ETV Bharat / state

এইবাৰ আলুখেতিত ছিণ্ডিকেট ! অসমৰ সৰ্ববৃহৎ আলু উৎপাদনকাৰী শদিয়াৰ কৃষকৰ হাহাকাৰ

বজাৰৰ সলনি শদিয়াৰ ৰাজপথত ভৰি পৰিছে আলু ৷ উচিত মূল্য লাভ নকৰাত ৰাজপথত সিঁচি দিবলগীয়া পৰিস্থিতি খেতিয়কৰ ।

Sadiya potato farmers protest
অসমৰ সৰ্ববৃহৎ আলু উৎপাদনকাৰী শদিয়াৰ কৃষকৰ হাহাকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 5, 2026 at 7:32 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া : শদিয়াত আলু খেতিয়কৰ বিলৈ ৷ পানীত হাঁহ নচৰা অৱস্থা খেতিয়কৰ ৷ প্ৰতিকিলো আলুৰ দাম ৭ টকালৈ অৱনমিত হৈছে শদিয়াত । ইয়াৰ বিপৰীতে তেওঁলোকে আলুৰ বীজ প্ৰতিকিলো ৬০ টকাত কিনি আনি এতিয়া লোকচানৰ সন্মুখীন হবলগীয়া অৱস্থা হৈছে । এনে পৰিস্থিতিত এতিয়া খেতিয়কসকল ৰাজপথলৈ ওলাই আহিবলগীয়া অৱস্থা হৈছে ।

খেতিয়কৰ অভিযোগ- বহিঃৰাজ্যৰ পৰা অহা নিম্নমানৰ আলুৰে ভৰি পৰিছে অসমৰ বজাৰ ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত বঞ্চিত হৈছে স্থানীয় খেতিয়কসকল ৷ তেওঁলোকে জানিবলৈ দিছে যে আলুখেতিত নিজকে নিয়োজিত কৰা সকলো স্থানীয় উদ্যমী যুৱকৰ ওপৰত বৰ্তমান ঋণৰ বোজা ৷ ঋণৰ বোজা লৈ খেতি আৰম্ভ কৰা যুৱকৰ জীৱন এতিয়া অনিশ্চিত ভৱিষ্যতৰ দিশে । সেয়ে চৰকাৰক উচিত মূল্য নিৰ্ধাৰণৰ দাবী ।

অসমৰ সৰ্ববৃহৎ আলু উৎপাদনকাৰী শদিয়াৰ কৃষকৰ হাহাকাৰ (ETV Bharat Assam)

যদি চৰকাৰে উচিত মূল্য নিৰ্ধাৰণ কৰাত ব্যৰ্থ হয় তেন্তে এইসকল যুৱকে কৰ্মৰ সন্ধানত পুনৰ বহিঃৰাজ্যলৈ গমন কৰিবলগীয়া অৱস্থা হোৱাৰ উপক্ৰম হ'ব বুলি উল্লেখ কৰে ৷ অন্যহাতে, এই আলুখেতিৰ লগত জড়িত পৰিয়ালবোৰ এক অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিছে ।

এই সন্দৰ্ভত প্ৰতিবাদী কৃষকে কয়, "বীজ যেতিয়া আমি ৰোপণ কৰোঁ, আমাৰ ইয়াত যিসকল পুঁজিপতি আছে তেওঁলোকে ইয়াত এটা ছিণ্ডিকেট চলাই আছে । যিটো পোখৰাজ নামৰ কঠীয়া আমি জলন্ধৰৰ পৰা আনি লগাওঁ সেইটো ইয়াত প্ৰতি বেগত প্ৰায় ১২০০-১২৫০ টকা পৰে আহি । কিন্তু ইয়াত এচামে কি কৰে খেতিয়কসকলক দুমাহৰ বাকী দি এটা বেগত ৰেট লগায় ২৫০০-৩০০০ টকা । মানে এক লাখ টকা পুঁজি লগাই এক লাখ টকা মুনাফা পায় দুমাহৰ কাৰণে । আকৌ যাক খেতি কৰিবলৈ দিয়ে সিহঁতৰ পৰাই আলু ক্ৰয় কৰে বজাৰতকৈ ৩ টকা কম দৰত । ছিণ্ডিকেট চলোৱাকেইজনক চিনাক্ত কৰিব লাগে, চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে । নহ'লে আমাৰ কৃষকসকলৰ আজি পানীত হাঁহ নচৰা অৱস্থা হৈছে । বিশেষকৈ বীজ ৰোপণ কৰাৰ পৰাই আমাৰ ইয়াত শদিয়াত ছিণ্ডিকেট চলি আছে ।"

উল্লেখ্য যে শদিয়াৰ বিস্তীৰ্ণ নৈপৰীয়া চাপৰি অঞ্চলত বহু হেক্টৰ মাটিত আলু উৎপাদন কৰি বহিঃৰাজ্যলৈ ৰপ্তানি কৰা হয় আৰু চলিত বৰ্ষত কৃষকসকলে কম মূল্যৰ বাবে প্ৰায় ৩০ শতাংশ আলুহে বজাৰলৈ মুকলি কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ বিপৰীতে ৭০ শতাংশ আলু উচিত মূল্যৰ অভাৱত কৃষিভূমিতে আবদ্ধ হৈ আছে ।

কিয়নো আলুসমূহ খান্দিবলৈ যাওঁতে প্ৰতিবেগত ৫০ টকাকৈ খৰচ কৰি অধিক লোকচানৰ সম্মুখীন হোৱাৰ সম্ভাৱনা থাকে । খেতিয়কসকলৰ আশংকা, এনে পৰিস্থিতিৰ যদি অৱসান নহয় তেন্তে কৃষিভূমিতে প্ৰায় ৭০ শতাংশ আলু চলিত বছৰত লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । তেওঁলোকৰ চৰকাৰৰ প্ৰতি অনুৰোধ, চৰকাৰে যাতে অতি কম দিনৰ ভিতৰত খেতিয়কসকলৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰি বজাৰত এক উচিত মূল্য নিৰ্ধাৰণ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ খেতিয়কসকলৰ অনুৰোধ, খেতিয়কসকলক খেতিয়ক হৈ থাকিবলৈ দিয়ক ।

লগতে পঢ়ক :আনে কি ক’ব ! পাহিক এতিয়া আৰু টলাব নোৱাৰে এই ধাৰণাই
লগতে পঢ়ক :কলকাতাত ভূপেন হাজৰিকা বিষয়ক নাটকৰ বাবে ‘গন্ধৰ্ব’ক আমন্ত্ৰণ