ETV Bharat / state

সাৱধান ! পথ নিৰ্মাণকাৰী সংস্থাই পাতিছে মৰণফান্দ

জোনাইত ৰাষ্ট্ৰীয় ঘাইপথত যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা । পথ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে গৰজি উঠিছে স্থানীয় ৰাইজ ।

Jonai road collapse
৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁত (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 24, 2026 at 3:07 PM IST

2 Min Read
Choose ETV Bharat

জোনাই : ধেমাজি জিলাৰ জোনাইত চাৰিলেনযুক্ত পথ নিৰ্মাণত ভয়ংকৰ গাফিলতিৰ অভিযোগ উঠিছে । পথ নিৰ্মাণকাৰী সংস্থা কলোৱাল কোম্পানীয়ে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে । ৰাইজে অভিযোগ কৰা মতে অকাজানৰ পৰা জোনাই সীমান্তৰ অৰুণাচলৰ অয়ানলৈকে প্ৰায় ৮০ কিলোমিটাৰ নিৰ্মাণ হৈ থকা চাৰিলেনযুক্ত পথৰ বিভিন্ন স্থানত অতি নিম্নমানৰ কাম হৈছে । যাৰ বাবে বহু স্থানত পথবোৰ খহি গৈছে । বৃহৎ বৃহৎ ফাট মেলিছে ।

তেনে সময়তে মঙলবাৰে সন্ধিয়া জোনাইৰ লাইমেকুৰী তাকগিটুং গাঁৱত নৱনির্মিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ ৰোডত সৃষ্টি হৈছে এটা প্ৰকাণ্ড গাঁতৰ । য'ত যিকোনো মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে । ৰাইজে অভিযোগ কৰা মতে লাইমেকুৰী টাকগিটুঙৰ ছাৰ্ভিচ ৰোডত নলা নিৰ্মাণৰ সময়ত গাফিলতি হৈছিল । যাৰ ফলত নলাৰ তলেদি সামান্য বৰষুণৰ পানীয়ে খহাই নিয়াৰ ফলত পথটোত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে । স্থানীয় ৰাইজে পথ নিৰ্মাণকাৰী সংস্থা কালোৱালা কোম্পানীক ২০২৫ চনৰ এপ্ৰিল মাহতে এই সন্দৰ্ভত অভিযোগ দিছিল । কিন্তু কোম্পানীটোৰ তৰফৰ পৰা কোনো গুৰুত্ব দিয়া নহ'ল । যাৰ ফলত আজি মৰণফান্দত পৰিণত হৈছে জোনাইৰ নৱনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথটো ।

সাৱধান ! পথ নিৰ্মাণকাৰী সংস্থাই পাতিছে মৰণফান্দ (ETV Bharat)

এই সন্দৰ্ভত এজন স্থানীয় লোকে কয়, "এইটো বহুত চিন্তনীয় বিষয় । ২০২৫ চনৰ এপ্ৰিল মাহতে আমি কালোৱাল কোম্পানীৰ অভিযোগ দিছিলোঁ । তেওঁলোকে ইমান গাফিলতিৰে কাম কৰি আছে । কেৱল এয়াই নহয় নলাবোৰো অতি নিম্নমানৰ হৈছে । আমি শীঘ্ৰে মেৰামতি কৰিবলৈ আমি আহ্বান জনাইছোঁ ।"

Jonai road collapse
৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁত (ETV Bharat)

পথ নিৰ্মাণকাৰী সংস্থাটোৰ বিৰুদ্ধে পূৰ্বেও বহু গাফিলতি কৰা অভিযোগ আছে । জোনাইৰ বিজয়পুৰত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ ৰোডৰ দুয়োফালে পথছোৱা সম্পূৰ্ণ নহওঁতেই বিভিন্ন স্থানত ফাট মেলাৰ লগতে খহি যোৱাৰ দৰে বিসংগতি স্পষ্টভাৱে দেখা পোৱা গৈছিল । জোনাইৰ চন্দ্ৰপুৰৰ পৰা লেকু গাঁৱলৈ নিৰ্মাণৰত চাৰিলেনযুক্ত পথৰ অন্তৰ্গত কুলি তিনিআলিৰ অংশও নিৰ্মাণৰত অৱস্থাতে ব্লেক টেপিং এৰাৰ লগতে বিভিন্ন স্থানত ফাট মেলিছিল । নিৰ্মাণকাৰী সংস্থাটোৱে সংঘটিত কৰা ইটোৰ পিছত সিটো বিসংগতি দেখি এতিয়া স্থানীয় ৰাইজো আতংকিত হৈ পৰিছে । স্থানীয় লোকসকলে নিৰ্মাণকাৰী সংস্থাৰ বিষয়াসকলক বিসংগতি হোৱা স্থানবোৰ পুনৰ পৰিদৰ্শন কৰি শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক :

ভূমিস্খলনত বিধ্বস্ত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, অসম-অৰুণাচলৰ সংযোগ বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা