ETV Bharat / state

নিৰ্বাচনেই আহিল, পথৰ গাঁতত নপৰিল এচপৰাও মাটি, পকী পথ অলীক সপোন

আকৌ দিবলৈ হ'ল ভোট, কিন্তু আজিও নিৰ্মাণ নহ'ল পথ । আজিও পকী নহ'ল পথ । জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে ৰাইজক, বিধায়কে নুবুজে ৰাইজৰ দুৰ্দশা ।

Poor road condition in Kowang people demand construction of the local road
জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে ৰাইজক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 7, 2026 at 2:38 PM IST

4 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: উন্নয়ন আৰু পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰৰ দিনত পকী পথ নেদিখিলে ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ গ্ৰাম্য অঞ্চলৰ ৰাইজে । ফলত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে ৰাইজৰ মাজত দেখা গৈছে ক্ষোভ অসন্তুষ্টি । বিশেষকৈ খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে একেৰাহে দুবাৰ বিধায়ক হৈ সমষ্টিটোৰ গ্ৰাম্য উন্নয়ন বিশেষভাৱে আগবঢ়াই নিবলৈ সক্ষম নহ'ল ।

ফলত খোৱাঙত পথৰ দুৰাৱস্থাই জীয়াতু ভোগাইছে ৰাইজক । খোৱাং সমষ্টিৰ অন্তৰ্গত ৰাংচালি নেপালী গাঁৱত পথৰ দুৰাৱস্থাত অতীষ্ঠ হৈ পৰিছে ৰাইজ । গাঁওখনৰ মূল পথটোকে ধৰি চাৰিটাকৈ পথ ইমানেই তথৈবচ হৈ পৰিছে যে গাড়ী-মটৰ দূৰৰ কথা খোজ কাঢ়ি যাবলৈও ৰাইজে চিন্তা কৰিব লগা হয় । বাৰিষা একাঁঠু বোকা হয় আৰু খৰালি মূল পথটোত ঠায়ে ঠায়ে সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ ।

জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে ৰাইজক (ETV Bharat Assam)

ফলত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গাঁওবাসীয়ে যাতায়ত কৰাত যমৰ যাতনা ভোগ কৰিব লগা হৈছে । স্থানীয় খোৱাং সমষ্টিৰ বিধায়কগৰাকীক ৰাইজে বাৰম্বাৰ আবেদন-নিবেদন কৰি আহিছে যদিও বিধায়কগৰাকীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ৰাইজে ।

ৰাইজৰ ক্ষোভ, কেৱল নিৰ্বাচনৰ সময়তহে জনপ্ৰতিনিধি আহে ৰাইজৰ কাষলৈ । নিৰ্বাচনৰ পিছত সকলো পাহৰি যায় । আজি ক্ষোভিত ৰাইজে খোৱাঙৰ ৰাংচালিত পথ মেৰামতিৰ দাবীত ওলাই আহি পথটো শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী তুলিছে ।

Poor road condition in Kowang people demand construction of the local road
বছৰৰ পাছত বছৰ ধৰি এনেদৰেই আছে এই পথ (ETV Bharat Assam)

পথটো নিৰ্মাণৰ বাবে পঞ্চায়ত কৰ্তৃপক্ষ আৰু বিধায়কক আবেদন:

পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনতো খোৱাং সমষ্টিৰ অন্তৰ্গত ৰাংচালি নেপালী গাঁৱত এটাও পথ উন্নত নোহোৱাত অঞ্চলটোৰ এইজন স্থানীয় ব্যক্তিয়ে কয়, "এইটো ৰাংচালি নেপালী গাঁৱৰ মূল পথ হয় । এই পথেদি চাৰিখন গাঁৱৰ ৰাইজে যাতায়ত কৰে । পথটো নিৰ্মাণৰ বাবে পঞ্চায়ত কৰ্তৃপক্ষ আৰু বিধায়কক আবেদন কৰিছিলো যদিও পথ নিৰ্মাণৰ বাবে কোনো ধৰণৰ গুৰুত্ব আৰোপ আজিলৈকে নকৰিলে । ইয়াত এটা মন্দিৰ আছে মন্দিৰলৈ বহু দূৰৰ পৰা ৰাইজ আহে ।"

Poor road condition in Kowang people demand construction of the local road
পকী পথ যেন অলীক সপোন (ETV Bharat Assam)

লোকজনে পুনৰ কয়, "পথৰ দুৰৱস্থাৰ বাবে তেওঁলোকৰ কষ্ট দেখি আমাৰ বেয়া লাগে । বাৰিষা জোতা-চেণ্ডেল খুলি হাতত লৈ আহিব লাগে‌ । বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীৰ অহা যোৱাত যথেষ্ট কষ্ট হয় । চৰকাৰক আহ্বান জনাইছোঁ পথটো নিৰ্মাণ কৰিবলৈ । আচলতে লাজ পাইছো,‌ আমি বিজেপি দলৰ মানুহৰ হৈ নিজৰ গাঁৱৰ উন্নয়ন কৰিব পৰা নাই । নিজকে দুৰ্ভাগ্যৱান বুলি ভাবিছো ।"

Poor road condition in Kowang people demand construction of the local road
পথৰ দুৰাৱস্থাই জীয়াতু ভোগাইছে ৰাইজক (ETV Bharat Assam)

পথৰ নাম শুনিলে আধা ৰাস্তা আহিব নিবিচাৰে 108 :

অঞ্চলটোৰ পথৰ দুৰৱস্থাক লৈ এগৰাকী মহিলাই কয়, "এই পথটো খৰালিৰ দিনতেই এই অৱস্থা বাৰিষা কি হ'ব সকলোৱেই বুজি পাইছে । ল'ৰা-ছোৱালী অহা-যোৱাত বহুত অসুবিধা হয় । চৰকাৰে কিয় ইয়াৰ ৰাস্তা বনোৱা নাই সেই কথা আমি গম পোৱা নাই । ৰাংচালি নেপালী গাঁৱৰ মূল পথ নিৰ্মাণ কৰিব পাৰিলে সকলো ৰাইজৰ সুবিধা হ'লহেঁতেন । ৰোগীক চিকিৎসালয়লৈ নিবলৈ আমাৰ বহু সমস্যা হয় । গাড়ী পথত সোমাব নোৱাৰে । 108 এম্বুলেন্স এই পথৰ নাম শুনিলে আধা ৰাস্তাৰ পৰাই আহিব নিবিচাৰে ।"

আমাক স্থানীয় বিধায়কে চকু মেলি চোৱা নাই :

পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰৰ দিনত পথ নিৰ্মাণ নোহোৱাত অঞ্চলটোৰ আন এগৰাকী মহিলাই কয়, "আমাক অতি সোনকালে বনাই দিব লাগে চৰকাৰ ওচৰত দাবী জনাইছোঁ । ৰোগীক চিকিৎসালয়লৈ নিবলৈ আমাৰ সমস্যা হয় । পথ বেয়া বাবে এম্বুলেন্স নাহে । সেয়ে এইবাৰ নিৰ্বাচনত ৰাইজৰ হৈ কাম কৰা প্ৰাৰ্থী বিচাৰিম । চৰকাৰে বিভিন্ন সুবিধা দিছে কিন্তু আমাক স্থানীয় বিধায়কে চকু মেলি চোৱা নাই ।"

লগতে পঢ়ক: বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত হ’ল বুঢ়াচাপৰি, পুনৰ প্ৰাণ পাব সংৰক্ষিত বনাঞ্চলখনে

অখিল গগৈৰ লগত বিজেপিৰ বুথৰ এজন সভাপতিয়েও কথা নাপাতে: দিলীপ শইকীয়া