কিতাপ-বহীৰ সলনি হাতত কোৰ-বস্তা লৈ ব্যস্ত ছাত্ৰ-ছাত্ৰী; কিন্তু কিয় ?
বিদ্যালয়ৰ সলনি ৰাজপথত এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী । বিশেষভাৱে সক্ষম ছাত্ৰয়ো চৰকাৰলৈ বাট নাচাই লাগিল হাতে-কামে ।

Published : December 29, 2025 at 9:04 PM IST
তিনিচুকীয়া : শাসকীয় চৰকাৰখনে গাঁৱে-ভূঞে প্ৰতিটো বাট-পথ নিৰ্মাণ কৰাৰ শ্লোগান দিয়াৰ সময়তে পোহৰলৈ আহিছে তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ এটা পথৰ দুৰৱস্থাৰ দৃশ্য । শদিয়া বিধানসভা সমষ্টিৰ টিপুক ৯নং গুটিবাৰী লাইনৰ এটি পথৰ দুৰৱস্থাৰ বাবে এতিয়া ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যোৱাৰ সলনি হাতত কোৰ লৈ ৰাস্তা মেৰামতি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।
শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত খোবাং গাঁও পঞ্চায়তৰ এলেকাধীন ৯নং ৱাৰ্ডৰ ৯নং লাইনৰ উক্ত পথৰ দুৰৱস্থা দেখিলে আপোনাৰো চকু কপালত উঠিব ৷ শদিয়া বিধানসভা সমষ্টিৰ ১৯৯২ চনতে স্থাপিত খোবাং গাঁও পঞ্চায়ত স্থাপন হোৱাৰ পৰাই আজি পৰ্যন্ত ৯নং ৱাৰ্ডৰ মূল পথটি নিৰ্মাণ নহ’ল । কংগ্ৰেছ আহিল গ’ল আৰু এতিয়া বিজেপি চৰকাৰ অহাৰ প্ৰায় ১০ বছৰে পাৰ হ'ল, কিন্তু পথৰ দুৰৱস্থা একেই থাকিল ৷
অতদিনে সেই পথেৰেই অহা-যোৱা কৰি আহিছে পথাচাৰীৰ লগতে বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকল ৷ কিন্তু সোমবাৰে ৯নং লাইনৰ ছাত্ৰ-ছাত্ৰীসকলে একত্ৰিত হৈ বিদ্যালয়লৈ নগৈ ৰাস্তা মেৰামতিৰ কাম কৰিবলৈ হাতত স্কুল বেগৰ সলনি কোৰ-বস্তা লয় ৷ আনহাতে, বিশেষভাৱে সক্ষম ছাত্ৰয়ো ব্যস্ত ৰাস্তা মেৰামতি কৰাত ৷
শাসকীয় বিজেপি চৰকাৰৰ 'সবকা সাথ সবকা বিকাশ'ৰ শ্লোগান যেন ইয়াত ধোঁৱাচাঙত ৷ ইফালে কাণসাৰ নাই শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰ লগতে ৱাৰ্ড সদস্যৰ ৷ এজাক বৰষুণ দিলেই বোকাময় পথটিৰে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ যাবলগীয়া হয় । বিগত দিনসমূহত বাৰিষাৰ বোকাত ভৰি পিছল খাই পৰি আধা বাটৰে পৰা ঘৰলৈ উভতি যোৱাৰ দৰে পৰিস্থিতিৰো সৃষ্টি হৈছে ।
এই সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলে কয়, “পথটো নিৰ্মাণৰ কাৰণে বাৰম্বাৰ জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি অহাৰ পাছতো মেৰামতি কৰা নাই । প্ৰথমে নৱেম্বৰ মাহত নিৰ্মাণ কৰি দিম বুলি কৈছিল, এতিয়া ডিচেম্বৰ মাহ পাৰ হ’ল । এতিয়াও পথটো নিৰ্মাণ কৰা নাই বাবে আমি নিজেই নিৰ্মাণ কৰিছোঁ । পথটোৰে ই-ৰিক্সা এখনো নাযায় আমি যাবলৈ ।”

