৪ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা

উল্লেখ্য যে, বুধবাৰে ২০২৪-২৫ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা ঘোষণা কৰা হয় ৷ সংগীত নাটক অকাডেমীয়ে পৰিৱেশন কলাৰ ক্ষেত্ৰৰ সাতগৰাকী বিশিষ্ট ব্যক্তিক একাডেমী ফেল’শ্বিপ (অকাডেমী ৰত্ন) হিচাপে নিৰ্বাচিত কৰে ৷ লগতে ২০২৪-২৫ বৰ্ষৰ সংগীত, নৃত্য আৰু অন্যান্য পৰিৱেশন কলাৰ ক্ষেত্ৰৰ ১০৮ গৰাকী শিল্পীলৈ বঁটা ঘোষণা কৰে ।

সংগীত, নৃত্য, নাটক, পুতলা নাচকে ধৰি সাংস্কৃতিক ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱাৰ বাবে অসমৰ কেবাগৰাকীও শিল্পীয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰেম ওজা বৰবায়নৰ উপৰিও এই বঁটা লাভ কৰা শিল্পীসকল হ’ল, ক্ৰমে -

  1. বিপুল চন্দ্ৰ দাস (২০২৫ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা)
  2. চেতনা দাস (২০২৫ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা)
  3. মল্লিকা কন্দলী (২০২৫ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা)
  4. ভাস্কৰজ্যোতি ওজা (২০২৫ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা)
  5. মিনাক্ষী মেধি (২০২৪ বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ)
  6. হীৰকজ্যোতি শৰ্মা (২০২৫ বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ)
  7. নিৰঞ্জন শইকীয়া বৰবায়ন (২০২৫ বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ)
  8. দেৱজিৎ শইকীয়া (২০২৫ বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ)
  9. বিদ্যুৎ কুমাৰ নাথ (২০২৫ বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ)
  10. দিলীপ হীৰা (২০২৪ বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ)
লগতে পঢ়ক : অসমৰ পাঁচগৰাকী শিল্পীলৈ সংগীত নাটক অকাডেমী বঁটা, ৬ গৰাকী শিল্পীলৈ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ