
দীপাৱলীত আলোকিত হ'ব আপোনাৰ পদূলি, ঘূৰিছে কুমাৰৰ চকৰি...
ৰং-বিৰঙী লাইট আৰু চাকিয়ে বজাৰ দখল কৰা পাছতো নিজৰ সংস্কৃতি আৰু পৰম্পৰা জীয়াই ৰাখিছে কুমাৰসকলে । দীপান্বিতাৰ পূৰ্বে বৃদ্ধি পাইছে কুমাৰসকলৰ ব্যস্ততা ।

Published : October 15, 2025 at 2:54 PM IST
ডিব্ৰুগড়: কাতি বিহু আৰু দীপাৱলীলৈ মাজত মাথোঁ দুটামান দিন বাকী । ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ । দুটা দিনৰ পাছতে অসমৰ ৰাইজে উদযাপন কৰিব কাতি বিহু আৰু দীপাৱলী । কাতি বিহুৰ দিনটোত নিজৰ হেঁপাহৰ পথাৰখন আৰু দীপাৱলীৰ দিনা আপোনাৰ ঘৰৰ চৌপাশ আলোকেৰে উজলাই তুলিবলৈ দিন-ৰাতি একাকাৰ কৰিছে কুমাৰসকলে । আপোনাৰ-মোৰ ঘৰ আৰু পদুলিমুখ আলোকোজ্জ্বল কৰি জিলিকাই তুলিবলৈ কুমাৰ সকলে সাজি উলিয়াইছে সৰু-বৰ বিভিন্ন আকৃতিৰ মাটিৰ চাকি ।
পূৰ্বে অসমীয়া সমাজ জীৱনত মাটি চাকিৰ পৰা আৰম্ভ কৰি বিভিন্ন ঘৰুৱা সামগ্ৰী কুমাৰসকলে নিৰ্মাণ কৰিছিল । কাৰণ মাটিৰ পাত্ৰৰ ব্যৱহাৰ সৰ্বাধিক আছিল । কিন্তু আধুনিক সমাজ ব্যৱস্থাৰ প্ৰভাৱত অসমৰ শ শ বছৰ পুৰণি মৃৎশিল্পক জীয়াই ৰাখিবলৈ কুমাৰসকলৰ সন্মুখত এতিয়া বৃহৎ প্ৰত্যাহ্বান আহি পৰিছে । ৰং-বিৰঙী লাইট আৰু চাকিৰ পয়োভৰে বিপদ মাতিছে ক্ষুদ্ৰ মৃৎ শিল্পীসকলৰ । তথাপিও কাতি বিহু আৰু দীপান্বিতাৰ পূৰ্বে বৃদ্ধি পাইছে কুমাৰসকলৰ ব্যস্ততা । অসমৰ পৌৰাণিক এই মৃৎশিল্পক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে তেওঁলোকে ।
মৰাণত এটা পৰিয়ালে পৰম্পৰাগতভাৱে ধৰি ৰাখিছে এই বৃত্তি:
বজাৰত চীনা ৰং-বিৰঙী লাইট আৰু চাকি উভয়নদী হৈ পৰা লগে লগে থলুৱা মৃৎশিল্পী তথা কুমাৰসকলৰ ব্যৱসায়ত বিৰূপ প্ৰভাৱ পেলাইছে যদিও নিজৰ সংস্কৃতি ধৰি ৰাখিছে মৃৎশিল্পীসকলে । মৰাণত এটা পৰিয়ালে পৰম্পৰাগতভাৱে ধৰি ৰাইজে এই বৃত্তি । ডিব্ৰুগড় জিলাৰ মৰাণৰ দিহাজান লাওখোৱাত এই পৰিয়ালটোৱে পৰম্পৰাগতভাৱে এই বৃত্তি ধৰি ৰখাৰ লগতে স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰিছে । পৰিয়ালটোৰ তিনি সহোদৰে একেলগে এইবাৰ কাতি বিহু আৰু দেৱালীৰ বাবে নিৰ্মাণ কৰিছে ২ লাখ মাটিৰ চাকি ।

তিনি সহোদৰ ক্ৰমে জয় প্ৰকাশ কুমাৰ, বিজু কুমাৰ আৰু বিজয় প্ৰকাশ কুমাৰ তিনিজনেই স্নাতক ডিগ্ৰীধাৰী যুৱক । তিনিওজনেই দিনে নিশাই ব্যস্ত হৈ পৰিছে মাটিৰ চাকি বনোৱাত । পৈত্ৰিক কৰ্ম হিচাপে মৃৎশিল্পকে জীৱিকাৰ পথ বাচি লোৱা যুৱককেইজনে বিভিন্ন আৰ্হিৰ মাটিৰ চাকিৰ লগতে কলহ, টেকেলি, ধূনা চাকিকে ধৰি মাটিৰ দ্বাৰা বহু সামগ্ৰী প্ৰস্তুত কৰি নিজক স্বাৱলম্বী কৰাৰ লগতে অসমীয়া জাতিৰ এই পৰম্পৰা জীয়াই ৰখাৰ প্ৰয়াস কৰিছে ।
আজোককাকৰ দিনৰ পৰাই এই পৰম্পৰা ধৰি ৰাখিছে:
অসমৰ সমাজ জীৱনৰ অতি গুৰুত্বপূৰ্ণ এই মৃৎশিল্পক জীয়াই ৰখাৰ চেষ্টা কৰা মৰাণৰ দিহাজান লাওখোৱাৰ এই কুমাৰ পৰিয়ালটোৰ জ্যেষ্ঠ পুত্ৰ জয় প্ৰকাশ কুমাৰে কয়,"আমি আজোককাৰ দিনৰ পৰা মৃৎশিল্পৰ কাম কৰি আছোঁ । ককাদেউতাৰ পৰা দেউতাই শিকিছিলোঁ আৰু এতিয়া দেউতাৰ পৰা আমি শিকি এই কাম কৰি আছোঁ । আমি বংশগতভাৱে এই কুমাৰ পৰম্পৰা জীয়াই ৰাখিছোঁ । আমি সৰুৰে পৰা দেখি দেখি শিকিছোঁ । পৰিয়ালৰ সকলো সদস্য এতিয়া এই কামত জড়িত কাৰণ কামটো অতি কষ্টকৰ । সকলো জড়িত হ'ব নোৱাৰিলে কামটো হৈ নুঠে ।"

কেনেকৈ নিৰ্মাণ কৰা হয় মাটিৰ চাকি আৰু আন পাত্ৰসমূহ:
কুমাৰ তথা মৃৎশিল্পী প্ৰকাশ কুমাৰে কয়,"বহু কেইজন মানুহৰ কষ্টৰ বিনিময়তহে হৈ উঠে এই মাটিৰ চাকি আৰু আন পাত্ৰসমূহ । আজিকালি উপযুক্ত মাটি পোৱাত সমস্যা হয় । পুখুৰীৰ তলত থকা লিকতীয়া মাটিৰ ব্যৱস্থা কৰা হয় । উপযুক্ত মাটি নহ'লে পাত্ৰসমূহ বনাবলৈ যাওঁতে ভাগি যায় । মাটি অনাৰ পাছত বালিৰ লগত মিলাই শুকাবলৈ দিয়া হয় । তাৰ পাছত ভাটিত দি পকোৱা হয় তাৰ পাছতহে চাকি বা আন পাত্ৰসমূহ বনোৱা হয় ।

স্থানীয়ভাৱে বজাৰ দখল কৰি স্বাৱলম্বী:
কুমাৰ তথা মৃৎ শিল্পী প্ৰকাশ কুমাৰৰ পৰিয়ালৰ প্ৰতিজন সদস্য এই বৃত্তিৰ লগত জড়িত হৈ আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে । তেওঁ কয়," আমাৰ পৰিয়াল বছৰটোৰ বাৰ মাহেই এই কামতে জড়িত হৈ থাকোঁ । মৰাণৰ লগতে শিৱসাগৰৰ পৰা দোকানীসকলে পাইকাৰী হিচাপত মাটিৰ চাকি আৰু আন সামগ্ৰী লৈ যায় । শিৱসাগৰৰ শিৱদৌলৰ কাষৰ বজাৰলৈ চাকি দিয়া হয় । লগতে বহু লোকে ঘৰৰ পৰাই ক্ৰয় কৰি লৈ যায় মাটিৰ সামগ্ৰীসমূহ । মাটিৰ সকলো সামগ্ৰী আমি নিৰ্মাণ কৰিব পাৰোঁ ।"

কাতি বিহু আৰু দেৱালীৰ বাবে তিনি সহোদৰে নিৰ্মাণ কৰিছে ২ লাখ মাটিৰ চাকি:
এইবাৰ কাতি বিহু আৰু দেৱালীৰ বাবে তিনি সহোদৰেক্ৰমে জয় প্ৰকাশ কুমাৰ, বিজু কুমাৰ আৰু বিজয় প্ৰকাশ কুমাৰে নিৰ্মাণ কৰিছে ২ লাখ মাটিৰ চাকি । জয় প্ৰকাশ কুমাৰে কয়,"পূৰ্বৰ তুলনাত বিক্ৰী বাঢ়িছে । ৰাইজৰ আগ্ৰহ বাঢ়িছে মাটিৰ পাত্ৰৰ প্ৰতি । ৰাইজে বুজি পাইছে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিলে কেনেধৰণে স্বাস্থ্যৰ বাবে উপকাৰ হয় । সেয়ে ৰাইজক মাটিৰ চাকিৰ লগতে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় মৃৎশিল্পীগৰাকীয়ে ।

শাৰিৰীক কষ্ট লাঘব কৰি উৎপাদন বৃদ্ধি কৰিবলৈ যন্ত্ৰৰ ব্যৱহাৰ:
পৈতৃক কৰ্ম হিচাপে মৃৎশিল্পকে জীৱিকাৰ পথ বাচি লোৱা যুৱককেইজনে বিভিন্ন আৰ্হিৰ মাটিৰ চাকিৰ লগতে কলহ, টেকেলি, ধূনা চাকিকে ধৰি মাটিৰ দ্বাৰা বহু সামগ্ৰী প্ৰস্তুত কৰি নিজক স্বাৱলম্বী কৰিছে । শাৰিৰীক কষ্ট লাঘব কৰি উৎপাদন বৃদ্ধি কৰিবলৈ যন্ত্ৰৰ ব্যৱহাৰ কৰিছে উচ্চশিক্ষিত যুৱককেইজনে ।
পৰিয়ালটোৰ আন এজন সদস্য কয়,"বিগত চাৰি বছৰৰ পৰা চাকি নিৰ্মাণৰ বাবে মেচিন ব্যৱহাৰ কৰি আহিছোঁ । ইউটিউবত চাই নিজে মেচিন নিৰ্মাণ কৰি লৈছোঁ । মেচিন ব্যৱহাৰ কৰাৰ পাছত আমাৰ কাম ভাল হৈছে । আগতে আমি হাতত এদিনত এক হাজাৰ চাকি নিৰ্মাণ কৰিছিলোঁ আৰু এতিয়া ২৫ শ চাকি এদিনত নিৰ্মাণ কৰিব পাৰিছোঁ ।

কাতি বিহু আৰু দেৱালীত সকলোকে থলুৱাভাৱে নিৰ্মাণ কৰা সামগ্ৰী ব্যৱহাৰৰ বাবে আহ্বান:
ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ বিজেপি নেতা ৰঞ্জিত বৰুৱাই কাতি বিহু আৰু দেৱালীৰ বাবে মাটিৰ চাকি ক্ৰয় কৰিবলৈ মৰাণৰ দিহাজান লাওখোৱাৰ এই পৰিয়ালটোৰ গৃহত উপস্থিত হোৱাত তেওঁ কয়,"কাতি বিহু আৰু দেৱালীৰ বাবে চাকি ক্ৰয় কৰিবলৈ আহিছিলোঁ । এই পৰিয়ালটোৱে বছৰ বছৰ ধৰি অতি কষ্টৰে এই পৰম্পৰাটো ধৰি ৰাখিছে ।"

তেওঁ পুনৰ কয়,"সকলোকে মাটিৰ চাকি ক্ৰয় কৰি কাতি বিহু আৰু দেৱালী পালন কৰিবলৈ আহ্বান জনাইছোঁ । কষ্টকৰ বুলি এই কাম বহু লোকে এৰি দিছে । কিন্তু এই পৰিয়ালটোৱে এই পৰম্পৰা ধৰি ৰাখিবলৈ চেষ্টা কৰিছে তাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ । লগতে কাতি বিহু আৰু দেৱালীত সকলোকে থলুৱাভাৱে নিৰ্মাণ কৰা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছোঁ ।"

