বেলেগ সপোন দেখুৱাব নালাগে, ৰাস্তাটো বনাই দিয়ক : বগীবিলৰ ৰাইজৰ ক্ষোভ
খোৱাঙৰ বিধায়ক চক্ৰধৰ গগৈয়ে প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈ নেপালী গাঁৱৰ মূল পথটো নিৰ্মাণ নহ'ল । নিৰ্বাচনৰ পূৰ্বে পথ নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী ৰাইজৰ ।

Published : February 28, 2026 at 4:06 PM IST
ডিব্ৰুগড় : অসমক ভাৰতৰ ৫ খন উন্নত ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হ'ব বুলি অসম চৰকাৰে প্ৰতিশ্ৰুতি দিছে । সেই অনুসৰি ইখনৰ পিছত সিখন আঁচনিও ৰূপায়ণ কৰিছে চৰকাৰে । তেনে সময়তে ৰাজ্যৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ৰ খোৱাং সমষ্টিত পথৰ দুৰৱস্থাই ৰাইজক জীয়াতু ভোগাইছে ।
খোৱাং সমষ্টিৰ অন্তৰ্গত বগীবিলৰ চাউলখোৱা নেপালী গাঁৱত পথৰ দুৰৱস্থাত অতিষ্ঠ হৈ পৰিছে ৰাইজ । গাঁওখনৰ মূল পথটো ইমানেই তথৈবচ হৈ পৰিছে যে গাড়ী-মটৰ দূৰৰ কথা খোজকাঢ়ি যাবলৈও ৰাইজে চিন্তা কৰিবলগা হয় । বাৰিষা মূল পথটো বোকাময় হৈ পৰে যাৰ বাবে ৰাইজে প্ৰায় ৩-৪ কিলোমিটাৰ দূৰৰ বিকল্প পথেৰে যাতায়ত কৰিব লগা হয় ।
বাৰিষা গাঁওখনৰ মূল পথটো পানীত ডুব গৈ থাকে । ফলত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গাঁওবাসীয়ে যাতায়ত কৰাত যমৰ যাতনা ভোগ কৰিব লগা হয় । খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈক ৰাইজে বাৰম্বাৰ আবেদন-নিবেদন কৰি আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে ৰাইজে । ক্ষোভিত ৰাইজে সেয়ে দলে-বলে ওলাই আহি পথটো শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী জনাইছে ।

ৰাইজে একেমুখে কৈছে, "আমাক বেলেগ সপোন দেখুৱাব নালাগে । আমি দুখীয়া মানুহ কাম কৰি খাম কিন্তু আমাক ৰাস্তাটো বনাই দিয়ক ।" ডিব্ৰুগড় জিলাখনৰ ভিতৰত পৰ্যটন ক্ষেত্ৰ হিচাপে পৰিচিত বগীবিল । প্ৰতিদিনে পৰ্যটকে গিজগিজাই থকা বগীবিলত আজিও পথ নিৰ্মাণ নোহোৱা বিষয়টোৱে উন্নয়নৰ বাস্তৱ ছবি উদঙাই দিলে ।

প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ বিধায়ক :
বিধানসভা নিৰ্বাচন সমাগত । তেনে সময়তে বিগত ১০ বছৰে বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰে কৰা উন্নয়নৰ খতিয়ান দিবলৈ সাজু হৈছে ৰাইজ । পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো পথ নিৰ্মাণ নোহোৱাত অঞ্চলটোৰ এজন জ্যেষ্ঠ লোকে কয়, "এইটো আমাৰ বহুত পুৰণি পথ । পথটো নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব দিয়া নাই । বিধায়ক চক্ৰধৰ গগৈৰ লগত বহুবাৰ আলোচনা হ'ল । তেওঁ পথ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিও নিৰ্মাণ নকৰিলে । এই পথেদি ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰাত বহু অসুবিধাত পৰিছে । বহুবাৰ পথ নিৰ্মাণৰ বাবে বিধায়কে প্ৰতিশ্ৰুতি দিয়াৰ পাছটো কিয় পথটো নিৰ্মাণ নহ'ল সেয়া ৰাইজে গম পোৱা নাই ।"

পথ নিৰ্মাণ নোহোৱাত বিধায়কৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি অঞ্চলটোৰ এগৰাকী বিজেপি কৰ্মীয়ে কয়, "আমাৰ ৰাস্তাটো আজিও হোৱা নাই । আমি বিজেপিৰ মানুহ । আমি ভোট দি জিকাইছো । এতিয়া ছাৰে আমাৰ ৰাস্তাটো বনাই দিব লাগে । ভিতৰৰ পথসমূহ নিৰ্মাণ হোৱা নাই । আমি বহু বাৰ বিধায়কক কৈছোঁ তেওঁ কেৱল হ'ব হ'ব বুলি কয় । ইয়াত বিদ্যালয় আছে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল বহুত কষ্ট কৰি আহিব লাগে ।"

বাৰিষা কান্ধত নিব লাগে ৰোগী :
বগীবিলৰ চাউলখোৱাৰ আন এজন ব্যক্তিয়ে কয়, "আমাৰ মূল পথটো নিৰ্মাণ নহ'ল আজি পৰ্যন্ত । আমি বহুবাৰ চৰকাৰক পথটো নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছোঁ । তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে কিন্তু পথটো নিৰ্মাণ নহ'ল । ভোট দিয়ক জয়লাভ কৰিলে পথ নিৰ্মাণ হ'ব বুলি কৈছিল কিন্তু ১০ বছৰে পথ নিৰ্মাণ নহ'ল । পথ নিৰ্মাণৰ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰক । পথটো নিৰ্মাণ নকৰা বাবে বাৰিষা ৪ কিলোমিটাৰ পথ ঘূৰি ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ আহিব লাগে । বাৰিষা ৰোগীক কান্ধত নিব লগা হয় । আমি চৰকাৰক আহ্বান জনাইছোঁ আমাক বেলেগ সপোন দেখুৱাব নালাগে আমি দুখীয়া মানুহ কাম কৰি খাম কিন্তু আমাক ৰাস্তাটো বনাই দিয়ক ।"
লগতে পঢ়ক :
নিৰ্বাচনেই আহিল, পথৰ গাঁতত নপৰিল এচপৰাও মাটি, পকী পথ অলীক সপোন

