ভূমি ৰক্ষা আন্দোলনৰ সক্ৰিয় নেতা প্ৰণৱ দলেক গ্রেপ্তাৰ
গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ ভূমি ৰক্ষা আন্দোলনৰ সক্ৰিয় নেতা প্ৰণৱ দলেক ৷ তেওঁৰ গ্রেপ্তাৰ অগণতান্ত্রিক আৰু স্বৈৰাচাৰী আখ্যা দল সংগঠনৰ ৷

Published : July 12, 2026 at 8:03 PM IST
গুৱাহাটী: অসমৰ ভূমি অধিকাৰ কৰ্মী তথা যুৱ নেতা প্রণৱ দলেক গ্রেপ্তাৰ ৷ গুৱাহাটী মহানগৰীৰ সুন্দৰপুৰৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে প্রণৱ দলেক । কাজিৰঙাৰ হাতীখুলিৰ ইংলে পথাৰত ব্যক্তিগত খণ্ডৰ পঞ্চতাৰকা হোটেল নিৰ্মাণ প্ৰকল্পৰ তীব্ৰ বিৰোধিতা কৰি আহিছিল যুৱ নেতাগৰাকীয়ে ৷ এই প্ৰকল্পই কাজিৰঙাৰ জৈৱ-বৈচিত্ৰ্য আৰু খিলঞ্জীয়া লোকসকলৰ জীৱিকা বিপন্ন কৰিব বুলি তেওঁ অভিযোগ কৰিছিল । যাৰ বাবে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে বুলি অভিযোগ উঠিছে ৷
আনহাতে, ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি আৰু বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ আহ্বায়ক তথা ভূমি আন্দোলনৰ সক্ৰিয় নেতা প্ৰণৱ দলেক অসম আৰক্ষীয়ে অন্যায়ভাবে গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে ।
এক প্ৰেছ বিজ্ঞপ্তিযোগে যৌথ সংগ্রাম সমিতিৰ উপদেষ্টা শান্তনু বৰঠাকুৰ আৰু আহ্বায়ক গোবিন্দ ৰাভা, কৃষ্ণ গগৈ আৰু সুব্রত তালুকদাৰে কয়, ‘‘অসমৰ খাটিখোৱা মানুহৰ মাটি ৰক্ষাৰ আন্দোলনক নেতৃত্ব দিয়া কাৰণে অসম আৰক্ষীয়ে প্ৰণৱ দলেৰ ওপৰত জপিয়াই পৰিছে । মাত্ৰ কিছুদিন আগতে জনজাতীয় থলুৱা খাটিখোৱা মানুহৰ মাটি ৰক্ষাৰ কাৰণে সংগ্রাম কৰি অহা বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ উপদেষ্টা তথা অসমৰ ভূমি আন্দোলনৰ অন্যতম সক্ৰিয় নেতা আদিত চন্দ্র ৰাভাক গ্ৰেপ্তাৰ কৰা হৈছিল । আৰু ঠিক একেই ধৰণে ষড়যন্ত্রমূলকভাৱে আজি প্ৰণৱ দলেক গ্ৰেপ্তাৰ কৰা হৈছে ।’’
সমিতিখনে লগতে কয়, ‘‘তেওঁৰ একমাত্ৰ অপৰাধ যে কাজিৰঙাৰ ৪৫টা আদিবাসী পৰিয়ালৰ মাটি ৰক্ষাৰ কাৰণে তেওঁ যুঁজত নামিছিল আৰু বৃহৎ কৰ্প'ৰেটগোষ্ঠীৰ বিৰুদ্ধে আন্দোলন কৰিছিল । মুঠতে অসমত এতিয়া বৃহৎ কোম্পানীৰ ৰাজত্ব চলিছে আৰু ইয়াৰ সম্পূর্ণ পৃষ্ঠপোষকতা কৰিছে অসম চৰকাৰে । কৰ্প'ৰেট গোষ্ঠীৰ এই চৰম আগ্ৰাসনৰ ফলত অসমীয়া জাতি ধ্বংস হোৱাটো নিশ্চিত । অসমৰ মানুহৰ মাটি ৰক্ষাৰ এই যুদ্ধখনত প্ৰণৱ দলেৰ দৰে নেতাই জনসাধাৰণৰ লগত থাকি সন্মুখৰ পৰা নেতৃত্ব দি আহিছে আৰু সেইবাবেই তেওঁৰ ওপৰত এনে আক্রোশমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । চৰকাৰৰ এনে দমনমূলক কাৰ্যক আমি ধিক্কাৰ দিছো আৰু প্ৰণৱ দলেক অতি শীঘ্ৰে মুক্তি দিবলৈ দাবী উত্থাপন কৰিছো । লগতে জনসাধাৰণৰ অধিকাৰ ৰক্ষাৰ আন্দোলন আৰু গণতান্ত্ৰিক প্ৰতিবাদী কণ্ঠৰ ওপৰত চলোৱা এনেধৰণৰ অন্যায়-দমন- উৎপীড়ন অনতিবিলম্বে বন্ধ কৰিবলৈ অসম চৰকাৰক দাবী জনাইছো ।’’
লগতে পঢ়ক: ৰাজ্যজুৰি প্ৰায় ৪৭২.৫১ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী বিনষ্ট, মুখ্যমন্ত্ৰীও নামিল অভিযানত

