আফ্ৰিকান ছোৱাইন ফিভাৰ ! গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা প্ৰশাসনৰ
শদিয়া সম-জিলাত ধৰা পৰিছে আফ্ৰিকান ছোৱাইন ফিভাৰ ৷ ফলত জিলা প্ৰশাসনে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা ৷

Published : May 28, 2026 at 1:39 PM IST
তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ শদিয়া সম-জিলাৰ কাকপথাৰৰ উত্তৰ ৰংপুৰীয়া গাঁৱত আফ্ৰিকান ছোৱাইন ফিভাৰ (ASF) ধৰা পৰিছে ৷ আফ্ৰিকান ছোৱাইন ফিভাৰ ধৰা পৰাৰ পাছতে জিলা প্ৰশাসনে তৎকালীনভাৱে এই ৰোগবিধ নিয়ন্ত্ৰণ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।
ইতিমধ্যে জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ সুমিত ছাত্তাৱানে এই সন্দৰ্ভত দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫-ৰ অধীনত এক আদেশ জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে । সেই নিষেধাজ্ঞা অনুসৰি, শদিয়া সম-জিলাৰ উত্তৰ ৰংপুৰীয়া গাঁৱক আফ্ৰিকান ছোৱাইন ফিভাৰৰ কেন্দ্ৰস্থল হিচাপে বিবেচনা কৰি অঞ্চলটোৰ ১ কিঃমিঃ ব্যাসাৰ্ধৰ সংক্ৰমিত ঠাই আৰু ১০ কিঃমিঃ ব্যাসাৰ্ধ পৰ্যন্ত অঞ্চলক নিৰীক্ষণ এলেকা হিচাপে ঘোষণা কৰা হৈছে ।

ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনা অনুসৰি অহা ২৭, ২৮ আৰু ২৯ মে' তাৰিখে সংক্ৰমিত অঞ্চলৰ গাহৰি মাৰি পেলোৱা হ'ব । এই প্ৰক্ৰিয়া পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়াৰ উপস্থিতিত সম্পন্ন কৰা হ'ব আৰু সম্পূৰ্ণ তথ্য সংৰক্ষণ কৰা হ'ব । এই নিষেধাজ্ঞা ৩০ দিনৰ বাবে প্ৰযোজ্য হ’ব আৰু উক্ত সময়ছোৱাত শদিয়া সম-জিলাৰ সকলো গাহৰিৰ মাংসৰ দোকান বন্ধ থাকিব ।
উক্ত চৰকাৰী নিষেধাজ্ঞা অনুসৰি, শদিয়াৰ পৰা অন্য জিলা তথা অৰুণাচল প্ৰদেশলৈ গাহৰি প্ৰেৰণত সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে । আনহাতে দোকান বা বজাৰত গাহৰিৰ মাংসৰ বিক্ৰীও নিষিদ্ধ কৰা হৈছে ।
উল্লেখযোগ্য যে, এই ৰোগবিধ মানুহৰ গালৈ সহজে নিবিয়পে, কিন্তু গাহৰিৰ বাবে ই অতি সংক্ৰামক আৰু মাৰাত্মক । সেয়ে ৰাইজক আতংকিত নহ'বলৈ আৰু এই ৰোগবিধ প্ৰতিৰোধৰ বাবে প্ৰশাসনক সহায়-সহযোগিতা আগবঢ়াবলৈ চৰকাৰে সকলোকে আহ্বান জনাইছে ।
আনহাতে, নিৰ্দেশনাত উল্লেখ কৰা মতে, কোনো ব্যক্তিয়ে এই আদেশ উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ২২৩ৰ অধীনত আইনী ব্যৱস্থা লোৱা হ'ব । ইয়াৰোপৰি ৰাইজে এই ক্ষেত্ৰত শুপালন বিভাগৰ হেল্পলাইন নম্বৰ ১৯৬২ আৰু জিলা নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ ০৩৭৪-২৩৩১০০০ ত যোগাযোগ কৰিব পাৰিব বুলিও উল্লেখ কৰা আছে ৷

